শ্ৰীমন্ত শংকৰ মিশ্যন ডিজিটেল ন'লেজ চেন্টাৰৰ আধাৰশিলা স্থাপন...
শ্ৰীমন্ত শংকৰ মিশ্যন ডিজিটেল ন'লেজ চেন্টাৰৰ আধাৰশিলা স্থাপন... 
মুখ্য-পৃষ্ঠা

শ্ৰীমন্ত শংকৰ মিশ্যন ডিজিটেল ন'লেজ চেন্টাৰৰ আধাৰশিলা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ বেবেজীয়াঃ উত্তৰ-পূৱ ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ চৌহদত নগাঁও লোকসভাৰ সমষ্টিৰ সাংসদ উন্নয়ণ পুঁজিৰে স্থাপন কৰিবলৈ স্থিৰ কৰা শ্ৰীমন্ত শংকৰ মিশ্যন ডিজিটেল ন’লেজ চেন্টাৰৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুত বৰদলৈয়ে। ১৯৫০ চনত প্রসিদ্ধ মুক্তি যোদ্ধা প্রয়াত লোকসেৱক হলধৰ ভূঞাৰ নেতৃত্বত বিশিষ্ট চিকিৎসক ডাঃ ললিত বৰুৱা, প্ৰখ্যাত মুক্তি যোদ্ধা তথা সমাজসেৱক মহী চন্দ্ৰ বৰা, ঊষা বৰঠাকুৰ, বিমলা কান্ত বৰা, অধিবক্তা চন্দ্ৰ নাথ বৰঠাকুৰ, বিজয় চন্দ্ৰ ভাগৱতী, সত্ৰাধিকাৰ গহন চন্দ্ৰ গোস্বামী, ডাঃ হংসধৰ নাথ, সাংসদ লীলাধৰ কটকী, ডাঃ হৰেন্দ্ৰ নাথ বৰঠাকুৰ, ডাঃ চিত্ৰৰঞ্জন দত্তকে প্ৰমুখ্য কৰি বিভিন্নজন প্রখ্যাত ব্যক্তিৰ প্ৰচেষ্টাত স্থাপন হৈছিল স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যন।

প্ৰতিষ্ঠা কালৰে পৰা সমাজৰ আৰ্তজনৰ সেৱাত ব্ৰত হৈ জনমানসত সুখ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা শ্ৰীমন্ত শংকৰ মিশ্যনৰ কাম-কাজক প্ৰশংসা কৰি সাংসদ গৰাকীয়ে মিশ্যনৰ চৌহদত পঞ্চাশ লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰিবলৈ লোৱা ডিজিটেল নলেজ চেন্টাৰৰ ভৱিষ্যত দৰ্শন সম্পর্কে বিস্তৃত ভাবে ব্যাখ্যা আগবঢ়ায়।

তেওঁ অসমৰ বহু সংখ্যক যুৱ-যুৱতী, ছাত্র- ছাত্রীক ডিজিটেল ন’লেজ চেন্টাৰৰ দ্বাৰা উচ্চ শিক্ষাৰে শিক্ষিত হ'বলৈ সুবিধা লাভ কৰিব বুলি উল্লেখ কৰে। শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত চেমচাং ইণ্ডিয়াৰ প্ৰাক্তন উপ-সভাপতি, অসমী কনচালটিং মেনেজিং পাৰ্টানাৰ অচিন্ত শৰ্মাই সভাত বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰি ডিজিটেল ন’লেজ চেন্টাৰ সম্পৰ্কত বিশেষ ভাবে আলোকপাত কৰে।

কোভিড মহামাৰীৰ সময়ত মানৱ সমাজৰ মাজত দেখা দিয়া বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি ডিজিটেল ব্যৱস্থাই মানুহৰ প্ৰগতিত বিশেষ অৰিহণা যোগোৱাৰ সম্পৰ্কেও উল্লেখ কৰে। শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁতধৰা আধাৰশিলা অনুষ্ঠান আৰু মুকলি সভাৰ প্ৰাক মুহূৰ্তত শিল্পী প্রণতি বৰাই ঘোষা আৰু শ্ৰীমন্ত শংকৰ মিশ্যনৰ বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে।

বিশিষ্ট অতিথি অচিন্ত শৰ্মাৰ কৰ্মৰাজি আৰু তেখেতৰ ব্যক্তিত্বৰ সম্পৰ্কত ব্যাখ্যা ডাঙি ধৰে নিউজ লাইভ চেনেলৰ প্ৰাক্তন নিউজ ৰিডাৰ প্রশান্তি বৰাই। সভাত গুৱাহাটী আই আই.টিৰ কনচালটেন্ট অয়ন ভূঞা, শ্ৰীমন্ত শংকৰ মিশ্যন ডিজিটেল ন’লেজ চেন্টাৰৰ সহযোগী এবিতা ৰদ্ৰিকচ্, শ্ৰীমন্ত শংকৰ মিশ্যনৰ উপ-সভাপতি হৰ বৰা, ডাঃ কৃষ্ণ বৰা, ৰঞ্জিত তামুলী ফুকন, সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামী, বিশিষ্ট মুক্তি যোদ্ধা যতীন হাজৰিকা, বিশিষ্ট সমাজকর্মী মুকুট ভূঞা, প্রভাত বৰা, কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰৰ্মাইল সিং, বিশিষ্ট সাংবাদিক বিৰিঞ্চি ডেকা, দেৱজিৎ হাজৰিকা, দিপেন শ‍ইকীয়া, মহলা আয়ুক্ত ৰূপালী শ‍ইকীয়া, প্ৰাক্তন মহলা আয়ুক্ত পৰাণ মহন্ত, সমাজসেবিকা মাধন শ‍ইকীয়া, ভানুৰৰ্মা বৰা প্ৰমুখ্যে অনেক গুণী-জ্ঞানী লোকে সভাত অংশ গ্ৰহণ কৰে। জাতীয় সংগীতেৰে সামৰণি মৰা সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই।