মুখ্য-পৃষ্ঠা

ৰ’ব! প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰো নাই জীৱন সংগী…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

'ফুল চন্দন, তুলসী/ভৰিল নে নভৰিল/ৰাধা তোমাৰ কলচী'- সেই সৌভাগ্য তেওঁলোকৰ ৰাধাৰ নহ'ল। বিভিন্ন কাৰণত মাহ হালধি নাসানিলে তেওঁলোকে। ঠিক বিয়ানামত গোৱাৰ দৰেই- 'ডাঙৰ দাদাৰ যিহে হ'ল/সৰু দাদা কেনি গ'ল/পানী তোলা বাছখন/গেটৰ মুখত বেয়া হ'ল'।

আমাৰ সমাজ জীৱনত এনে বহু প্ৰতিষ্ঠিত লোক আছে, যিসকলে সাংসাৰিক বান্ধোনত আনুষ্ঠানিকভাৱে বান্ধ নাখালে বা কোনোৱে সেই সম্বন্ধ স্থায়ী কৰিব নোৱাৰিলে। কিন্তু তেওঁলোক একো একোজন দায়িত্বশীল ব্যক্তি।

সমাজৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতা , ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়িত্ববোধ থকাৰ বাবেই এই প্ৰতিষ্ঠিত লোকসকলে 'বিয়া' নামৰ সম্পৰ্কৰ উৰ্ধলৈ গৈ জীৱনৰ ওচৰত নিজকে সমৰ্পণ কৰাৰ উদাহৰণ আছে। সেই ত্যাগ আৰু তেওঁলোকৰ সাংসাৰিক মায়া মোহক কোনো এক নাৰীৰ সম্বন্ধৰে তেওঁলোকৰ নিষ্ঠা আৰু আস্থাক লৈ সমালোচনা কৰাৰ যুক্তি নাথাকে।

ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰা, ইয়াৰ পূৰ্বে দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰ আৰু গৱেষণাৰ জগতত জীৱন উৎসৰ্গিত কৰা এ পি জে আব্দুল কালাম আছিল এনে এগৰাকী ব্যক্তি। এক কথাত সংসাৰৰ কথা ভবাৰ তেওঁ অৱকাশেই নাপালে।

অতি সহজ আৰু সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা এই গৰাকী ৰাষ্ট্ৰপতিয়ে নতুন প্ৰজন্মক কি ধৰণে আগুৱাই নিয়াৰ ক্ষেত্ৰত উৎসাহিত কৰিছিল সেয়া সকলোৱে জানে। তেওঁ একোখন গ্ৰন্থ নতুন প্ৰজন্মৰ বাবে আগ্ৰহৰ কাৰণ আছিল এনেবোৰ কাৰণতে।

মিছাইল মেন ৰূপে খ্যাত এ পি জে আব্দুল কালামৰ প্ৰতিটো কথাই আছিল আশা আৰু নতুন প্ৰজন্মক প্ৰেৰিত কৰিব পৰা মূল্যবান বাণী। তেওঁ কৈছিল- ' To Success in your mission, you must have a single- minded diversion to your goal.'

তেওঁৰ 'উইংছ অৱ ফায়াৰ' যিয়ে পঢ়িছে, তেওঁলোকে অনুভৱ কৰিব পাৰে এজন লোকৰ কৰ্মজীৱন কেনেদৰে মানুহৰ প্ৰেৰণাৰ কাৰক হ'ব পাৰে। আব্দুল কালামৰ প্ৰতিখন গ্ৰন্থই আছিল এক লক্ষ্য আৰু উদ্দেশ্যৰে উঠি অহা প্ৰজন্মক সঠিক সপোনেৰ আগুৱাই নিয়াত অভিভাৱকৰ দৰে কাম কৰা, সফলতাৰ মন্ত্ৰ থকা আধুনিক ভাৰতৰ মূল্যবান কিতাপ।

১৯৩১ চনৰ ১৫ অক্টোবৰত ৰামেশ্বৰামত জন্মগ্ৰহণ কৰা আব্দুল কালামৰ মৃত্যু হৈছিল ২০১৫জুনৰ ২৭ জুলাইত শ্বিলঙত। পৰিয়াল বুলিবলৈ তেওঁৰ কোনো উত্তৰাধিকাৰী নাছিল। কিয়নো বিবাহপাশত আৱদ্ধ হোৱাৰ সুযোগেই নাপালে এইজন মহান ব্যক্তিয়ে।

বিবাহপাশত আৱদ্ধ নোহোৱাৰ বাবেই কোনোবাই যদি কয় যে, আব্দুল কালামৰ নতুন প্ৰজন্মৰ প্ৰতি বা ভৱিষ্যৎ প্ৰজন্মৰ বাবে কোনো দায়িত্ববোধ নাছিল, তেনেহ'লে তেওঁ আব্দুল কালামৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যক বুজিবলৈ চেষ্টা কৰা নাই বা সেই বিষয়ে নাজানে।

অসমীয়াত বিয়া নপতা মানুহক 'বৰলা' বুলি কোৱা হয়। এটা শব্দত 'বৰলা' শব্দই তেনে এক অৰ্থই প্ৰকাশ কৰে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো সাংসাৰিক জীৱন স্থায়ী নহ'ল। ১৯৬৯ত ১৭ বছৰ বয়সতে যশোদাবেন মোডী বিবাহপাশত আৱদ্ধ হৈছিল বৰ্তমানৰ প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে।

সাংসাৰিক মায়া মোহ ত্যাগ কৰি পত্নীক এৰি ওলাই অহা মোডীয়ে তাৰপাছত এক সুদীৰ্ঘ যাত্ৰাৰ অন্তত প্ৰধানমন্ত্ৰী ৰূপে দুবাৰকৈ দেশৰ দায়িত্ব গ্ৰহণ কৰিলে। বিবাহপাশত আৱদ্ধ হোৱা বা নোহোৱা এই কথাবোৰ ৰাজনৈতিক কাৰণত প্ৰাসংগিক হ'লেও, সামাজিক জীৱনবোধত মোডীক লৈ এনে বিতৰ্ক বা টিপ্পনী কেতিয়াও গ্ৰহণযোগ্য নহয়।

বৰ্তমান অকলশৰে থকা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেই ধৰণেই জীৱনটোক আগুৱাই নিছে। বয়সস্থ মাতৃৰ সৈতে কিছু সময় কটাই তাতেই তেওঁ পৰিয়ালৰ প্ৰাপ্তি লাভ কৰাৰ চেষ্টা চলায়। এতিয়া যদি কোনোবাই ঘৰ, সংসাৰ, পৰিয়াল নথকা বাবে প্রধানমন্ত্ৰী মোডীক দায়িত্ব বা কাণ্ডজ্ঞানহীন বুলি সমালোচনা কৰে তেনেহ'লে সেয়া জানো সমৰ্থনযোগ্য বা যুক্তিসংগত হ'ব পাৰে?

এনে বহু উদাহৰণ আছে, যিসকল তেওঁলোকৰ ক্ষেত্ৰখনত সুপ্ৰতিষ্ঠিত, আনৰ বাবে তেওঁলোক আদৰ্শ আৰু সামাজিক দায়বদ্ধতাৰে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি নিষ্ঠা আৰু দায়িত্বসহকাৰে দায়িত্ব পালন কৰি গৈছে।বলিউডৰ অভিনেতা ছলমান খানৰ সন্মুখত প্ৰায়ে এটা প্ৰশ্ন আছিল- বিয়া কেতিয়া?

বিভিন্ন মঞ্চত বলিউডৰ এই ছুপাৰষ্টাৰগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ দিছে। কেতিয়া ৰসিকতাৰে, আন কেতিয়া অতি কৌশলেৰে তেওঁ এই নিসংগ জীৱনৰ কথা কৈ গৈছে। বিভিন্ন বিতৰ্কত নাম সাঙোৰ খালেও দেশে তেওঁক এজন দায়িত্বশীল আৰু সমাজৰ প্ৰতি নিষ্ঠা আৰু আন্তৰিকতাৰে দায়িত্ব পালন কৰা অভিনেতা ৰূপেই জানে।

প্ৰয়োজনত তেওঁ কেতিয়াও চিনি নোপোৱা এজনী সাধাৰণ ছোৱালীৰ বাবে ব'ন মেৰ' দান কৰিছে। তেওঁলোকৰ বাবে এইবোৰ কাম কৰাৰ অৰ্থ সংবাদমাধ্যমৰ বাতৰিৰ শীৰ্ষ হোৱা নহয়। মনৰ ভিতৰত থকা টান আৰু সমাজৰ কিছু খবৰে তেওঁলোকক তেনে কৰিবলৈ বাধ্য কৰে।

বিবাহপাশত আৱদ্ধ নোহোৱা বাবেই ছলমান খানৰ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি কোনো দায়িত্ববোধ নাথাকিব বুলি কোৱাতো কিমান সমিচীন হ'ব? ৰাজনীতি, অভিনয় জগত, খেল জগত আদিত প্ৰতিষ্ঠিত বহু লোকেই বিবাহপাশত আৱদ্ধ নহয়, সমাজ জীৱনৰ এক অপ্ৰয়োজনীয় অংগ হৈ পৰিছে।

ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাত এতিয়াও মাহ-হালধিৰ প্ৰলেপ লগা নাই। সেই বুলি তেওঁলোকক অদায়িত্বশীল আৰু ভৱিষ্যতৰ প্ৰতি তেওঁলোকে চিন্তা নকৰে বুলি সমালোচনা কৰা সকলক এই লোকসকলৰ কৰ্মৰাজীৰে প্ৰত্যুত্তৰ দিয়ে।

ৰাজনীতিত কিছুমান কথা ইমান অপৰিপক্কভাৱে কৈ দিয়া হয় যে, সেই কথাবোৰক লৈ কওঁতাজন নিজেই মেৰপাকত সোমাই পৰে। ৰাজ্যৰ এগৰাকী দায়িত্বশালী মন্ত্ৰীয়ে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক সমালোচনা কৰিবলৈ গৈ বিবাহ প্ৰসংগতো টানি আনিলে।

অবিবাহিত সাংসদগৰাকীক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ক'লে যে- অবিবাহিত মানুহ তেওঁ। পৰিয়াল, সতী-সন্তান নাই। তেওঁ ভৱিষ্যতৰ কথা কি চিন্তা কৰিব। বদৰুদ্দিন আজমলৰ প্ৰসংগৰে এই কথাখিনি কৈ উষ্মা প্ৰদৰ্শন কৰিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই।

কিন্তু তেওঁ ভাবি নাচালে- ওপৰলৈ পেলোৱা এই থু, তেওঁ মন্ত্ৰী হৈ থকা মন্ত্ৰীসভাখনৰ মুৰব্বীজনৰ গাতে পৰিলগৈ। এই যুক্তিত মন্ত্ৰীগৰাকীক বিভিন্ন জনে প্ৰশ্ন কৰিছে যে, অজিত কুমাৰ ভূঞাক সমালোচনা কৰিবলৈ গৈ বিবাহিত-অবিবাহিত যিবোৰ তুলনাৰে তেওঁ এই অযুক্তিকৰ কথাষাৰ কৈ দিলে, সেই তুলনা তেওঁলোকৰ দলৰেই প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীজনৰ ক্ষেত্ৰত খাটে নে নাখাটে?

সাম্প্ৰতিক সময়ত ৰাজনীতি ইমান তৰল হৈ পৰিছে যে, যিসময়ত নিবনুৱা সমস্যা, কোৰোনা সৃষ্ট পৰিবেশৰ মাজত সাধাৰণ লোকৰ ভাত কাপোৰৰ তাড়নাই, বজাৰৰ মূল্যবৃদ্ধি আদি প্ৰসংগই মানুহক জুুৰুলা কৰিছে, তেনে সময়ত মোগল বিতৰ্ক, লাভ জেহাদৰ প্ৰসংগই ৰাজনীতিবিদসকলৰ মুখত ভাষণৰ আখৈ ফুটিছে।

ৰাজনৈতিক দৃষ্টিকোণেৰে অজিত কুমাৰ ভূঞাৰ শেহতীয়া স্থিতিক লৈ সমালোচনা কৰাৰ অৱকাশ আছে। জাতীয় স্বাৰ্থৰ হকে মাত মাতি এদিন চৰকাৰী পক্ষৰ ৰোষৰ বলি হৈ কাৰাগাৰত বন্দী হৈ পৰা এই সংগ্ৰামী সত্বা এতিয়া ৰাজনৈতিক স্বাৰ্থই গ্ৰাস কৰিছে যেনো বোধ হয়।

এইটো ঠিক যে, অজিত কুমাৰ ভূঞাই দীৰ্ঘ সময় জাতিৰ পক্ষত থাকি এক কন্ঠ ৰূপে মাত মাতি আহিছিল। কিন্তু শেহতীয়া ৰাজনৈতিক তৎপৰতাই তেওঁৰ সেই কন্ঠক ধুসৰ কৰি জাতীয় স্বাৰ্থৰ নামত চলোৱা কিছু কুচকাৱাজে সাধাৰণ জনতাক ব্যৰ্থিত কৰিছে।

সাংবাদিক হিচাপে অজিত কুমাৰ ভূঞাই পালন কৰা দায়িত্ব আৰু ৰাজ্য সভাৰ সাংসদ ৰূপে অতি জটিল মুহূৰ্তত পালন কৰা ভূমিকাই সন্দেহৰ সৃষ্টি নিশ্চয় কৰিছে। সেই সুযোগ শাসকীয় পক্ষই গ্ৰহণ কৰিব। কিন্তু সেই বুলি অজিত কুমাৰ ভূঞা অবিবাহিত হোৱাৰ বাবেই তেওঁৰ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়িত্ব নাথাকিব বুলি কোনোবা মন্ত্ৰীয়ে দিয়া তৰল যুক্তি মানি ল'ব নোৱাৰি।

কা আন্দোলনৰ প্ৰেক্ষাপটত সৃষ্টি হোৱা ৰাজনৈতিক দৃশ্যপটে অজিত কুমাৰ ভূঞাক কংগ্ৰেছ-এআইইউডিএফ আদিৰ কাষলৈ লৈ গ'ল। ৰাজ্যসভাৰ সাংসদ ৰূপে তেওঁ নিৰ্বাচিত হ'ল। কিন্তু সেই অজিত ভূঞাই পাহৰিলে নহ'ব জাতিৰ স্বাৰ্থ বিঘ্নিত কৰিব পৰাকৈ কংগ্ৰেছ আৰু এআইইউডিএফে পূৰ্বে কি ভূমিকা পালন কৰিছিল।

সেই সকলোবোৰ কথা তল পেলাই ৰাষ্টা-পদূলিয়ে আঞ্চলিক শক্তিক এক কৰাৰ শ্ল'গান কৰি পোষ্টাৰ মাৰি ফুৰা আৰু একাংশ অনুগামীৰ জৰিয়তে সুবিধাবাদৰ চৰিত্ৰক উদঙাই দিলে ৰাইজৰ কাঠগড়াতেই তেওঁ উঠিবলৈ বেছি পৰ নালাগিব।

এইবোৰ সাধাৰণ মানুহৰ কথা। পান দোকান, চাহ দোকানৰ পৰা আৰম্ভ কি সৰু সৰু মানুহৰ আড্ডাত এইবোৰ কথাই ক্ৰিয়া কৰে। বিলাসী গাড়ীত বহি, এ চি ৰূমত থাকি জাতি মাটি ভেটিৰ কথা চিন্তাৰ নামত কাৰোবাৰ সৈতে ৰাজনৈতিক দৰদাম কৰিলে তেনে লোকৰ মুখৰ আঁৰৰ মুখা খহিবলৈও বেছি সময় নালাগিব।

এইবোৰৰ উৰ্ধলৈ গৈ প্ৰকৃত অৰ্থত জাতি মাটি আৰু ভেটিক প্ৰতিনিধিত্ব কৰিব পৰা এক প্ৰতিনিধি ৰূপে অজিত কুমাৰ ভূঞাই দায়িত্ব পালন কৰা উচিত বুলি সকলোৱে ভাবে। আঞ্চলিক শক্তিৰ পক্ষত নাথাকি ৰাষ্ট্ৰীয় দলৰ নেঙুৰ ধৰি দিল্লী-দিছপুৰলৈ চুচৰি যাব বিচৰা সকলক অজিত কুমাৰ ভূঞাই এসময়ত যি কঠোৰ ভাষাৰে সমালোচনা কৰিছিল, সেই একেই ভাষা তেওঁৰ ক্ষেত্ৰতো ব্যৱহাৰ নহ'ব বুলি আমি নাভাবো।

এদিন আনক জাতীয় জীৱনৰ প্ৰতি দায়িত্বশীল হ'বল সাংবাদিক ৰূপে প্ৰশ্ন কৰা অজিত কুমাৰ ভূঞাক আজি সাংবাদিকে প্ৰশ্ন কৰিছে। সুধিছে- আপুনি কিয় বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হোৱাত আপত্তি নাই বুলি ক'ব লগা হৈছে?

অজিত কুমাৰ ভূঞাই সেই কথা অস্বীকাৰ কৰি তেনে কোনো মন্তব্য কৰা নাছিল আৰু ইয়াক একাংশ সংবাদমাধ্যমে বিকৃত কৰিছে বুলি স্পষ্টীকৰণ দি থৰকাচুটি হেৰুৱাইছে। এই ধৰণে প্ৰশ্ন কৰিবলৈ বা সাংবাদিকে এই বিষয় টুইষ্ট কৰা সুযোগ অজিত কুমাৰ ভূঞাই দিয়া নাই বুলি ক'ব নোৱাৰে।

এইবোৰ কথা ৰুচিশীল ভাৱে উত্থাপন, আলোচনা হোৱাতো প্ৰয়োজন। সমুজ্জল কুমাৰ ভট্টাচাৰ্যও বিবাহপাশত আৱদ্ধ নহ'ল। কিন্তু জাতিটোৰ প্ৰতি তেওঁৰ ভূমিকা কোনোবাই অস্বীকাৰ কৰিব পাৰিবনে? এইবোৰ কথাক লৈ যিসকলে সমালোচনা কৰিছে তেওঁলোকে মূল বিষয় সমূহক তল পেলাবলৈ এনে কিছু কথা বতৰা কৈ দিয়ে যিবোৰে তেওঁলোকক জ্ঞানীৰ বিপৰীত শাৰীত স্থান দিয়ে।