মুখ্য-পৃষ্ঠা

ছেনছেক্স-ডলাৰৰ সঘন উঠা-নমা… হঠাৎ আপুনি হেৰুৱাব পাৰে চাকৰি!

asomiyapratidin

♦ ডি জে ধনন্তৰি

ছেনছেক্স-ডলাৰৰ সঘন উঠা-নমা। ডলাৰৰ বিপৰীতে হোৰা-হোৰে হ্ৰাস পাইছে টকাৰ মূল্য। ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান ব্যক্তিগতকৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে চৰকাৰ। তাতে আকৌ প্ৰযুক্তিয়ে দ্ৰুত গতিত সলনি কৰি পেলাইছে সমগ্ৰ বিশ্ব। আজি কিনি অানি হাতত তুলি লোৱা মোবাইলটো এদিন পিছতে হৈ পৰে আউটডেটেড। আস! কি যে জটিল সময়…।

মোবাইল ফোন অহাৰ আগৰ দিনবোৰ কেনে আছিল সেয়া মনলৈ আহেনে? আৰু ইণ্টাৰনেট? অলা-উবেৰ, ফ্লিপকাৰ্ট-এমাজন নথকা দিনবোৰ? ফেচবুক-হোৱাটছএপবিহীন বৰ্তমান সময়ৰ কথা কল্পনা কৰকচোন। ইংৰাজী-অসমীয়া অভিধানখন এতিয়াও আগৰ দৰে প্ৰয়োজন হয়নে?

শেষবাৰৰ বাবে আপুনি লাইব্ৰেৰীৰ পৰা কোনখন কিতাপ আনি পঢ়িছিল? ফটো তুলিবলৈ বুলি অন্তিমবাৰৰ বাবে তিনিআলিৰ ষ্টুডিঅ'টোত কেতিয়া ভৰি দিছিল মনত আছেনে? নিশ্চয় নাই!

আমাৰ জীৱনৰ অধিকাংশ সময়েই এতিয়া প্ৰযুক্তিৰ সৈতে ওতপ্ৰোতঃভাৱে জড়িত। কিন্তু সত্য এয়ে যে আজি আমি যিবোৰ প্ৰযুক্তিগত সামগ্ৰী ব্যৱহাৰ কৰি আছো সেইবোৰৰ অধিকাংশৰে ১৫-২০ বছৰ পূৰ্বে কোনো অস্তিত্বই নাছিল। অস্তিত্ব থকাটো বাদেই দিলো, বহুতে কল্পনাকে কৰিব পৰা নাছিল।

এতিয়া যি বিষয়ে আলোচনা কৰিবলৈ ওলাইছো সেয়াও এই মুহূৰ্তত আপোনাৰ বাবে কল্পনা যেনেই লাগিব পাৰে। কল্পনা যেন লাগিলেও ২০২৫-৩০ৰ ভিতৰত ভাৰতীয়সকলে হেৰুৱাব লাগিব ৫০ লাখৰো অধিক কৰ্মসংস্থাপনৰ সুযোগ। যিসকল ছাত্ৰ-ছাত্ৰী বৰ্তমান নৱম-দশমত অধ্যয়নৰত সেইসকলে যেতিয়া বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লৈ ওলাব তেতিয়া তেওঁলোক সন্মুখীন হ'ব আন এখন পৃথিৱীৰ।

যিবোৰ কথা বৰ্তমান তেওঁলোকক পাঠ্যপুথিত শিকোৱা হৈছে সেইবোৰৰ অধিকাংশ কথাই তেতিয়া হৈ পৰিব মূল্যহীন। ফলত এক গুৰুতৰ সমস্যাৰ সন্মুখীন হ'ব আজিৰ প্ৰজন্ম। এনে এক শংকাই ব্যক্ত কৰিছে নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ এদল গৱেষকে। গৱেষকসকলৰ মতে এনে সমস্যাই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহত।

'আমি লক্ষ্য কৰিছো যে এছিয়া আৰু আফ্ৰিকাৰ অধিকাংশ দেশতে আওপুৰণি শিক্ষা ব্যৱস্থা এতিয়াও চলি আছে। কিন্তু বাস্তৱলৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰযুক্তি আমি ভবাতকৈয়ো দ্ৰুত গতিত পৰিৱৰ্তিত হৈ আছে। প্ৰযুক্তিৰ পৰিৱৰ্তনক গুৰুত্ব নিদিলে আজিৰ যুগত পিছ পৰিবলৈ আমি বাধ্য। কিয়নো প্ৰযুক্তিয়ে সমাজ জীৱনক সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰে।'-এইদৰে কয় বিশ্ববিদ্যালয়খনৰ গৱেষক ড০ প্ৰিন্সটন এ ব্ৰিকষ্টনে।

পিছে আমি ইমান বেছি উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই। অৱশ্যে তাৰ বাবে আমি সময়ৰ সৈতে খোজ মিলাই চলিব লাগিব। তেতিয়া বৰ্তমানতকৈও অধিক উজু হৈ পৰিব ভৱিষ্যতৰ পৃথিৱী। ২০২৫চনৰ পিছত সমগ্ৰ বিশ্বতে যিধৰণৰ চাকৰি আমাৰ নতুন প্ৰজন্মই লাভ কৰিব সেয়া হ'ব এতিয়াতকৈও অধিক আকৰ্ষণীয়, মনোমোহা আৰু কৰি ভাললগা ধৰণৰ।

এটা সময় আছিল যেতিয়া চাকৰি বুলিলে আমাৰ দেশৰ অধিকাংশ লোকে কেৰাণী বুলিয়েই বুজি পাইছিল। কিন্তু আজি যদি উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক কেৰাণী বা ক্লাৰ্ক বুলি কোৱা হয় তেন্তে অধিকাংশই 'এইটো আকৌ কি' বুলি প্ৰশ্ন কৰাৰ সম্ভাৱনাই অধিক। কেৰাণীৰ পৰা গৈ এতিয়া জুনিয়ৰ এছিছটেণ্ট হ'ল, ধূলিত পোত গ'ল টাইপিং মেছিন।

বৰ্তমানৰ 'জব' বা কৰ্মসংস্থাপনৰ অধিকাংশই উদ্যোগ, নিৰ্মাণ ক্ষেত্ৰ আৰু কাৰিকৰী ক্ষেত্ৰখনৰ সৈতে জড়িত। ৰাজহুৱা খণ্ডই হওক বা ব্যক্তিগত খণ্ড বিশ্বৰ মুঠ কৰ্মসংস্থাপনৰ অধিকাংশই সৃষ্টি হয় উদ্যোগ আৰু নিৰ্মাণ ক্ষেত্ৰত। অহা ৫-১০ বছৰৰ ভিতৰত এই ক্ষেত্ৰ দুটাত কৰ্মসংস্থাপনৰ সুযোগ প্ৰায় শূন্য হৈ পৰিব। কিয়নো মানুহৰ পৰিৱৰ্তে ১০০ শতাংশই যন্ত্ৰ নিৰ্ভৰ হৈ পৰিব উদ্যোগ আৰু নিৰ্মাণ ক্ষেত্ৰ।

বহুতেই ভাবিব পাৰে যে, ভাৰতৰ দৰে দেশত এয়া অসম্ভৱ। কথাটো পিছে তেনে নহয়। আমাৰ দেশত অধিকাংশ লোকে আজিও অনিন্দ্ৰা আৰু অনাহাৰে দিন কটাই আহিলেও বৃহৎ বৃহৎ উদ্যোগসমূহৰ মালিকপক্ষই সদায় অধিক উৎপাদন আৰু লাভৰ কথাই চিন্তা কৰিব। কৰ্মচাৰী হিচাপে মানুহ নিয়োগৰ পৰিৱৰ্তে যন্ত্ৰ বা ৰবট নিয়োগৰ ফলত উৎপাদন বৃদ্ধিৰ লগতে লাভো বৃদ্ধি পাব কেবাগুণে। সেয়ে মালিকপক্ষই বিশ্বৰ উন্নতই হওক বা অনুন্নত সকলো দেশতে মানুহতকৈ প্ৰযুক্তিকে অধিক পছন্দ কৰাটোৱেই স্বাভাৱিক।

এতিয়া আহিছো সেই বিশেষ কৰ্ম সংস্থাপনসমূহৰ কথালৈ যিয়ে ২০২৫ চনৰ পিছত সমগ্ৰ বিশ্বৰ চাকৰিৰ বজাৰখন সম্পূৰ্ণৰূপে সলনি কৰি পেলাব। বিশেষজ্ঞসকলৰ মতে, অহা ৭ বছৰ পিছত চাকৰিৰ বজাৰত আধিপত্য বিস্তাৰ কৰিব জ্ঞান, সৃজনীশীলতা আৰু উদ্ভাৱনী শক্তিয়ে (নলেজ, ক্ৰিয়েশ্যন এণ্ড ইনোভেশ্যন)। এই ক্ষেত্ৰত মানুহক সহায় কৰিবলৈ আজিৰ দিনতকৈ হাজাৰগুণে অধিক সষ্টম হৈ থাকিব যন্ত্ৰ।

ভৱিষ্যতৰ কৰ্মসংস্থাপনসমূহ কেনে হ'ব সেয়া এই মুহূৰ্তত ১০০ শতাংশ সঠিককৈ ক'ব পৰা নগ'লেও ৭ টা বিশেষ স্কিল(কৌশল/দক্ষতা)ৰ যে প্ৰয়োজন হ'ব সেয়া নিশ্চিত। ভৱিষ্যতৰ চাকৰিৰ বজাৰত কি কি স্কিলৰ প্ৰয়োজন হ'ব সেয়া আপুনি আপোনাৰ সন্তানৰ মংগলৰ বাবে এতিয়াই জানি থব পাৰে।

১. মানসিক স্থিতিস্থাপকতা আৰু জটিল সমস্যা সমাধানৰ কৌশলঃ এতিয়াৰ পৃথিৱীত দেখা নোপোৱা বা অনুধাৱন কৰিব নোৱৰা অনেক সমস্যাই ভৱিষ্যতক অধিক জটিল কৰি তুলিব। এনে সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজন হ'ব অসীম ধৈৰ্য তথা মানসিক স্থিতিস্থাপক গুণৰ। যিমানেই কঠিন আৰু জটিল সমস্যা সমাধান কৰিব পৰাৰ কৌশল আয়ত্ব কৰিব সিমানেই চাকৰি লাভৰ সম্ভাৱনাও অধিক বৃদ্ধি পাব।

২. জটিল চিন্তাঃ প্ৰযুক্তিয়ে যান্ত্ৰিকভাৱে বহু সমস্যা আৰু কাম উজু কৰি তুলিলেও প্ৰযুক্তিক আৰু অধিক সহজ কৰি তুলিবৰ বাবে মানুহে জটিল চিন্তা কৰিবই লাগিব। মানুহে যিমানেই জটিল চিন্তা কৰিবলৈ সমৰ্থ হ'ব সিমানেই অধিক উন্নত হ'ব প্ৰযুক্তি। সেয়ে ভৱিষ্যতৰ চাকৰিৰ বজাৰত তিষ্ঠি থাকিবলৈ হ'লে জটিল চিন্তা শক্তিৰ অধিকাৰী হোৱাতো নিতান্তই বাঞ্চনীয়।

৩. সৃজনীশীলতাঃ ৰবটে ভৱিষ্যতৰ চাকৰিৰ বজাৰত চাকৰি নাইকিয়া কৰিব বুলি ভয় খাইছে নেকি? ভয় খোৱাৰ কোনো কাৰণ নাই যদিহে সৃজনীশীল শক্তিৰ আধিকাৰী হয়। যিমানেই সৃজনীশীল হ'ব সিমানেই হ্ৰাস পাব চাকৰি হেৰুওৱাৰ ভয়। কিয়নো ৰবটে সমস্যা সমাধানৰ ক্ষেত্ৰত যিমানেই মানুহতকৈ উন্নত নহওক কিয় সৃজনীশক্তিৰ ক্ষেত্ৰত আৰু কেবা শতিকা পৰ্যন্ত মানৱ মগজুৱেই আগত থাকিব।

৪. পৰিচালন কৌশলঃ পৰিচালন কৌশল যিমানেই উন্নত হ'ব ভৱিষ্যতৰ চাকৰিৰ বজাৰত সিমানেই দাম বাঢ়িব। ভৱিষ্যতৰ অধিকাংশ কামেই যন্ত্ৰই সম্পাদন কৰিব। সেই আটাইবোৰ কাম সুন্দৰভাৱে যিয়ে পৰিচালনা কৰিবলৈ সক্ষম হ'ব সেইজনেই আৰোহণ কৰিব উন্নতিৰ জখলাত।

৫. STEM স্কিলঃ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত এই চাৰিটা বিষয়ৰ বিশেষতকৈয়ো বিশেষ জ্ঞানেই হৈছে STEM স্কিল। বৰ্তমান এই চাৰিটা ক্ষেত্ৰত চাকৰিৰ বজাৰখন ৰমৰমীয়া। পিছে ভৱিষ্যতলৈ দিন একে নাযাব। যিমানেই প্ৰযুক্তিৰ বিকাশ ঘটিব সিমানেই মানুহে STEM স্কিল অধিক উন্নত কৰিব লাগিব। তত্বসমূহতকৈও ইয়াৰ সৈতে সৃজনীশীলতাৰ সংমিশ্ৰণ ঘটাবলৈ সমৰ্থ হ'ব লাগিব। ইয়াৰ লগতে প্ৰয়োজন হ'ব ক'ডিঙৰ বিশেষ জ্ঞানৰ। সেয়ে আপোনাৰ সন্তানক এতিয়াৰ পৰা এই বিষয়কেইটাৰ লগতে ক'ডিং শিকিবলৈ উৎসাহিত কৰক।

6. SMAC স্কিলঃ কেৱল STEM স্কিল থাকিলেই নহ'ব, লগতে প্ৰয়োজন হ'ব SMAC স্কিলৰ। স্মেক স্কিল হৈছে ছ'চিয়েল, মোবাইল, এনালাইটিকছ আৰু ক্লাউড বিষয়ক বিশেষ জ্ঞান। ডিজিটেল পৃথিৱীখনত ছ'চিয়েল মিডিয়া, মোবাইল, ডিজিটেল এনালাইটিকছ আৰু ক্লাউড অবিহনে এখোজো আগবঢ়াতো সম্ভৱ নহয়। গতিকে এই স্মেক স্কিল ভৱিষ্যতৰ চাকৰিৰ বজাৰত অপৰিহাৰ্য।

৭. আন্তঃবিষয় জ্ঞানঃ ভৱিষ্যতৰ চাকৰিৰ বজাৰত কেৱল এটা মাত্ৰ বিষয়ত জ্ঞান থাকিলেই নহ'ব। বিভিন্ন ক্ষেত্ৰৰ ক্ৰিয়েটিভ ছলিউশ্যন কৰিব পৰা দক্ষতাৰ অধিকাৰী হ'লেহে চাকৰিয়ে হাতবাউল দি মাতিব। সেয়ে ভৱিষ্যতৰ চাকৰিৰ বজাৰত তিষ্ঠি থাকিবলৈ হ'লে এতিয়াৰে পৰা ইণ্টাৰনেটৰ জৰিয়তে নতুন নতুন জ্ঞানৰ সন্ধান কৰাত গুৰুত্ব আৰোপ কৰক। অন্যাথাই কেতিয়া চাকৰিৰ পৰা খেদা খাব লাগে তাৰ কোনো ঠিকনা নাই।

হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ফিউচাৰ'লজিষ্ট বিভাগে ভৱিষ্যতৰ কেবাটাও বিশেষ চাকৰিৰ বিষয়ে উল্লেখ কৰিছে। এই চাকৰি কেইটাৰ বহুকেইটাই এই মুহূৰ্তত উদ্ভট যেন লগা ধৰণৰ। কিন্তু উদ্ভট যেন লাগিলেই নহ'ব। কিয়নো এটা সময়ত বেংকত কাম কৰি থকা এতিয়া অৱসৰ ল'বলৈ আৰু ২-৩ বছৰ থকা কোনো কৰ্মচাৰীয়ে ভবা নাছিল যে এদিন তেওঁলোকে হাতেৰে টকা হিচাপ কৰাৰ পৰিৱৰ্তে মেছিনত কৰিব লাগিব। সিমানেই নহয়, যেতিয়া কম্পিউটাৰৰ বেংকিং খণ্ডত আবিৰ্ভাৱ ঘটিছিল ভাৰতৰ বহু বেংক কৰ্মচাৰীয়ে কম্পিউটাৰ শিকাৰ ভয়ত চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ আৰম্ভ কৰিছিল ব্যৱসায়।

সেয়ে আমি হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ফিউচাৰ'লজিষ্ট বিভাগে যুগুত কৰি উলিওৱা ভৱিষ্যতৰ চাকৰি কেইটাক হাঁহিৰে উৰুৱাই দিয়াৰ পৰিৱৰ্তে গুৰুত্বসহকাৰে লৈ নিজৰ লগতে নতুন প্ৰজন্মক সেই বিষয়ে অৱগত কৰোৱা উচিত। এনে চাকৰিসমূহৰ কেইটামান হৈছেঃ মেম'ৰী ছাৰ্জন, অৰ্গেন-বডী ক্ৰিয়েটৰ, আৰ্থকুৱেক ফৰকাষ্টাৰ, ট্ৰেছ ইঞ্জিনীয়াৰ (আৱৰ্জনা অভিযন্তা), কমাৰ্চিয়েল স্পেচ পাইলট, ক্ৰিয়েটিভ আৰ্টিষ্ট আদি।

মেম'ৰী ছাৰ্জনৰ কাম হ'ব মানুহৰ মন-মগজুৰ পৰা বেয়া স্মৃতিসমূহ আতৰাই পেলোৱা। অৰ্গেন-বডী ক্ৰিয়েটৰৰ কাম হ'ব মানুহৰ বিভিন্ন অংগ নতুনকৈ সৃষ্টি কৰা আৰু সেয়া সংস্থাপন কৰা। আৱৰ্জনা অভিযন্তাৰ কাম হ'ব পৰিৱেশ ৰক্ষা কৰি আৱৰ্জনাসমূহ ধ্বংস কৰা, একেদৰে আৰ্থকুৱেক ফৰকাষ্টাৰে প্ৰদান কৰিব ভূমিকম্পৰ সঠিক আগজাননী।

মুঠৰ ওপৰত এয়া নিশ্চিত যে বৰ্তমানৰ চাকৰিৰ বজাৰৰ অধিকাংশ কাম-কাজেই ২০৩০ চনৰ ভিতৰত যন্ত্ৰ আৰু প্ৰযুক্তিয়ে সম্পন্ন কৰিব যদিও ভৱিষ্যতক লৈ উদ্বিগ্ন হোৱাৰ পৰিৱৰ্তে আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাহে উচিত। কিয়নো যিবোৰ কাম কৰিবলৈ আমাৰ মন নাযায়, তেনেই বৰিং, নকৰিলেও নহয় বাবেহে কৰি আছো সেই কামবোৰৰ অধিকাংশই তেতিয়া সম্পন্ন কৰিব ৰবটে। ইয়াৰ ফলত মানুহে নিজকে অধিক সৃষ্টিশীল আৰু সভ্যতা সলনি কৰি দিব পৰা কামত মনোনিৱেশ কৰাৰ সুযোগ লাভ কৰিব।

সি যি নহওক, ভৱিষ্যতক লৈ আমি আমাৰ চিন্তা সীমাৱদ্ধ কৰি ৰখা উচিত নহয়। সেয়ে প্ৰতিজনে এতিয়াৰে পৰা ভৱিষ্যতৰ কেৰিয়াৰক লৈ সপোন দেখাৰ লগতে প্ৰযুক্তিয়ে সলনি কৰি পেলাব পৰা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু হৈ থকা উচিত। অন্যাথাই বেংকৰ সেই কৰ্মচাৰীসকলৰ দৰেকৈ চাকৰিৰ পৰা কোন মুহূৰ্তত আমি স্বেচ্ছামূলক অৱসৰ ল'বলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাই।