মুখ্য-পৃষ্ঠা

সংঘ জানো 'ক্লাৱ ঘৰ'?

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিজস্ব নীতি-আদৰ্শ আছে। সেই নীতি-আদৰ্শ সুচাৰুৰূপে তৃণমূলৰ ভকত-বৈষ্ণৱ সকলে পালন কৰি আহিছে। কোনোবাই এককভাৱে ইয়াক নেতৃত্ব দি সকলোৰে উৰ্দ্ধত বুলি মইমতালিৰে ইয়াক পৰিচালিত কৰিব খুজিলে সমালোচনা হ'বই।

সংঘৰ ভিতৰচৰাত কি ঘটি আছে তাক লৈ আলোচনা হোৱা মানেই সংঘৰ বেয়াতো বিচৰা নহয়। ইচ্ছা গ'লেই অতি কৌশলেৰে দাম্ভিকতাৰে সংঘৰ পৰা উপযুক্তজনক বিদায় দিয়া বা আঁতৰাই ৰখা প্ৰৱণতা বোৰেই আজি এই অনুষ্ঠানটোক দুৰ্বল কৰি তুলিছে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জৰিয়তে গুৰুজনাৰ আদৰ্শ, সৃষ্টিৰাজি আৰু তেওঁৰ দৰ্শনক বিশ্বজুৰি প্ৰচাৰ কৰাত এক শক্তিয়ে বাধা দি আহিছে। সেই সকলৰ বাবে এতিয়া শংকৰ সংঘৰ সৃষ্টি হোৱা এই পৰিস্থিতি উৎফুল্লিত হোৱাৰ কাৰণ হৈ পৰিছে।

লাহে লাহে শংকৰদেৱ সংঘ কাৰোবাৰ গ্ৰাসত পৰিছে নেকি? সেই অনুমান আৰু ধাৰণা প্ৰকট হৈছে। শংকৰ সংঘৰ আয়-ব্যয় হিচাপ বৰ্তমানৰ নেতৃত্বই বিশেযকৈ প্ৰধান সম্পাদকজনে সঠিকভাৱে দিছেনে?

এজন বিশিষ্ট সাংবাদিকে কিছু বছৰৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয়ৰ বাবে ৫ টা কিস্তিত ১ লাখ টকা আদায় দিয়াৰ কথা ঘোষণা কৰিছিল। সেই অনুসৰি ২০ হাজাৰ টকা তেওঁ সংঘৰে এজন বিষয়-ববীয়াৰ হাতত আদায় দিছিল।

ধন ল'লে ঠিকেই। কিন্তু সেই ধনৰ বিনিময়ত কোনো ৰচিদ আজিলৈকে বিশিষ্ট সাংবাদিক গৰাকীয়ে নাপালে। তেওঁৰ মনত সন্দেহ ৰৈ গ'ল সেই ধন সেই বিষয় ববীয়াৰ জেপত সোমাল নে বিশ্ববিদ্যালয় খনৰ একাউন্টত সোমাল।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দায়িত্বশীল বিষয় ববীয়াজনৰ দায়িত্ব নাছিলনে? শংকৰদেৱ সংঘৰ অন্তৰ্ভূক্ত নোহোৱাকৈয়ে এটা ভাল কাম হোৱাৰ স্বাৰ্থত এনেদৰে দান আগবঢ়াইছিল। এই বিশিষ্ট সাংবাদিক গৰাকীক প্ৰাপ্তি স্বীকাৰৰ এখন ৰচিদ প্ৰদান কৰা কিয় নহ'ল ?ক'লৈ গ'ল সেই ধন?

বৰ্তমানৰ প্ৰধান সম্পাদক বাবুল বৰাৰ হয়তো কথাতো মনত পৰিছে। এই অভিযোগ মিছা নেকি? এটা জাতীয় দায়িত্ব পালন কৰিবলৈ গৈ ইমান ৰাজনীতি সংঘৰ ভিতৰত কিয় কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ কোনো নিষিদ্ধ সংগঠন নহয়। তেনে স্থলত কাৰ্যনিৰ্বাহক বা যুটীয়া বৈঠকত সকলোকে কিয় মোবাইল বন্ধ কৰাৰ নিৰ্দেশ দিয়া হয়? কি চলে সেই আলোচনাবোৰত?

লবীগিৰী আৰু একনায়ত্ববাদেৰে কিমান দিনলৈ সংঘ পৰিচালনা কৰিম বুলি ভাবিছে এই সকলে? ভকত-বৈষ্ণৱ সকল কিমান উদ্বিগ্ন আজি তেওঁলোকে অনুভৱ কৰিব নোৱাৰেনে?

ইমান উদ্ভতালি কিয়? কিয় ইমান দুবাহু দাঙি নাচিব খুজিছে। পদাধিকাৰৰ দায়িত্বত থকা সন্মানীয় ব্যক্তি জনক কি কাৰণত এনে অপমান কৰি থকা হৈছে বাৰে বাৰে।

শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াবা এনে অনুষ্ঠান পাতেনে যিবোৰৰ সৈতে সংঘৰ কোনো সম্পৰ্ক নাথাকে। কিহৰ বাবে , কাৰ স্বাৰ্থত অনুষ্ঠিত কৰিব লগা হৈছিল শাওন মাহত শুক্লা একাদশী। সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক বাবুল বৰা আৰু পদাধিকাৰ কমলাকান্ত গগৈ স্বাক্ষৰিত প্ৰচাৰ পত্ৰিকা প্ৰকাশ পোৱাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা নাছিলনে?

কমলাকান্ত গগৈয়ে সেই সময়ত সংঘৰ আন সচেতন লোক সকলক তেওঁৰ অজানিতে এই কাম কৰা হৈছে বুলি কৈছিল। পুনৰ প্ৰধান সম্পাদকৰ হেঁচাত এয়া অনুষ্ঠিত কৰিব বুলি অডিঅ' ক্লিপ যোগে ইয়াৰ সমৰ্থনত মাত মাতিছিল।

বহু প্ৰাথমিক আৰু শাখাই প্ৰশ্ন তুলিছিল সংঘৰ কেলেণ্ডাৰত এনে অনুষ্ঠানৰ কথা নাই। সংঘৰ সংবিধানতো এই কথা উল্লেখ নাই। তেনে স্থলত আৰ এছ এছক সন্তুষ্ট কৰিবলৈ এয়া কৰা হৈছে নেকি বুলি উঠা প্ৰশ্নৰ উত্তৰ এতিয়াও ৰাইজে পোৱা নাই।

এয়া কি সংবিধান দোহাই দি বিয়া খাবলৈ যোৱাতো অপৰাধ বুলি গণ্য কৰা সকলৰ দৰেই বাবুল বৰাৰ ক্ষেত্ৰত সংবিধান উলংঘ নহয় নেকি? তৰুণ শইকীয়াক সংঘৰ পৰা আঁতৰাই ৰখাৰ কাৰণ কি আছিল?

শ্ৰীমন্ত শংকৰদেৱে যি খন সমাজ আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ ৰক্ষাত গুৰুত্ব দিছিল সেইখন সমাজ এই সকলৰ দপদপনিত এতিয়া সংঘৰ মজিয়াত আছেনে? কাৰোবাক পদাধিকাৰ আসনত বহিবলৈ নিদিবলৈ পদাধিকাৰ হ'বলৈ এম এ পাছ হ'ব লাগিব বুলি কোনো নিয়ম বনালে?

সংবিধানত সেই নিয়মৰ বাবে সংশোধন হ'লনে? এতিয়া এই লবীয়ে চাৰিবছৰীয়া দায়িত্ব অন্ত পৰাৰ পাছত কোনোবা ঠাকুৰীয়াক সন্মুখত ৰাখি ক্ষমতাৰ বাঘজৰী নিজৰ হাতত ৰখাৰ ব্লু প্ৰিন্ট ৰচনা কৰিছে।

বেংকত কৰ্মৰত অৱস্থাত ধনৰ হৰন ভোগন কৰি চাকৰিৰ পৰা বৰ্খাস্ত হোৱা লোক সকল নৈতিকভাৱে কেনেকৈ সৎ বুলি মানি ল'ব পাৰি। নে শংকৰদেৱ সংঘৰ এই সকল বিষয় ববীয়াৰ আশীৰ্বাদ পৰিলে,অ'' হৰি অ' ৰাম বুলি ক'লে তেওঁলোকৰ অভিযোগ নাইকীয়া হৈ পৰে।

ৰাস পতা স্থানত দুৰ্গাপূজা পাতিলে সেই ঠাই অশুচি হয়।সেয়েহে ৰাসৰ সৈতে শংকৰ সংঘৰ মানুহ জড়িত হ'ব নোৱাৰিব বুলি অদ্ভুত নিৰ্দেশ যায়। কিন্তু কোনোবাই কপালত ৰঙা ফোঁট লৈ ৰাস অনুষ্ঠানত অংশ ল'লে তেওঁক একো কৰা নহয়।

সকলো ধৰ্মৰ প্ৰতি সহনশীলতাৰ এক পৰিৱেশ কিয় গঢ়ি তুলিব পৰা নাই। কীৰ্তনতে দুৰ্গাপূজাৰ কথা উল্লেখ আছে। কীৰ্তন ঘোষা আৰু নামঘোষা ১৯৯১ চনত প্ৰথম প্ৰকাশ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘই।

সেই গ্ৰন্থৰ ৩৬২ পৃষ্ঠাৰ অষ্টম কীৰ্তনত উল্লেখ আছে দুৰ্গাপূজাৰ কথা। এইতো ঠিক যে গুৰুজনাই কাকো দুৰ্গাপূজা কৰিব কোৱা নাছিল। শ্যামন্তক হৰণত উল্লেখ আছে এইদৰে- পাছে যদু-বংশ যতেক আছে।/কৃষ্ণ আসন্তোক মনত বাঞ্চে।।/যাৰ যেন শক্য পাৰিলা মানে।/পূজিলা দুৰ্গাক বলি-বিধানে।।/মায়াক আৰাধি সাধন্ত বৰ।/সত্বৰে আসন্তোক দামোদৰ।।/পঢ়ি স্তুতি-স্তোত্ৰ কৰে মঙ্গল।/সিটো আশীৰ্ব্বাদ ভৈল সাম্ফল।।

যুক্তিৰ খাতিৰত এতিয়া প্ৰশ্ন কৰিছো - দুৰ্গাপূজাৰ কথা উল্লেখ থাকিলে বুলি গুৰুজনাৰ এই সৃষ্টি অপবিত্ৰ হৈ পৰিব নেকি? যেনেকৈ মৰিগাঁৱত দুৰ্গপূজা পতা স্থানত ৰাস পতাৰ বাবে সংঘৰ বাপ-আই সকলক যোৱাত বাধা আৰোপ কৰা হৈছিল।

প্ৰচণ্ড ক্ষোভ আৰু মনৰ দুখত ছটফটাই আছে বহু ভকত বৈষ্ণৱ। শংকৰদেৱ সংঘক শক্তিশালী কৰাৰ স্বাৰ্থত এনে এক পদক্ষেপ ল'ব লাগে যাতে এই অপশক্তিবোৰৰ অন্ত পৰে আৰু কক্ষচ্যুত হ'ব খোজা সংঘক সবল ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আধ্যাত্মিক, সামাজিক আন্দোলনৰ প্ৰয়োজন এতিয়া। শ্ৰীমন্ত শংকৰদেৱ সংঘ কেতিয়াও 'ক্লাৱ ঘৰ' নহয়।