বঁটা বিতৰণী সভা
বঁটা বিতৰণী সভা 
মুখ্য-পৃষ্ঠা

কপিলি শিক্ষাখণ্ডৰ দিব্যাংগ শিশুসকলৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা...

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ মৰিগাঁও জিলাৰ কপিলি শিক্ষাখণ্ডৰ অধীনৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰি থকা দিব্যাংগ শিশুসকলৰ মাজত শুকুৰবাৰে এদিনীয়া খণ্ড ভিত্তিক ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন হয়। সমগ্ৰ শিক্ষাৰ সমন্বিত শিক্ষা শাখা,মৰিগাঁৱৰ অধীনস্থ কপিলি খণ্ডৰ উদ্যোগত জালুগুটিস্থিত কপিলি খণ্ড সমল কেন্দ্ৰৰ চৌহদত আয়োজিত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাসমূহত প্ৰায় ৭৫ টি দিব্যাংগ শিশুৱে ভাগ লয়।

দিব্যাংগ শিশুসকলৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা

দিনজোৰা ক্ৰীড়া কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে দিব্যাংগ শিশু তথা তৃতীয় শ্ৰেণীৰ ছাত্ৰ পুৰুষোত্তম নাথে। ইয়াৰ পাছতে দিব্যাংগ শিশু সকলৰ মাজত ফুটবল,বেডমিন্টন,ওজন দলিওৱা আৰু ডিচকাচ থ্ৰ' আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

বঁটা বিতৰণী সভাত কপিলি খণ্ডৰ গাণনিক সৌমিত্ৰ পাল, খণ্ড এম আই এচ চন্দ্ৰ গোস্বামী,আদি উপস্থিত থাকে

ইয়াৰোপৰি দুই শতাধিক অভিভাৱক-ৰাইজৰ সমাগমত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ অন্তত আয়োজিত বঁটা বিতৰণী সভাত কপিলি খণ্ডৰ গাণনিক সৌমিত্ৰ পাল, খণ্ড এম আই এচ চন্দ্ৰ গোস্বামী, চি আৰ চি চি ক্ৰমে ৰঞ্জনজ্যোতি মহন্ত,প্ৰণৱজ্যোতি নাথ, জয়শ্ৰী শইকীয়া, পাৰ্থ দেবনাথ,সঞ্জীৱ নাথ, বি আৰ পি চন্দ্ৰমোহন প্ৰধান,সমন্বিত শিক্ষাৰ কপিলি খণ্ডৰ সমল ব্যক্তিসকল ক্ৰমে গিৰেণ বৰা,মুনিন শৰ্মা, জুন বৰা আৰু বলেন নাথ আদি উপস্থিত থাকি পুৰস্কাৰপ্ৰাপ্ত শিশুসকলক ট্ৰফী আৰু পদকৰে সন্মানিত কৰে।