মুখ্য-পৃষ্ঠা

হেৰাই যোৱা নাই মানুহ…

asomiyapratidin
✍ভুৱন শইকীয়া

মানুহৰ মাজত হেৰাই গৈছে মানুহ। কাৰো কথা ভাবিবলৈ কাৰোৰে আজৰি নাই আজি। নিজকলৈ সকলো এতিয়া ব্যস্ত। তাৰ মাজতো আছে কিছু ব্যতিক্ৰমী লোক। যিসকলে নীৰৱে সমাজ আৰু দহৰ হকে কাম কৰি যায়। নিবিচাৰে ইয়াৰ কোনো প্ৰচাৰ। আন এচাম ব্যক্তি আছে যিসকলে প্ৰচাৰৰ বাবে মানৱতাৰ খাতিৰত বহু কাম কৰা বুলি প্ৰচাৰ চলাবলৈ এনে কিছু কাম কৰি দেখুৱায়। দুই শ্ৰেণীৰ লোকৰ মাজত আছে বহু পাৰ্থক্য।

এফালে সঁচা মানৱতা, আনফালে মানৱতাক ঢাল হিচাপে লৈ আত্মপ্ৰচাৰৰ বাবে কৌশলপূৰ্ণভাৱে এনে কাম কৰে। সাম্প্ৰতিক সময়ত দ্বিতীয় শ্ৰেণীৰ লোকৰ সংখ্যাই বেছি। কাম কম, প্ৰচাৰ বেছি বা ধনৰ জোৰত এনে এক ভাৱমূৰ্তি তৈয়াৰ কৰিব খোজে যে সমাজখনৰ প্ৰতি তেওঁলোক সদায় দায়ৱদ্ধ।

এইসকলৰ বিপৰীতে এগৰাকী পৃথক মহিলাই সম্পূৰ্ণ নীৰৱভাৱে যিসময়ত কোনো লোকৰ কাষত থিয় হ'ব লাগে, তেনেসময়ত সেই লোকসকলৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়ায়। কিছুদিনৰ পূৰ্বে তেখেতে নিজৰ পৰিচয় নিদিয়াকৈ গহপুৰৰ হাৱাজান নপমুৱাৰ দুগৰাকী দিব্যাংগ ছাত্ৰীৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিছে। ২৫জুন, ২০১৮ত 'অসমীয়া প্ৰতিদিন' কাকতত প্ৰকাশ পাইছিল এই খবৰ।

হাতত পেং লৈ উষা দাস আৰু জীনা দাস নামৰ ছাত্ৰীদুগৰাকীয়ে ৩ কিঃমিঃ বাট অহা-যোৱা কৰি হাৱাজান  উচ্চতৰ মাধ্যমিক বিদ্যালত পঢ়া-শুনা কৰিছিল। দুয়োগৰাকী ছাত্ৰীক চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰি নেকি বুলি ভাবি আমাৰ সৈতে যোগাযোগ কৰি উষা আৰু জীনাক নি ডিব্ৰুগড় মেডিকেল কলেজৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল লগতে বাহিৰৰ চিকিৎসকৰ জৰিয়তে তেওঁলোকৰ উন্নত চিকিৎসা কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা চৰ্চা অব্যাহত ৰাখিছে।

একেদৰে ৰাজ্যৰ বিভিন্ন  প্ৰান্তত দৰিদ্ৰ আৰু ৰুগীয়া ছাত্ৰ-ছাত্ৰীৰ খবৰ পালে তেওঁৰ হৃদয় কান্দি উঠে। ঘাহিগাঁৱৰ ঢোপাবৰৰ জীৱন বৰুৱা নামৰ যুৱক এজনৰ অনুৰোধ মৰ্মে তৃষ্ণা নাথ নামৰ দৰিদ্ৰ মেধাৱী ছোৱালীজনীকো সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে তেওঁক সদায় মানসিকভাৱে আগবাঢ়ি যাবলৈ সকাহ দি আহিছে। কাৰোবাক যদি তেওঁ পঢ়িবলৈ সকাহ দিছে, আন কাৰোবাক তেওঁৰ প্ৰয়োজনীয় কাম কৰিবলৈ আৰ্থিকভাৱে বিপদৰ সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তাৰ প্ৰমাণ ধেমাজিৰ বানবিধ্বস্ত ওখ মাটিৰ নাহৰবাৰীৰ সৌৰভজ্যোতি হাজৰিকা নামৰ মেধাৱী ছাত্ৰজন।

এনে অলেখ উদাহৰণ আছে এইগৰাকী মহিলাৰ। প্ৰয়োজনত তেনে খবৰ পালেই সহায় কৰি ভাল পায়। উষা আৰু জীনাৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰিও দুই বিশেষভাৱে সক্ষম কন্যাক পঢ়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ ৫হাজাৰ টকা নিজৰ দৰমহাৰ ধন দিছিল তেওঁ। এই সহায়ৰ বিনিময়ত তেওঁ কেতিয়াও বিচৰা নাই কোনো প্ৰচাৰ।

কিন্তু জানিবলৈ মন যায় কিয় তেওঁ এইদৰে মানুহক সহায় কৰে। তেওঁৰ নাম কি? কি কৰে তেওঁ? সেই উৎসুকতাৰে আমি তেওঁৰ সন্ধান পাইছিলো। মহানুভৱতা আৰু সমাজৰ প্ৰতি থকা দায়ৱদ্ধতাৰে নিজকে তেওঁ বিলাই দিছে আজি। দুখ আৰু দুৰ্দশাৰে জৰ্জৰিতসকলৰ কাষত থিয় দি তেওঁ কয়- মই আছো তোমাৰ কাষত। কোনো দিনেই নাম প্ৰকাশ কৰিব নিবিচৰা এইগৰাকী বিশেষ মহিলাৰ নাম আমি উল্লেখ কৰিবই লাগিব। তেওঁৰ বিষয়ে ৰাইজক জনাবই লাগিব। কিয়নো তেওঁৰ কামত ফুটি উঠা এনে সঁচা মানৱতাই ১০জনক সঁচা অৰ্থত মানুহৰ প্ৰতি কিবা এটা কৰাৰ তাড়না আৰু প্ৰেৰণা দিব। এইগৰাকী বিশেষ মহিলাৰ নাম ডাঃ অৰুণিমা শইকীয়া। তেখেত অসম মেডিকেল কলেজ ডিব্ৰুগড়ৰ এনাস্থেছিয়া বিভাগৰ সহযোগী অধ্যাপক।