- শ্ৰীলংকাত পুনৰ জৰুৰী অৱস্থা ঘোষণা।
- বিগত ৫ টা সপ্তাহত দ্বিতীয়বাৰৰ বাবে ঘোষণা কৰা হৈছে এই জৰুৰী অৱস্থা।
- ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে ঘোষণা কৰিলে এই জৰুৰী অৱস্থা।
- শ্ৰীলংকাত অব্যাহত আছে অৰ্থনৈতিক বিপৰ্যয়।
- ধাৰাবাহিকভাৱে প্ৰতিবাদৰ সন্মুখনী হৈ আহিছে ৰাষ্ট্ৰপতি গোটাবায়া।
- শুকুৰবাৰেও ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ।
- প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত শ্ৰীলংকান আৰক্ষীয়ে প্ৰয়োগ কৰিছিল কন্দুৱা গেছ।
- ইয়াৰ পিছতে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে জৰুৰী অৱস্থা।
- শুকুৰবাৰে নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হ'ব এই জৰুৰী অৱস্থা।