পদুম ফুলৰ পৰাও তৈয়াৰ হয় ৰেচমী কাপোৰ ! বিশ্বজুৰি চৰ্চিত মণিপুৰৰ বিজিয়া শান্তি টংব্ৰাম
পদুম ফুলৰ পৰাও তৈয়াৰ হয় ৰেচমী কাপোৰ ! বিশ্বজুৰি চৰ্চিত মণিপুৰৰ বিজিয়া শান্তি টংব্ৰাম  
মুখ্য-পৃষ্ঠা

পদুম ফুলৰ পৰাও তৈয়াৰ হয় ৰেচমী কাপোৰ ! বিশ্বজুৰি চৰ্চিত মণিপুৰৰ বিজিয়াশান্তি টংব্ৰাম

Asomiya Pratidin
চৌপাশে কেৱল ঋণাত্মক খবৰ। তাৰ মাজতে নিবনুৱা, দৰিদ্ৰতা আদিৰ কথাবোৰ আছেই। সংস্থাপন বিচাৰি বহুতেই কাঢ়িছে হুমুনিয়াহ। অৱশ্যে এনে পৰিৱেশৰ মাজত আহিছে এক আশাৰ খবৰ। পদুম ফুলৰ পৰাও তৈয়াৰ কৰিব পাৰিব কাপোৰ। পদুম ফুলৰ পৰা কাপোৰ তৈয়াৰ কৰিয়েই এগৰাকী যুৱতীয়ে সংস্থাপনৰ বাট মুকলি কৰিছে। এনে এক যোগাত্মক বিষয়কলৈয়ে মণ্টুচ্ কোঁৱৰৰ এক বিশেষ প্ৰতিবেদন।

ভৌগোলিক বিশিষ্টতা থকা অসমৰ পাট-মুগা শিল্পৰ যিদৰে সমগ্ৰ বিশ্বতে সুনাম আছে, ঠিক তেনেদৰে মণিপুৰৰ বিজিয়া শান্তি টংব্ৰাম নামৰ যুৱতী গৰাকীয়ে নতুনকৈ পুদম ফুলৰ আঁহৰ তৈয়াৰ কৰা ৰেচমী কাপোৰে দেশৰ বয়নশিল্পৰ ক্ষেত্ৰখনত এক নতুন সম্ভাৱনাৰ বাট মুকলি কৰিছে। বিজিয়া শান্তি টংব্ৰামৰ এই অভিনৱ ৰেচমী বয়নশিল্পই সম্প্ৰতি দেশজুৰি চৰ্চা লাভ কৰিছে ।

২৭ বছৰীয়া এই যুৱতীগৰাকীৰ ঘৰ মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ থাংগা টংব্ৰাম নামৰ এখন সৰুগাঁৱত । তেওঁৰ ঘৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান দূৰত আছে লোকটক নামৰ উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ।

অসংখ্য সৰু সৰু দ্বীপৰ এই হ্ৰদটোক ফুমডিছ নামেৰে জনাজাত। এই লোকটক হ্ৰদত ফুলি থকা হাজাৰ হাজাৰ পদুম ফুলৰ বাবে বিখ্যাত। সাধাৰণতে মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ লোকসকলে পদুম ফুলক দেৱতাসকলকৰ প্ৰসাদ হিচাপে ব্যৱহাৰ কৰে আৰু লগতে অন্যান্য পূজা পাৰ্বনত অনুষ্ঠানত ব্যৱহাৰ কৰে ।

কিন্তু বিজিয়াশান্তিয়ে পূজাত ব্যৱহাৰৰ পিছত পেলাই দিয়া পদুমৰ ঠাৰিৰ আঠাৰ পৰা ৰেচমৰ দৰে কোমল আঁহ উলিয়াই তাৰ পৰা সূতা তৈয়াৰ কৰাৰ কৌশল শিকিছে। তেওঁ এই পদুম ফুলৰ ৰেচমী সূতাৰে স্কাৰ্ফ, ষ্টোল, নেকটাই আৰু অন্যান্য সাজ-পোছাক স্বাৱলম্বী দাঙি ধৰাই নহয়, আন্তৰ্জাতিক ভাৱে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

বিজয়াশান্তিৰ এই অভিনৱ পদ্ধতি ৰেচম বয়নশিল্পৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ অঁনাতাৰ অনুষ্ঠান 'মন কি বাতত ' বিজয়াশান্তিৰ এই পদুম ফুলৰ উদ্ভাৱনমূলক ৰেচমী শিল্পক প্ৰসংশা কৰিছে।

উল্লেখযোগ্য যে, পদুম ফুলৰ আঁহৰ ৰেচমী সূতাৰে কাপোৰ তৈয়াৰ কৰা বৰ্তমান পৃথিৱীৰ কেইখনমান ঠাইতহে আছে। বিশেষকৈ দক্ষিণ পূব এচিয়াৰ – ম্যানমাৰ আৰু কম্বোডিয়াত এই পদুম ৰেচমী বয়নশিল্পৰ গঢ়ি উঠিছে। কাৰণ বিদেশত পদুমৰ ঠাৰিৰে তৈয়াৰী কাপোৰৰ চাহিদা বেছি তথা উচ্চ মূল্যৰ ।

বিশেষকৈ পদুমৰ আঁহৰ তৈয়াৰ কৰা একোখন স্কাৰ্ফৰ বজাৰৰ মূল্য ১৭ হাজাৰ টকা । বিজয়াশান্তিয়ে লোকটক হ্ৰদৰ পৰা সংগ্ৰহ কৰা পদুমৰ ঠাৰিৰ পৰা আঁহ তৈয়াৰ কৰে, তাৰ পিছত এই সূতাৰে স্কাৰ্ফ, ষ্টোল, নেকটাই আৰু অন্যান্য সাজ-পোছাক তৈয়াৰ কৰে।

এনেদৰে মণিপুৰত পাট শিল্পৰ পিছতে পদুম খেতি আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰত নতুন পথ মুকলি হৈছে। ইতিমধ্যে পদুম ফুলৰ পৰা আঁহ নিষ্কাশন কৰি সূতা তৈয়াৰ কৰা কৌশল শিকাৰ পাছৰে পৰা বিজিয়াশান্তিয়ে ‘সনাজিং সনা থাম্বল’ নামেৰে নিজাকৈ এটা উদ্যোগ খুলি নিজৰ গাঁৱৰ আন মহিলাসকলকো এই পদ্ধতি শিকোৱাৰ আৰম্ভ কৰিছে।

কাৰণ বিদেশত পদুমৰ ঠাৰিৰে তৈয়াৰী কাপোৰৰ চাহিদা বেছি। পৃথিৱীৰ মাত্ৰ কেইখনমান দেশতহে এই ধৰণৰ কাম হয়। তাৰ ভিতৰত চুবুৰীয়া ম্যানমাৰ আৰু কম্বোডিয়া অন্যতম।

কোন এই বিজিয়াশান্তি টংব্ৰাম

উদ্ভিদ বিজ্ঞানৰ স্নাতক বিজিয়াশান্তী উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ লোকটাকৰ ওচৰৰ থাংগা টংব্ৰাম গাঁৱৰ জয়কুমাৰ টাংগ্ৰাম আৰু সনাহল টংব্ৰামৰ কন্যা। বিজিয়াশান্তি পিতৃ মণিপুৰৰ মীন বিভাগৰ এগৰাকী ক্ষেত্ৰ সহায়ক।

২০১৪ চনত ইম্ফলৰ জি পি মহিলা মহাবিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বিজিয়াশান্তিয়ে চৰকাৰী চাকৰি বিচাৰিছিল কিন্তু সফল নহল। পৰৱৰ্তী সময়ত তেওঁৰ অঞ্চলত কৃষি পৰ্যটন প্ৰতিষ্ঠা কৰাৰ কথা পৰিকল্পনা কৰিছিল। কিন্তু সম্পদৰ অভাৱত তেওঁৰ পৰিকল্পনাই বাস্তৱ ৰূপ নাপালে।

তথাপিও পদুম ফুলৰ ঔষধি গুণৰ ওপৰত গৱেষণা অব্যাহত থাকিল। ২০১৯ চনৰ মে’ মাহত তেওঁ নিজৰ স্থানীয় অঞ্চলৰ এমুঠিমান মহিলাৰ সহায়ত পদুমৰ ঠাৰিৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰে আৰু আঁহ সূতাৰে নেকটাই, মাফলাৰ আদি বোৱা আৰম্ভ কৰে।

পৰৱৰ্তী সময়ত তেওঁ ‘সনাজিং সনা থাম্বল’ নামৰ এটা উদ্যোগ স্থাপন কৰে। ১০ গৰাকী মহিলাক লৈ ঐকান্তিক প্ৰচেষ্টাৰে আৰম্ভ কৰা 'সনাজিং সানা থাম্বাল ' ষ্টাৰ্ট-আপ মণিপুৰৰ বাবে নিৰ্বাচিত হয়।

পদুম ফুলৰ পৰা কিদৰে প্ৰস্তুত কৰা হয় সূতা

২০১৮ চনত মণিপুৰৰ ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰনালয় (এম এছ এম ই চেণ্টাৰ)ত ‘এগৰাকী উদ্যোগী কেনেকৈ হ’ব’ শীৰ্ষক এক কাৰ্যসূচীত অংশ লয়। এই ১০ দিনীয়া কৰ্মশালাত তেওঁ ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব লাগে, আৰু বিপণনৰ প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰে। কৰ্মশালাৰ শেষত তেওঁ ঠিক কৰিলে পদুম ফুলক লৈ কিবা এটা কৰিব।

কাৰণ তেওঁলোকৰ অঞ্চলত পদুম ফুল বহুলভাৱে গজে। ইতিমধ্যে বিজয়াশান্তিয়ে ঔষধি গুণৰ গৱেষণা কৰিবলৈ আৰম্ভ কৰিছিল । সেই সময়তে বিজয়াশান্তিয়ে পদুম ফুলক লৈ তিনিটা আকৰ্ষণীয় ,সম্পৰীক্ষা কৰিছিল ।

তাৰে প্ৰথমটো আছিল পদুম ফুল ব্যৱহাৰ কৰি চাহ বনোৱা । আনটো আছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰজাতি সংগ্ৰহ কৰি নিজাকৈ এখন পদুম বাগিচা আৰম্ভ কৰা। শেষত ঠাৰিৰ পৰা সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰা । শেষত পদুমৰ ঠাৰিৰ আঁহৰ তৈয়াৰ কৰা ৰেচম শিল্পত সফলতা লাভ কৰে।

ইয়াৰ পাছৰে পৰা বিজয়াশান্তিয়ে মন্দিৰ আৰু ফুলৰ বজাৰত বিক্ৰী কৰিবলৈ স্থানীয় লোকে হ্ৰদৰ পৰা এই পদুমৰ ঠাৰিবোৰ সংগ্ৰহ কৰিছিল। কিন্তু বজাৰলৈ নিয়াৰ আগতে ঠাৰিবোৰ কাটি ঠাৰিবোৰৰ গোটাবলৈ আৰম্ভ কৰে ।

ঠাৰিবোৰ তিনিদিন পানীত তিয়াই ৰাখি আঁহ উলিয়াইছিল। ইয়াৰ ফলত ঠাৰিবোৰ ভিতৰত এটা আঠাযুক্ত পদাৰ্থ উৎপন্ন আৰু ইয়ে আঁহ বা সূতা হয়। আঁহটো উলিয়াবলৈ কাণ্ডটো এটা মূৰৰ পৰা কেই ইঞ্চিমান দূৰত ভাঙি ফালি মেলি দিয়া হয়।

তাৰ পিছত ইয়াক কাঠৰ টেবুল এখনত মেলি দি হাতেৰে গুড়ি কৰি সাধাৰণতে ৪০ চে.মি. দীঘল সূতা তৈয়াৰ কৰা হয়। কেইদিনমান সূতাডাল ৰ’দ শুকুৱাই থোৱাৰ পিছত ইয়াৰ সূতা কাটে। এই সূতাৰে এখন স্কাৰ্ফ বনাব পৰাকৈ সূতা উৎপাদন কৰিবলৈ এমাহতকৈও অধিক সময় লাগে ।

'সনাজিং সনা থাম্বাল’ৰ উদ্যোগটোত কাম কৰা এগৰাকী শিপিনী আইয়িংবিয়ে মতে “পদুমৰ সূতা মুগা ৰেচমৰ দৰেই একে ইয়াৰ পাৰ্থক্যটো একমাত্ৰ শক্তিত। পদুমতকৈ মুগা ৰেচম শক্তিশালী। কিন্তু ফিনিচিং প্ৰডাক্টবোৰ ৰেচমৰ দৰেই ভাল। যিহেতু পদুমৰ সূতা সুক্ষ্ম, সেয়েহে এতিয়ালৈকে মেচিন ব্যৱহাৰ কৰাটো সম্ভৱপৰ হোৱা নাই। গতিকে আমি পৰম্পৰাগত হস্ততাঁত শাল ব্যৱহাৰ কৰিছো ।

উল্লেখযোগ্য ২০১৯ চনত মাত্ৰ সাতগৰাকী মহিলাই এই শিল্পত যোগদান কৰিছিল । ২০২০ চনৰ ৪০ গৰাকীয়ে প্ৰশিক্ষণ লৈ বৰ্তমান কাপোৰ প্ৰস্তুত কৰি আছে । পদুমৰ পৰা তৈয়াৰ কৰা কাপোৰ বিক্ৰীৰ বাবে বিজিয়াশান্তিয়ে বৰ্তমান অনলাইন ষ্ট’ৰ খুলি সামগ্ৰী ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে ।

ফলত ভাৰতত পদুম ফুলৰ পৰা তৈয়াৰ কৰা নতুন ৰেচম শিল্প আৰম্ভ হৈছে। উল্লেখযোগ্য যে, বিজিয়াশান্তি টংব্ৰাম উদ্যোগত সৃষ্টি হোৱা পদুম ফুলৰ ৰেচমী সূতাৰ বয়নশিল্পত ম্যানমাৰ আৰু কম্বোডিয়াৰ পিছতে আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যিত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ নাম সংযোজন হোৱাটো অতিশয় গৌৰৱৰ কথা ।