মুখ্য-পৃষ্ঠা

স্বাধীনতা মোৰ শৈশৱৰ সেই সুদিন ঘূৰাই দিয়ানা

asomiyapratidin

✍ প্ৰকাশ মহন্ত

১৫ আগষ্ট আহিলেই মনত পৰে দীঘল উকি মাৰি আমাৰ গাঁৱৰ পথাৰখনৰ মাজেৰে ঝকঝককৈ পাৰ হৈ যোৱা চাপৰমুখ-শিলঘাট ৰেলগাড়ীখনলৈ। ৰেলখনৰ দবাৰ ভিতৰত যিমান মানুহ, ওপৰতো সিমান। আমাৰ বয়সৰ ল'ৰা-ছোৱালীবোৰো থাকে তাত। যাবলৈ মন যায়, কিন্তু মায়ে নিদিয়ে। সেয়ে দূৰৈৰ পৰাই হেঁপাহৰ স্বাধীন ৰেলগাড়ীখন দুখেৰে চাই ৰওঁ।

সেইদিনা ৰেলগাড়ীখন স্বাধীন হয় বাবেই তাত উঠিলে পইচা দিব নালাগে। বিনা পইচাত উঠাৰ হেঁপাহত একেবোৰ ল'ৰা-ছোৱালী বান্দুলী ওলমা দি চাপৰমুখৰ পৰা শিলঘাটলৈ আকৌ শিলঘাটৰ পৰা চাপৰমুখলৈ অহা-যোৱা কৰে। সেইদিনা কৃষ্ণা, জয়শ্ৰী চিনেমা হলত চিনেমাও ফ্ৰী। মাৰ পিছে সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। আগদিনাই পিতাই ঘৰৰ আগফালৰ চোতালত পুতি থোৱা বাঁহডালত কোনখন ত্ৰিৰংগা আঁৰিব বাকচতে তাৰ বাচনি কৰে।

ডাঙৰ-সৰু সকলো আমি গোট খাওগৈ পুতি থোৱা বাঁহডালৰ ওচৰত। বাৰীৰে ফুলবোৰ গোটাই, স্বাধীনতাৰ পতাকাখন বান্ধি, মাৰ অনুৰোধ ক্ৰমে পিতাইয়ে সেইখন উত্তোলন কৰে। মাই আৰম্ভ কৰি দিয়া 'বন্দে মাতৰম', 'জন-গণ-মন অধিনায়ক জয় হে'… আমিও আওৰাও। তাৰ পিছত স্বাধীনতা সংগ্ৰামত শৈশৱতে ভাগ লোৱা মাৰ মুখত স্বাধীনতা সংগ্ৰামৰ শিহৰণকাৰী কাহিনীবোৰ ককা-দেউতাহঁতৰ দৰে মানুহবোৰৰ ত্যাগ, সংগ্ৰাম আৰু তাৰ সৈতে সংযুক্ত বিভিন্ন গীতবোৰৰ কলিবোৰো শুনো।

১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল। মোৰ জন্ম ১৯৬১ চনত। সেয়ে স্বাধীনতাই যৌৱনত ভৰি দিয়াৰ সময়ত আৰম্ভ হৈছিল মোৰ শৈশৱৰ সোণোৱালী দিন। তেতিয়ালৈকে স্বাধীনতা দিৱসৰ অনুভৱো আছিল সোণোৱালী। গাঁওবোৰৰ পথাৰবোৰ শস্যৰে নদন-বদন আছিল। বাৰিষা বুলিলেই (১৯৫০চনক বাদ দি) আজিৰ দৰে জীয়াতু ভুগোৱা বানৰ তাণ্ডৱলীলা চলা নাছিল। স্বাধীনতাৰ পতাকা কোনে তুলিব, কোনে নুতুলিব সেই লৈ নাছিল কাজিয়া, হোৱা নাছিল আলোচনা।

১৫ আগষ্ট মানেই সকলোৱে উছাহভৰা মন লৈ ঘৰৰ পৰা বাহিৰলৈ, গাঁৱৰ পৰা চহৰলৈ ওলাই আহিব পাৰিছিল। গাঁৱৰ পথাৰবোৰত উৎপাদন বৃদ্ধিৰ বাবে আজিৰ দৰে ৰসায়নিক সাৰ প্ৰয়োগ কৰা কৃষি বিভাগৰ মন্ত্ৰী-বিষয়াৰ তেতিয়া প্ৰয়োজন নাছিল। সেইবাবেই পথাৰবোৰ ধানেৰে-মাহেৰে ভৰপূৰ আছিল। তেতিয়া গাঁৱৰ পথাৰত টনে টনে উৎপাদন হোৱা ধান-মাহ, সৰিয়হবোৰ এতিয়া নাই। এতিয়া মাহৰ মূৰত কোনোবাই গুৱাহাটীৰ বজাৰত কাৎচিত কেতিয়াবা দেখে 'অসমীয়া মচুৰ মাহ, খেচাৰি দালি (ক'লা মাহ), মাটি মাহ (কালা মাহ)'। এতিয়া থলুৱা মানুহৰ পথাৰবোৰ উদং। খেতি কৰিবলৈ মানুহ নাই। খেতিয়ক পাহুৱাল ডেকাবোৰৰ বেছি ভাগ বাহিৰৰ ৰাজ্যত ছিকিউৰিটী গাৰ্ড।

কামৰূপ, গোৱালপাৰাৰ ফালে গ'লেহে কিছুদিনৰ আগলৈকে অধিকাৰ বিচাৰি জুই জ্বলি থকা ৰাভা হাছং এলেকাত শস্যৰে সেউজীয়া পথাৰ, তামোৰ-পাণ, জালুক, গছেৰে ভৰা বাৰী। বিশাল এলেকাৰ মালভোগ কল, নেমুটেঙা, অমিতাৰ সমবায় বাগান অথবা বন বিভাগেই এসময়ত কাটি তহিলং কৰা সেউজীয়া শালবাগানবোৰ দেখি খোলা মনৰ হাঁহি মৰা মানুহবোৰো তাতেই আছে। বৰষুণ পৰিলেই চিপ-জাল লৈ জাক জাক তিৰোতা মানুহ।

এইবোৰ বিশেষকৈ ৰাভা-গাৰো আদি খিলঞ্জীয়া জনগোষ্ঠীৰ। বড়ো, তিৱা, কোচ ৰাজবংশী বসতি প্ৰধান এলেকাসমূহতো পথাৰত পৰিশ্ৰম কৰা কিছু খিলঞ্জীয়া লোক আছেগৈ। বাকীবোৰ অঞ্চলৰ মানুহৰ বাবে খেতিয়ক, মাছ-মাংস বেপাৰী, খৰিকটীয়া, হাজিৰা কৰা, চুলি কটা, কাপোৰ ধোৱা, ঠেলাৱালা, ৰিক্সাৱালা মানেই তাহানিৰ 'নিঃকুলীয়া মানুহ'ৰ দৰে 'পমুৱা অথবা মুমিয়া'।

আগতে বৰষুণ দিলেই চোতালে-পথাৰে উভৈনদী হোৱা মাছবোৰ উৎপাদন বৃদ্ধিৰ চমক দিয়া জনহিতৈষী চৰকাৰৰ ৰাসায়নিক আক্ৰমণত নোহোৱা হ'ল। গাজ-খৰিছা, কচু-থোৰেৰে ৰন্ধা ক'লা মাহৰ দালিখন খাবলৈ এতিয়া বহু বছৰ বাট চাব লাগে। আমাৰ ল'ৰা-ছোৱালীয়েটো সেয়া চিনিয়েই নাপায়। আগতে ১৫ আগষ্টৰ স্বাধীনতা দিৱসেই হওঁক, ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসেই হওঁক, এনেবোৰ দিৱস আহিলেই বিহুৰ উৰুকাৰ দৰে উমৈহতীয়া বৰঙণিৰ পইচা লৈ খাহী মাৰি ভোজ খোৱাৰ উখল-মাখল পৰিবেশ।

পিছে 'বজৰং'ৰ মিলিটাৰী অহাৰ পিছৰ পৰা পথাৰত উৰুকাৰ ভেলাঘৰবোৰ ল'ৰাহঁতক আইহঁতে বনাবলৈ নিদিয়া হ'ল। জানোচা মিলিটাৰীয়ে তাৰ পৰা উঠাই নি ক'ৰবাত এনকাউণ্টৰ দেখুৱাই মাৰি পেলাই থয়! আগেয়ে স্বাধীনতাৰ ৰাজহুৱা পতাকা উত্তোলনথলীলৈ যাবলৈ উথপথপ লগোৱা ল'ৰা-ছোৱালীবোৰৰ শংকা- জানোচা তাত পতাকা তোলোতেই ধেমাজিৰ পথাৰত বোমা ফুটাৰ দৰে প্ৰাণটো হেৰুৱাব লগাত পৰে।

এতিয়া ১৫ আগষ্ট আহিলেই শংকা, দিধা, সংকীনতাই চেপি ধৰা মানুহৰ মনত ইয়াক লৈ কোনো উছাহ নাই। সেয়ে যি চাই টিভিৰ পৰ্দাতে ঘৰত বহি লালকিল্লাৰ পতাকা উত্তোলন আৰু পেৰেডৰ দৃশ্য চাই চাই আগদিনাই কিনি আনি থোৱা মাছ-মাংসেৰে ঘৰতে আনন্দহীন এসাজ ভাত খাই কৰ্মহীন দিন এটাৰ আনন্দ উপভোগ কৰে সকলো। এয়াই এতিয়াৰ স্বাধীনতা। সেয়া গম পাই কেইদিন মান আগৰ পৰা মহানগৰ, নগৰ-চহৰত আৰক্ষীয়ে যান-বাহনত চলোৱা ব্যাপক তালাচী আৰু জলফাই ৰঙৰ সেউজীয়া পোছাকধাৰী নিৰাপত্তাবাহিনীৰ তহলৰ জৰিয়তেহে। আমাৰ বা চুবুৰীয়া ৰাজ্যত বিদ্ৰোহীৰ শংকা, ক'ৰবাত চীন-ভাৰত অথবা পাকিস্তানৰ সৈতে যুদ্ধৰ শংকাত সষ্টম সেনা বাহিনীৰ সামৰিক কুচকাৱাজ আৰু বোমা-বাৰুদৰ সৰবৰাহৰ মাজেৰেই পাৰ হৈ যায় বাঘা সীমান্তৰ স্বাধীনতা দিৱসৰ কুচকাৱাজ। সেয়াও আমি টিভিৰ পৰ্দাত চাওঁ।

দীপাৱলীত চীনৰ পৰা আমদানিকৃত ৰঙীণ লাইট কিনিবলৈ ৰাইজক মানা কৰা দিল্লীৰ চৰকাৰে ২০০০ টকীয়া নোটখন চীনতে ছপোৱাৰ খবৰো যিদৰে আমি বাতৰি কাকত বা টিভিৰ পৰ্দাত চাওঁ, সেইদৰেই আমাৰ প্ৰধানমন্ত্ৰীৰ বেইজিং ভ্ৰমণ, দুই ৰাষ্ট্ৰ মুৰব্বীৰ সাবটা-সাবতি অথবা কাশ্মীৰত পাক সেনাৰ হাতত নিৰন্তৰ ভাৰতীয় সেনা নিহত হোৱাৰ শোকাৱহ খবৰ পঢ়ি দেশৰ বাবে তেওঁ ছহিদ হ'ল বুলি পৰিয়ালক সান্তনা দিয়াৰ চেষ্টা কৰো।

ছয়গাঁৱৰ ভাস্কৰ কলিতাক সৎকাৰ কৰোতে যিদৰে আকাশলৈ বন্দুক ফুটাই আৰক্ষীয়ে ৰাষ্ট্ৰীয় সন্মান দিওতে পৰিয়ালৰ বুকু গৌৰৱত উফন্দি উঠে, কিন্তু স্বামীহাৰা পত্নীৰ বুকু চিৰাচিৰ হয়, একেদৰেই কাৰ্গিলত পাকিস্তানী সেনাৰ হাতত প্ৰাণ দিয়া কেপ্টেইন জিণ্টু গগৈৰ মৃতদেহ খুমটাইলৈ বিশেষ বিমানেৰে কঢ়িয়াই আনি সেনা মুৰব্বীসহ বিশাল জোৱানৰ বাহিনীয়ে অন্তেষ্টিক্ৰিয়াৰ সময়ত ৰাষ্ট্ৰীয় সন্মান গৰজি উঠা বন্দুকৰ শব্দত আমি দেশৰ শক্তি, আমাৰ শক্তিক লৈ গৌৰৱবোধ কৰো। ইয়াৰ মাজতেই ৰাষ্ট্ৰনেতাৰ কুটনীতিত হেৰাই যায় আমাৰ স্বাভিমান, আমাৰ স্ব-নিৰ্ভৰশীলতা, জাতীয় অৰ্থনীতি আৰু জনকল্যাণৰ ৰাজনীতি।

এটা কথা মোৰ আজিও মনত পৰিলে বুকুখন ধৰফৰাই উঠে। যেতিয়া দশম শ্ৰেণীৰ ছাত্ৰ আছিলো, সেইবাৰ মোৰ দ্বিতীয়গৰাকী বাইদেউৰ বিয়া হৈছিল। বিয়াৰ প্ৰাৰম্ভিক পুঁজিৰ বাবে আমি বিক্ৰী কৰিছিলো ২০ কুইণ্টল ক'লা মাহ আৰু ৫০ কুইণ্টল ধান। যিখিনি ক'লা মাহ সজালধৰা ধাননিত কাতি মাহত সিঁচি দিওতেই আপোনা-আপুনি হৈছিল। মই মৰণা মাৰিছিলো আৰু মাই জাৰি-ফুকি চাফা কৰিছিল। ঘৰৰ পিছফালৰ সেই বিশাল পথাৰখনত এতিয়া ধানৰ সলনি আছে বিহলঙনী।

সেই সঁচা স্বাধীনতাৰ দিনবোৰৰ দৰে হোৱা হ'লে আগষ্টৰ সজাল ধৰিবলৈ লোৱা পথাৰবোৰত জোৰ কাটিবলৈ (মাছ কাটিবলৈ) যোৱা মানুহবোৰৰ মেন্থেল লাইট আৰু আকোৱা দাৰ চিকমিকনিত দূৰৈৰ ৰাস্তাৰ পৰাই সকলোৱে পথাৰে পথাৰে দেখিলেহেতেন। আজিৰ স্বাধীনতাত আমি ব্যস্ত থাকিবলগীয়া হয় অন্ধ্ৰ, কাণপুৰ আদিৰ পৰা অহা বিশাল বিশাল মাছৰ মৃতদেহত দিয়া ফৰ্মেলিন আছে নে নাই সেয়া পৰীক্ষা কৰাৰ ৰাজনৈতিক ভেকোভাওনাত।

এৰা, ৭২ বছৰৰ ১৫ বছৰো সম্ভৱ দেশৰ ৰাইজে স্বাধীনতাৰ আৱেগত পাৰ কৰিবলৈ নাপালে। দৰাচলতে স্বাধীনতাৰ নামত এচাম দুষ্টলোকলৈ কেনেকৈ ক্ষমতা হস্তান্তৰ হ'ল আৰু সেই মানুহবোৰ বগা বঙালতকৈও কিমান ভয়ংকৰ সেয়া স্বাধীনতাৰ নিঃপ্ৰাণ জকাটোৱে আজি বাৰে বাৰে সোঁৱৰাই দিয়ে। ১৫ আগষ্ট আহে আৰু যায়, কিন্তু স্বাধীনতালৈ বাট চাই থাকে কোটি কোটি লোকে।

লালকিল্লা বা খানাপাৰাত, ধেমাজি মহাবিদ্যালয় খেলপথাৰত ডাঙৰ মানুহবিলাকে পতাকা তোলাৰ দৃশ্য অথবা লালকিল্লাৰ পেৰেডত বিশাল বিশাল কামাণ্ড-বিমানবোৰৰ দৃশ্য টিভিত চাই চাই এইবোৰ মানুহে দেশৰ শক্তি কিমান সেয়া নাচায়। স্বাধীনতাতকৈ দেশখন কিমান দুৰ্বল হ'ল তাৰ যেন তুলনা কৰাৰহে চেষ্টা কৰে। সেয়ে কওঁ- ১৫ আগষ্ট, মোৰ শৈশৱৰ সেই স্বাধীনতা ঘূৰাই দিব পাৰিবানে?