মুখ্য-পৃষ্ঠা

মোবাইলত বন্দী এই জীৱন…

asomiyapratidin

 মৃদুল কুমাৰ সন্দিকৈ

ভোটদান কৰিবলৈ আপুনি ভোটকেন্দ্ৰলৈ যাব নালাগে। এতিয়া 'দুনীয়া মুঠি মে'। মোবাইলৰ পৰা কৰিব নোৱাৰে কি? সৌ সিদিনালৈকে মোবাইল আছিল কাৰোবাৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ এক দূৰভাষ যন্ত্ৰ। কিন্তু এতিয়া মোবাইলতে সকলো হয়। ইলেক্ট্ৰিচিটি বিল দিব লাগে, আপুনি দিব পাৰিব মোবাইলত। বেংকলৈ গৈ কাৰোবাক ধন উলিয়াই দিব লাগে, আপুনি বেংকলৈ যোৱাৰ প্ৰয়োজন নাই। মোবাইলত নম্বৰ টিপি আপুনি বেংকৰ ধন যালৈ ইচ্ছা তালৈ পঠিয়াব পাৰে।

ঘৰতে বহি বজাৰ কৰিবলৈ মোবাইলতকৈ সুবিধাজনক ঠাই আৰু কি। গান শুনিব মন গৈছে, খুলি লওঁক মোবাইলটো। টিভি চাব মন গৈছে, সেয়াও মোবাইলতে হয়। এতিয়া মুঠতে মোবাইলবিহীন জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰি। এটা দিন আছিল অসমীয়া মানুহে জাপি-লাঠি আৰু তিয়নী লৈ ঘূৰিছিল। এই তিনি সামগ্ৰী মানুহৰ বাবে আছিল সেই সময়ত অতিকৈ প্ৰয়োজনীয়। এতিয়া আপোনাক সেইবোৰ একো নালাগে। লাগে মাথো এটা ইণ্টাৰনেট সংযুক্ত এন্ড্ৰইড মোবাইল।

মোবাইলৰ এই অগ্ৰাসনে মানুহৰ জীৱন-ধাৰণ সলাই পেলাইছে। মোবাইলটো হাতত থাকিলে আপুনি বিশ্বৰ খবৰ লাভ কৰিব পাৰে। ঘৰতে বহি প্ৰায়বোৰ কাম কৰিব পাৰে। ডিজিটেল পৃথিৱীখনত এতিয়া মোবাইল নহ'লে আপোনাৰ কোনো কামেই সম্ভৱ নহ'ব। যিকোনো চৰকাৰী কাম-কাজৰ বাবে আপোনাক এটা মোবাইল নম্বৰৰ প্ৰয়োজন হয়। মানুহৰ জীৱন মোবাইলে সলনি কৰি দিছে। আনহে নালাগে মোবাইলটোৱে আপোনাৰ হাতত থকা ৰাতিৰ টৰ্চটো কাঢ়ি লৈ গ'ল। আৰু বা কি কি হয় এই মোবাইলৰ জৰিয়তে সেয়া সময়েহে ক'ব। কিন্তু এয়া নিশ্চিত থাকক আৰু বহু কিবা কিবি মোবাইলত সংযোগ হ'ব।

কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে এক প্ৰস্তাৱ দিছিল। সেয়া হ'ল- ডিজিটেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰু ডিজিটেল লাইচেঞ্চৰ কথা ৰাজ্য চৰকাৰে ভাবিব লাগে। সেয়া হ'লে আপুনি মোবাইলৰ কি-পেড টিপিয়েই আৰক্ষীক দেখুৱাব লাগিব আপোনাৰ লাইচেঞ্চ বা গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। গ্ৰাহম বেলে যেতিয়া টেলিফোন আৱিষ্কাৰ কৰিছিল তেতিয়া সেই টেলিফোনৰ পৰাই এনে এক ৰূপ হ'ব বুলি কল্পনাই কৰা নাছিল। এতিয়া কেৱল গ্ৰাহমৰ সেই স্মৃতি আমি সজীৱ কৰি ৰাখিছো মোবাইল ব্যৱহাৰ কৰি। কিয়নো কোনো এজন লোকক যোগাযোগ কৰি আমি প্ৰথমে মোবাইলতো 'হেল্লো' বুলিয়ে সম্বোধন কৰো। যি সম্বোধন টেলিফোন আৱিষ্কাৰ কৰা সময়ত গ্ৰাহম বেলে কৰিছিল।

এটা দিন আছিল অসমীয়া মানুহে জাপি-লাঠি আৰু তিয়নী লৈ ঘূৰিছিল। এই তিনি সামগ্ৰী মানুহৰ বাবে আছিল সেই সময়ত অতিকৈ প্ৰয়োজনীয়। এতিয়া আপোনাক সেইবোৰ একো নালাগে। লাগে মাথো এটা ইণ্টাৰনেট সংযুক্ত এন্ড্ৰইড মোবাইল।

তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখন বহু আগবাঢ়ি গৈছে। ইয়াৰ সুফল-কুফল বিচাৰ সময়ে কৰিব। কিন্তু ব্যক্তি বিশেষে তথ্য-প্ৰযুক্তিৰ এই অগ্ৰগতিক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। জীৱন ধাৰণৰ বাস্তৱিক কৰ্মক্ষেত্ৰত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ অবশ্যাম্ভাৱী। নিতৌ নতুন আৱিষ্কাৰ হৈ আছে। মোবাইলৰ অনুপস্থিতিত সংযোগহীন হৈ পৰা জীৱন কিমান অস্বস্তিকৰ হয় সেয়া বুজা জনেহে বুজে। প্ৰতিটো ক্ষেত্ৰতেই এতিয়া কেৱল মানুহক লাগে মোবাইলটো।

এদিন ডাকোৱাল চিঠি লৈ গাঁৱে-ভূঞে ঘূৰি ফুৰাটো পৰিচিত দৃশ্য আছিলে। এতিয়া ডাকোৱাল থাকিলেও পিঠিত চিঠিৰ বোজা নাই। সেই চিঠিবোৰ এতিয়া এছ এম এছ, হোৱাটছএপ হ'ল। চিঠিৰ সলনি মানুহে এতিয়া এছ এম এছ, হোৱাটছএপ বা ই-মেইল কৰে। কোনো এজন লোকে মোবাইলবিহীন এটা দিনৰ কথা কল্পনা কৰি চাওঁক। তেওঁক মোবাইলটোৰ কিমান প্ৰয়োজন হৈ তাৰ প্ৰমাণ ল'বলৈ মোবাইলটো বন্ধ কৰি দিনটোৰ বাবে ওলাই যাওঁক। বহিঃবিশ্বৰ কোনো প্ৰাণীৰ দৰে তেওঁ সংযোগবিহীন হৈ পৰিব। কিন্তু যেতিয়া মোবাইল আৱিষ্কাৰ হোৱা নাছিল, তেতিয়াটো মানুহৰ এই অৱস্থা হোৱা নাছিল।

ইয়াৰ আঁৰৰ কথাটো হ'ল দ্ৰুত গতিত পৰিৱৰ্তন হোৱা আমাৰ জীৱন-ধাৰণৰ অভ্যাস। এতিয়াও কাৰো ৰ'বলৈ সময় নাই। ডাঙৰ বেগ বা মোনাত ভৰাই বস্তু কঢ়িয়াই লৈ ফুৰা দিন উকলিল। মোবাইলৰ দৰে কম্পিউটাৰেও ইমান জনপ্ৰিয়তা পোৱা নাছিল। কম্পিউটাৰৰ আৱিষ্কাৰ আৰু ব্যৱহাৰে মানুহৰ সভ্যতাক নতুন মাত্ৰা দিছিল। কিন্তু সেই কম্পিউটাৰৰ সঠিক আৰু সাৰ্বজনীন ব্যৱহাৰ যেন এতিয়া সৰু এটা মোবাইলৰ মাজতে আৱদ্ধ হৈ পৰিছে। গাঁও-চহৰ সকলোতে একেই অৱস্থা। গাঁৱৰ বহু পৰিয়ালত আন সামগ্ৰী থাকক বা নাথাকক, এটা মোবাইল থাকিবই।

এতিয়া বহু সম্পৰ্ক মোবাইলৰ ওপৰতে নিৰ্ভৰশীল। আগতে মানুহে সুধিছিল 'খবৰ এটা কৰিবলৈ তুমি নহাই হ'লা'। এতিয়া সোধে- 'তুমিচোন ফোন এটাও নকৰা হ'লা'। আন এক উল্লেখযোগ্য দিশ হ'ল- মোবাইলৰ জৰিয়তে গঢ় লৈ উঠিছে এখন ই-পৃথিৱী। ইয়াত সাহিত্য, ৰাজনীতি, সমাজনীতি সকলো বিষয় স্থান পায়। সেয়ে ডিজিটেল মাধ্যমত সকলোৰে বাবে মত প্ৰকাশৰ অধিকাৰ আছে। ছ'চিয়েল মিডিয়াবোৰে তাক সাৰ্বজনীন কৰি তুলিছে। ইয়াৰ ফল ভাল বা বেয়া একেষাৰে ক'ব নোৱাৰি। যিসকলে সেই মঞ্চ উপযুক্ত আৰু পৰিশীলিত ৰূপত ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এই মাধ্যম আশীৰ্বাদ স্বৰূপহে হৈছে।

মোবাইলত বন্দী হোৱা এই জীৱনে প্ৰেম, ভালপোৱাকো সামৰি লৈছে। এতিয়া সাধাৰণভাবে ক'বলৈ হ'লে মোবাইলত বন্দী হোৱা এই জীৱনৰ পৰা সহজতে কোনো মানুহে পৰিত্ৰাণ নাপাব। যি দুই একে সেই জীৱনৰ পৰা আঁতৰি আছে, তেওঁলোকৰ মাজত আছে যোগসূত্ৰহীন সময়ে স্থবিৰ কৰা এক পুৰণি অস্তিত্ব।

শেহতীয়াকৈ আন এক খবৰ আহিছে। সেয়া হ'ল- আপুনি মোবাইলৰ পৰা আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। আমেৰিকাৰ পশ্চিম ৱাজেনিয়া প্ৰদেশত নবেম্বৰত অনুষ্ঠিত হ'ব মধ্যৱৰ্তী নিৰ্বাচন। এই নিৰ্বাচনত ৰাজ্যৰ বাহিৰত কৰ্মৰত সৈনিকসকলৰ বাবে এক বিশেষ ব্যৱস্থা কৰা হৈছে। সেয়া হ'ল- ভোটদাতাসকলে এটা এপছৰ জৰিয়তে মোবাইলৰ পৰাই ভোটদান কৰিব পাৰিব। VoatZ নামৰ এই এপছটোৱে আপোনাৰ চেহেৰা চিনি, আপোনাৰ পৰিচয় নিশ্চিত কৰিব পৰাৰ পাছতহে ভোটদান কৰিবলৈ দিব। এদিন ভাৰততো এনে ব্যৱস্থা হ'ব। আজি নহ'লেও অনাগত দিনত মোবাইলৰ পৰাই ভোটাৰে ভোটদান কৰিব পৰা ব্যৱস্থা হ'ব।

মানুহক খাদ্য আৰু বস্ত্ৰ প্ৰত্যক্ষভাৱে মোবাইলে হয়তো যোগান ধৰিব নোৱাৰিব। কিন্তু মোবাইলৰ জৰিয়তে সেইবোৰ ঘৰতে পাব পৰা ব্যৱস্থা হৈছে। এতিয়া যেন সকলো এটা সৰু মোবাইলেৰে কৰিব পাৰিব। ইমানৰ পিছতো মোবাইলবিহীন জীৱনৰ কথা আপুনি কল্পনা কৰিব পাৰেনে? আপোনাৰ-মোৰ সকলোৰে জীৱন ইতিমধ্যে মোবাইলত বন্দী হৈ গৈছে। কেনেবাকৈ সেই মোবাইলটোৱে আপোনাৰ হাতত নাই, তেন্তে আপুনি বিচ্ছিন্ন হৈ পৰিব এই পৃথিৱীৰ পৰা। অস্বস্তি আৰু সংযোগহীন সেই সময়ৰ কথা এতিয়া ভাবিবই নোৱাৰি।

আজিৰ জীৱন নিয়ন্ত্ৰণ কৰে আপোনাৰ হাতত থকা মোবাইলটোৱে। সেই কথা আপুনি হয়তো বুজিব যেতিয়া আপোনাৰ হাতৰ মোবাইলটো হঠাৎ নোহোৱা হৈ যাব। সেয়ে দুখত বা সুখত, আপদ বা বিপদত, নিসংগতা বা ব্যস্ততাৰ মাজত আপুনি বিশ্বস্ত সংগীৰ দৰে হাতত তুলি লয় আপোনাৰ মোবাইলটো।