মুখ্য-পৃষ্ঠা

কোৰোনাঃবিগত ২৪ ঘন্টাত ভাৰতত মৃত্যু ১৩২গৰাকী…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে কোৰোনা ভাইৰাছে। প্ৰতিটো দিনতে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে দেশত। বিগত ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ৫,৬০৯গৰাকী। ইফালে এই সময়খিনিত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৩২গৰাকী লোক। উল্লেখ্য যে, দেশত কোৰোনাত আক্ৰান্ত সৰ্বমুঠ লোকৰ সংখ্যা হৈছে ১,১২,৩৩৫।