মুখ্য-পৃষ্ঠা

চূড়ান্তৰূপে বিফল মোডী…

asomiyapratidin

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'হৰ ঘৰ ত্ৰিৰংগা' নামেৰে এক অভিযান আৰম্ভ কৰিছে। মোডীৰ অহ্বান মতে সকলোৱে ত্ৰিৰংগা ক্ৰয় কৰিছে, ছ'চিয়েল মিডিয়া হেণ্ডেলৰ প্ৰফাই ফটোত ত্ৰিৰংগা ব্যৱহাৰ কৰিছে। কিন্তু ইয়াৰ পৰা আঁতৰি আছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

পুনৰ এবাৰ বিফল হ'ল প্ৰধানমন্ত্ৰী মোডী। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰা মোডীয়ে মানুহৰ হৃদয়ে হৃদয়ে বসতি লোৱা দেশভক্তিক এক বৰ্ণাঢ্য আয়োজনলৈ পৰিৱৰ্তন কৰাৰ প্ৰচেষ্টাৰ মাজতেই পোহৰলৈ আহিছে মোডীৰ বিফলতাৰ আন এক প্ৰতিচ্ছবি।

স্বাধীনতৰা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰীয় পতাকাৰ বাবে থকা বহু নীতি, নিয়ম শিথিল কৰিলে। হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লৈছ। মোডীৰ আহ্বান মৰ্মেই দেশৰ জনসাধাৰণে ত্ৰিৰংগা ক্ৰয় কৰিছে। পূৰ্বে জাতীয় পতাকাৰ ক্ষেত্ৰত কেৱল খাদী কাপোৰেৰে নিৰ্মিতহে ব্যৱহাৰৰ নিয়ম আছিল যদিও এতিয়া সেই নিয়ম শিথিল কৰা হৈছে।

সাধাৰণ লোকে অতি সহজতে ক্ৰয় কৰিব পৰাকৈ ঠায়ে ঠায়ে মুকলি কৰা গৈছে ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ। কেৱল সেয়াই নহয়, সুলভ মূল্যৰ দোকানৰ জৰিয়তেও ১৮ টকা দৰত বিক্ৰী কৰা হৈছে ত্ৰিৰংগা। দেশ ভক্তিৰ প্ৰমাণ দিবলৈ সৰ্বসাধাৰণ লোকে এতিয়া ত্ৰিৰংগা ক্ৰয় কৰি ঘৰলৈ নিছে।

শেহতীয়াকৈ এক ট্ৰেণ্ড আৰম্ভ হৈছে, চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা বা চৰকাৰী নিতিক সমালোচনা কৰা সকলক দেশদ্ৰোহী হিচাপে প্ৰমাণিত কৰিবলৈ উঠি পৰি লাগে এক বিশেষ শক্তি। এই শক্তিয়ে মূল বিষয় বস্তুৰ পৰা জনসাধাৰণক আঁতৰাই সমালোচক,বিৰোধীক দেশদ্ৰোহীৰ পোচাকজোৰ ইমান পৰিকল্পিত ভাৱে পৰিধান কৰাই যে সাধাৰণ লোকেও বিশ্বাস কৰিবলৈ বাধ্য হয় তেওঁলোক সঁচাকৈয়ে দেশদ্ৰোহী।

হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী বিৰোধিতা কোনেও কৰা নাই। অৱশ্যে খাদিৰ পৰিৱৰ্তে পলিষ্টাৰেৰে ত্ৰিৰংগা নিৰ্মাণ কৰা কাৰ্যক সমালোচনা কৰিছে। আনহাচে পূৰ্বে ত্ৰিৰংগাৰ প্ৰতি মানুহৰ যি সন্মান আছিল, শ্ৰদ্ধা আছিল সেই সন্মান, শ্ৰদ্ধা হৰ ঘৰ ত্ৰিৰংগাই হ্ৰাস কৰিব বুলিও আশংকা কৰা হৈছে। তথাপিও অৱশ্যে কোনেও বিৰোধিতা কৰা নাই।

ইফালে ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে মোডীয়ে সকলোকে তেওঁলোকৰ সামাজিক মাধ্যমৰ প্ৰফাইল পিৰচাৰ সলনি কৰি ত্ৰিৰংগাৰ ফটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। এক প্ৰকাৰে দেশৰ সাধাৰণ জনতাৰ হৃদয়ৰ মণিকোঠত থকা দেশপ্ৰেমক ভাৰ্ছুৱেল দেশ প্ৰেমলৈ পৰিণত কৰাৰ এক প্ৰচেষ্টা চলাইছে।

চৰকাৰী কৰ্মচাৰীলৈ হেনো আকৌ এই সন্দৰ্ভত নিৰ্দেশো আহিছে। সকলো কৰ্মচাৰীয়ে হোৱাটছএপৰ প্ৰফাই পিকচাৰ ত্ৰিৰংগা কৰিব লাগে। সেয়াও কৰিছে। মুঠতে তদেশ প্ৰেম প্ৰমাণ কৰিবলৈ কোনেও কুণ্ঠাবোধ কৰা নাই। খাবলৈ পোৱা নাই, কথা নাই। সংস্থাপন নাই, কথা নাই। দেশপ্ৰেম প্ৰথম। চৰকাৰে যি কৈছে যেনেকৈ কৈছে সকলো কৰিছে। মুঠতে ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীন হৈ পৰিছে দেশ।

পিছে ইয়াৰ মাজতে দৃষ্টিকটূ ভাৱে মোডীৰ এই দেশপ্ৰেমৰ পৰীক্ষাত ফেইল কৰিলে মোডী নিজেই। কেনকৈ? সকলোৱে জানে, ভাৰতীয় জনতা পাৰ্টী নিয়ন্ত্ৰণ হয় নাগপুৰৰ পৰা। নাগপুৰৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সেউজ সংকেট অবিহনে বিজেপি দলৰ এখিলা পৃষ্ঠাও লৰচৰ নহয়।

যি আৰ এছ এছৰ আঙুলিৰ মূৰত উঠাবহা কৰে বিজেপি সেই আৰ এছ এছকেই বাধ্য কৰিব নোৱাৰিলে মোডীয়ে। মোডীৰ আহ্বানৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই আৰ এছ এছৰ। আৰ এছ এছ কোনো শীৰ্ষ নেতাই এতিয়ালৈকে ত্ৰিৰংগাৰ ফটো ব্যৱহাৰ কৰা নাই তেওঁলোকৰ প্ৰফাইল পিকচাৰত।

আৰ এছ এছৰ অফিচিয়েল টুইটাৰত এতিয়াও নাই ত্ৰিৰংগাৰ ফটো। একেই দৃশ্য মোহন ভগৱতৰ সামাজিক মাধ্যমৰ একাউণ্ট সমূহত। প্ৰধানমন্ত্ৰীৰ আহ্বান তেওঁ গ্ৰহণ কৰা নাই। অৱশ্যে মোডীৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই বিজেপিৰ প্ৰতিজন মন্ত্ৰী, সাংসদ, বিধায়কে তেওঁলোকৰ ফেচবুক, টুইটাৰৰ প্ৰফাইল পিকচাৰত ত্ৰিৰংগা ব্যৱহাৰ কৰিছে।

কেৱল মোহন ভগৱতেই নহয় আৰ এছ এছৰ আন কেইবাজনো শীৰ্ষ নেতাৰ সামাজিক মাধ্যমৰ একাউণ্টত ব্যৱহাৰ কৰা নাই ত্ৰিংৰগাৰ প্ৰফাইল পিকচাৰ। ৰাষ্ট্ৰীয়তাবাদ আৰু দেশপ্ৰেমৰ পাঠদান দিয়া বিজেপিয়ে কিন্তু তেওঁলোকৰ এই সকল নেতাক এতিয়াও ত্ৰিৰংগা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিব পৰা নাই। ৰাষ্ট্ৰদ্ৰোহী আখ্যাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা সাংবাদিক, সামাজিক কৰ্মী, সংগঠনৰ নেতাৰ দৰে এইসকল আৰ এছ এছ নেতাৰ বিৰুদ্ধে ল'ব পাৰিবনে ব্যৱস্থা?

আটাইতকৈ ডাঙৰ কথা প্ৰধানমন্ত্ৰী মোডী নিজেই এই আৰ এছ এছৰ প্ৰচাৰক আছিল। নেৰন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ আঁৰত আছিল এই আৰ এছ এছ। এইগৰাকী মোডীৰ আহ্বান মানিয়েই বিজেপি দলৰ নেতা কৰ্মীৰ কথা বাদেই, বিৰোধীয়েও নিজৰ ফেচবুক, টুইটাৰ হেণ্ডেলত ত্ৰিৰংগাৰ ফটো ব্যৱহাৰ কৰিছে।

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই পূৰ্বৰে পৰা ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ পৰিৱৰ্তে তেওঁলোকৰ নিজা পতাকাহে ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে ৰাষ্ট্ৰীয় পতাকাক স্বীকৃতি দিয়াৰ পৰা বিৰত আছিল। যি সময়ত দেশৰ ৰাষ্ট্ৰীয় পতাকা দেখিলেই সন্মামত সাধাৰণ লোকৰ মূল দোঁ খাই যায় সেই সময়তে আৰ এছ এছে আঙুলিৰ মূৰত লেখিব পৰাকৈ মাত্ৰ ৩ বাৰ হে ত্ৰিৰংগা উত্তোলন কৰিছিল।

১৯৩৪ চনৰ ১৫ আগষ্টত প্ৰথমবাৰৰ বাবে আৰ এছ এছে প্ৰথমবাৰৰ ইয়াৰ মুখ্য কৰ্যালয়ত উত্তোলন কৰিছিল ৰাষ্ট্ৰীয় পতাকা। ইয়াৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱস আৰু শেহতীয়াকৈ ২০০২ চনত শেষবাৰৰ বাবে ইয়াৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পৰা বিৰত থকা আৰ এছ এছে এই ৰাষ্ট্ৰীয় পতাকা উত্তলোন কৰাৰ বাবেই তিনি গৰাকী ব্যক্তিৰ বিৰুদ্ধে মোকৰ্দমা চলোৱাৰ ইতিহাস আছে। ২০০১ চনত সংঘটিত হৈছিল এই ঘটনা। আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ বাবেই ৩ জন লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰাৰ সন্দৰ্ভত আৰ এছ এছৰ সংবাদ কোষৰ মূৰব্বা সুনীল আম্বেদকাৰে কৈছে যে আজাদী কা অমৃত মহোৎসৱৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আছে। কিন্তু ইয়াৰ ওপৰত কোনো ৰাজনীতি কৰা নহ'ব। যদি সেয়াই হয় তেন্তে এতিয়া প্ৰশ্ন উত্থাপন হয়, ৰাষ্ট্ৰীয় পতাকাৰ নামত কোনোবাই কৰিছে নেকি ৰাজনীতি?

যি আৰ এছ এছৰ প্ৰচাৰক হিচাপে সুদীৰ্ঘ সময় নৰেন্দ্ৰ মোডীয়ে দেশজুৰি প্ৰচাৰ চলালে, আৰ এছ এছৰ হিন্দুত্বৰ আদৰ্শক লৈ প্ৰধানমন্ত্ৰী পৰ্যন্ত হ'ল সেই মোডীয়ে এতিয়া নাগপুৰৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয় দূৰৰে কথা সামাজিক মাধ্যমৰ একাউণ্টতে ত্ৰিৰংগা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাব নোৱাৰিলে। আজাদী কা অমৃত মহোৎসৱৰ সময়তে পুনৰবাৰ বৰ বেয়াকৈ ব্যৰ্থ হৈ গ'ল প্ৰধানমন্ত্ৰী মোডী।