মুখ্য-পৃষ্ঠা

১৫ দিনৰ ভিতৰত আকৌ এডমিট কাৰ্ড! কিন্তু বিশ্বাসত ল’ব কেনেকৈ প্ৰদীপ কুমাৰক…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত পূৰ্বৰে পৰা চলি আছিল আসোৱাহ। আৰক্ষীয়ে অভিযান চলাই আপত্তিজনক তথ্য জব্দ কৰাৰ পাছত এতিয়া প্রশ্ন উঠিছে- এই প্ৰক্ৰিয়াৰে আৰু এই সকল লোকৰ নেতৃত্বতে নিকাভাৱে কেনেদৰে সম্পন্ন হ'ব পাৰে আৰক্ষীত নিযুক্তি?

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়টো কিমান গুৰুত্বসহকাৰে লৈছে সেয়া এতিয়া ৰাইজে লক্ষ্য কৰিছে। এই কেলেংকাৰীৰে জড়িত সকলক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰে নহয় মুখ্যমন্ত্ৰীয়ে তাতোকৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰে আৰক্ষী বিভাগত এনে কেলেংকাৰীৰে জড়িত অভিযুক্তক চিনাক্ত কৰিব নোৱাৰিলে এই নিযুক্তিৰ অনিয়ম সংঘটিত হৈয়ে থাকিব।

সন্দেহৰ আঙুলি উঠিছে অসম ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰলৈ। অসমীয়া প্ৰতিদিনৰ পৰা প্ৰদীপ কুমাৰৰ সৈতে যোগাযোগ কৰাত নিযুক্তি বৰ্ডৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিলে যে পুনৰ পৰীক্ষা পাতিবলৈ তেওঁলোকে সময় বিচাৰিছে।

১৫ দিনৰ ভিতৰত ২০ ছেপ্টেম্বৰ, ২০২০ত বাতিল হোৱা আৰক্ষী উপ পৰিদৰ্শক পৰ্যায়ৰ লিখিত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলে পুনৰ এডমিট কাৰ্ড পাব বুলিও তেওঁ সদৰী কৰে। কিন্তু প্ৰশ্ন হয়- এইগৰাকী আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষৰ পৃষ্ঠপোষকতাত কেনেদৰে নিকা আৰু সৎভাৱে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি ৰাজ্যবাসীয়ে বিশ্বাস কৰিব?

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যদি তেওঁৰ ওপৰত বিশ্বাস আছে সেয়া পৃথক কথা। কিন্তু মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা হয়তো গুৰুত্ব সহকাৰে লক্ষ্য কৰা নাই। নহ'লে ইমান দিনে সেই দায়িত্বৰ পৰা প্ৰদীপ কুমাৰক প্রথমে অব্যাহতি বা প্ৰদীপ কুমাৰেও এই দায়িত্বৰ পৰা স্বইচ্ছাই অব্যাহতি ল'ব লাগিছিল।

প্ৰাক্তন আৰক্ষী শীৰ্ষ বিষয়াগৰাকীক সোধা হৈছিল আচলতে প্রশ্নকাকত ক'ত ছপা হৈছিল? অসমত ছপা কৰা হৈছিল নেকি এই প্ৰশ্নকাকত? প্ৰদীপ কুমাৰে কয়- এই প্ৰশ্নকাকত অসম নহয়, উত্তৰ পূবতে ছপা কৰা হোৱা নাই।

ইউপিএছচি পৰীক্ষাৰ প্ৰশ্নকাকত য'ত ছপা কৰা হয়, তাতহে এই পৰীক্ষাৰ প্ৰশ্নকাকত ছপা কৰা বুলি তেওঁ সদৰী কৰে। কিন্তু ইয়াৰ বিপৰীতে দিৱন ডেকাই সামাজিক মাধ্যমত এই পৰীক্ষাৰ প্ৰশ্ন কাকত ছপা কৰাৰ সৈতে তেওঁ জড়িত আছিল বুলি সদৰী কৰিছে।

ইতিমধ্যে বহিঃৰাজ্যত গৈ আত্মগোপন কৰি থকা দিৱন ডেকা আৰু প্ৰদীপ কুমাৰৰ বিপৰীত ভাষ্যই বিষয়টো ৰহস্যঘন কৰি তুলিছে। প্ৰদীপ কুমাৰক সোধা হৈছিল- আপুনি যদি সততাৰে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছিল তেনেহ'লে বিজেপিৰ নেতাক সেই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্ব কিয় দিছিল?

এই প্ৰশ্নৰ উত্তৰত কোনো সুউত্তৰ দিব নোৱাৰিলে অসম ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষগৰাকীয়ে। বৰঞ্চ তেওঁ দাম্ভিকতাৰে প্রশ্ন কৰে- 'ক'ত প্রশ্ন ছপা কৰিছিল কি মই ক'ব লাগিব?' তেওঁ হয়তো এতিয়াও অনুমান কৰিব পৰা হোৱা নাই এই ঘটনাই কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এপিএছচি কেলেংকাৰী পোহৰলৈ অহাৰ পাছত নিযুক্তি প্ৰক্ৰিয়াত কোনো অনিয়ম সহ্য কৰা নহ'ব বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীয়ে হয়তো জানিব পাৰে যে এই গৰাকী অধ্যক্ষৰ পত্নীয়ে এই প্রশ্নকাকত ছপা কৰাৰ অভিযোগো উঠিছে।

সেই সন্দৰ্ভতো প্ৰদীপ কুমাৰক সোধাত তেওঁ কয় যে, তেওঁৰ পত্নীয়ে প্রশ্নকাকত দেখাই পোৱা নাই। তেনেহ'লে ক'ৰ পৰা প্রশ্নকাকত কেনেকৈ দালাল চক্ৰৰ হাতলৈ গ'ল এই সন্দৰ্ভত সোধা আন এক প্ৰশ্নত প্ৰদীপ কুমাৰে সেয়া চিআইডিৰ তদন্ততহে ওলাব আৰু চিআইডিয়ে এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব বুলি জানিবলৈ দিয়ে।

ইফালে, আন এক গুৰু্ত্বপূৰ্ণ তথ্য যে, সম্পূৰ্ণ স্বেচ্ছাচাৰীতাৰে এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ যাওঁতে প্ৰদীপ কুমাৰে অসম আৰক্ষীৰ খোদ সঞ্চালক প্রধানগৰাকীকে এই বিষয়টোৰ পৰা আঁতৰত ৰাখিছিল। আনকি নিযুক্তিৰ বাবে গঠন কৰা কমিটীত প্ৰদীপ কুমাৰে ৰখা নাছিল আৰক্ষী সঞ্চালক প্রধানগৰাকীক।

সেই সন্দৰ্ভতো তেওঁক প্ৰশ্ন কৰাত প্ৰদীপ কুমাৰে কয় এই কমিটীত আছিল অসম আৰক্ষীৰ এজন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আছিল।ইফালে, এই কমিটীয়ে এবাৰো কিয় বৈঠক অনুষ্ঠিত নকৰিলে পৰীক্ষাৰ আগত বুলি জানিব বিচৰাত তেওঁ তৰলভাৱে উত্তৰ দিয়ে- এতিয়া বৈঠক পাতি কথা আলোচনা কৰা নহয়। হোৱাটছএপতে সকলো চলে।

এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে যিটো হোৱাটছএপ গ্ৰুপ গঠন কৰা হৈছিল, সেই গ্ৰুপটোতো প্ৰদীপ কুমাৰে আৰক্ষী সঞ্চালক প্রধানকে অন্তৰ্ভুক্ত কৰা নাছিল। অৰ্থাৎ আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীকে আঁতৰত ৰাখি প্ৰদীপ কুমাৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰিব বিচাৰিছিল এচাম নিৰ্দিষ্ট মানুহক লৈ।

এই ধৰণৰ অভিযোগ প্ৰদীপ কুমাৰে অস্বীকাৰ কৰিব নোৱাৰিলে। এতিয়া নিজক ৰক্ষা কৰিবলৈ প্ৰদীপ কুমাৰে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে। আমি এনে কালপ্ৰিটক বিচাৰি উলিয়াই ব্যৱস্থা গ্ৰহণ কৰিবলৈ পদক্ষেপ লম বুলি ক'লেই ৰাইজ আশ্বস্ত নহয়।

ইতিমধ্যে বাতিল হোৱা পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰদীপ কুমাৰক যদি বিশ্বাস কৰে মুখ্যমন্ত্ৰীয়ে, তেনেহ'লে এই দালাল চক্ৰৰ মুল এডাল শিপা ৰখাই তেওঁ আৰক্ষী উপ পৰিদৰ্শক পৰ্যায়ৰ নিযুক্তি আৰু পৰৱৰ্তী সময়ত আন নিযুক্তিৰ ক্ষেত্ৰত অনিয়মৰ পৃষ্ঠপোষকতা কৰাৰ দৰে হ'ব।

প্ৰদীপ কুমাৰৰ ভূমিকা কেতিয়াও ধোৱা তুলসীৰ পাত হ'ব নোৱাৰে। এইজন প্ৰদীপ কুমাৰেই লখিমপুৰত এছ আই চাকৰিৰ নামত ধন সংগ্ৰহৰ এক অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ সময়ত সেইবোৰ অপপ্ৰচাৰ বা মিছা কথা বুলি আখ্যা দিয়া নাছিলনে?

উপ পৰিদৰ্শক পৰ্যায়ৰ চাকৰিৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা কোম্পানীটোক লৈও প্রশ্ন উত্থাপন হৈছে। ২০১৫চনত ব্লেক লিষ্টেড হোৱা এটা কোম্পানীক এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তেওঁ কেনেদৰে দিলে বুলি উত্থাপন হোৱা প্রশ্নৰ উত্তৰত তেওঁ কয়- সেই কোম্পানীটোক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তেওঁ দায়িত্ব দিয়া নাছিল। অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ পৰা কেৰেলা ইলেক্ট্ৰনিকছ নামৰ প্ৰতিষ্ঠানটোক দায়িত্ব দিবলৈ ৰিকমেন্ড কৰা হৈছিল।

বিজেপি নেতা দিৱন ডেকাই তেওঁক হোৱাটছএপ যোগে প্ৰশ্নকাকত ফাদিল হোৱা কথা অৱগত কৰিছিল নেকি বুলি সোধাত প্রদীপ কুমাৰে জানিবলৈ দিয়ে যে, গৌতম মেচ নামৰ এজন ব্যক্তিয়ে ২০ ছেপ্টেম্বৰৰ ১১.২০ মান বজাত এই প্ৰশ্নকাকত প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে, দিৱন ডেকাই এই প্ৰশ্নকাকত লাভ কৰাৰ পাছত গৌতম মেচৰ জৰিয়তে প্ৰদীপ কুমাৰলৈ প্ৰশ্নকাকতৰ নমুনা প্ৰেৰণ কৰিছিল। সেই কথা প্ৰদীপ কুমাৰে স্বীকাৰ কৰি কয়- দিৱন ডেকাৰ পৰা নহয়, মই গৌতম মেচৰ পৰা এই প্ৰশ্নকাকত ফাদিল হোৱা খবৰ আৰু মেছেজ লাভ কৰিছিলো হোৱাটছএপত।

এই কথা চিআইডিক দিয়া এফ আই আৰত সবিস্তাৰে উল্লেখ আছে বুলিও প্ৰদীপ কুমাৰে জানিবলৈ দিয়ে। এই গৌতম মেচ কোন আৰু প্ৰদীপ কুমাৰৰ সৈতে কেনেদৰে জড়িত ইয়ো এক অনুসন্ধানৰ বিষয়। অসম আৰক্ষীত সংঘটিত এই কেলেংকাৰীৰে নাম সাঙোৰ খাই পৰিছে বহু নেতা-আৰক্ষী বিষয়া, দালালৰ নাম।

এই সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে ১৩/২০০০ নম্বৰত এক গোচৰ ৰুজু কৰিছে। ইফালে, চিআইডিয়ে পৃথককৈ আন এক গোচৰৰ জৰিয়তে এছ আই পৰীক্ষাৰ সন্দৰ্ভত বিভিন্ন অভিযান অব্যাহত ৰাখিছে। বুধবাৰৰ সন্ধিয়া ৮.৩০ বজাত চিআইডিৰ বৃহৎ দলে অভিযান চলাইছিল বহু বিতৰ্কিত প্ৰাক্তন আৰক্ষী বিষয়া প্রশান্ত কুমাৰ দত্তৰ ঘৰত।

পুৱতি নিশালৈকে চিআইডিয়ে অভিযান চলালে যদিও, চিআইডিৰ অভিযানৰ কথা গম পাই চিআইডি যোৱাৰ পূৰ্বেই পলাই যায় প্ৰশান্ত কুমাৰ দত্ত। প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ বাসগৃহত অভিযান চলাই চিআইডিয়ে ৫ কিলোগ্ৰাম সোণ জব্দ কৰা খবৰে চকু কপালত তুলিছে ৰাজ্যবাসীৰ।

পূৰ্বতেও গুপ্তহত্যা, ভূমি বেদখল আদি কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল এইগৰাকী বিষয়াৰ। কিন্তু বিতৰ্ক আৰু অভিযোগ উত্থাপন হ'লেও এই বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো পদক্ষেপ ল'ব পৰা নাছিল চৰকাৰে। অৱসৰৰ পাছত পুলিচ নিযুক্তি কেলেংকাৰীৰে নাম সাঙোৰ খাই পৰা প্রশান্ত কুমাৰ দত্তৰ আয় বহিঃৰ্ভূত সম্পত্তিৰ সন্দৰ্ভত এক পৃথক তদন্তৰো দাবী জনাইছে বিভিন্ন দল-সংগঠনে।

চিআইডিৰ দলটোৱে সুৰেন্দ্ৰ কুমাৰৰ নেতৃত্বত এই অভিযান চলাইছিল। সেই স্থানলৈ আৰক্ষীৰ আন উচ্চপদস্থ বিষয়া যোৱা কথা আছিল। কিন্তু তেনে এজন বিষয়া স্বাস্থ্যগত কাৰণত সেই স্থানত উপস্থিত থাকিব নোৱাৰিলে যদিও, উক্ত স্থানত উপস্থিত আছিল অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।

অৱসৰৰ পাছতো জ্যেষ্ঠ আৰক্ষী আৰু বিভিন্ন ক্ষমতাশালী লোকেৰে সম্পৰ্ক ৰক্ষা কৰি চলা প্রশান্ত কুমাৰ দত্তৰ গুৱাহাটীতে আছে ৫খনকৈ হোটেল। ভাৰ্গৱ ছিৰিজৰ এই হোটেলত প্ৰশান্ত কুমাৰ দত্তই একাংশ পৰীক্ষাৰ্থীক কেনেদৰে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে সেই সন্দৰ্ভতো প্রশিক্ষণ দিছিল।

ইফালে, আৰক্ষীৰ চাকৰিৰ লিখিত পৰীক্ষাৰ পূৰ্বে ফেচবুকত দিৱন ডেকাই দিয়া এটা পোষ্টতো অনুৰূপ কথাই লিখা আছিল। প্ৰশিক্ষণৰ নামত মুল প্রশ্নকাকত এই সকল ধন দিয়া প্ৰাৰ্থীক যোগান ধৰিছিল বুলিও এতিয়া চৰ্চা চলিছে।

গুৱাহাটীৰ থেংকইউ ল'জত চলোৱা অভিযানতো আৰক্ষীয়ে লাভ কৰিলে বুধবাৰে বিস্ফোৰক তথ্য। লিখিত প্ৰশ্নকাকতেৰে ধন দি থোৱা ৫০ ৰো অধিক প্ৰাৰ্থীক মৰ্গড্ৰিল পৰীক্ষাত অৱতীৰ্ণ কৰাইছিল এই চক্ৰটোৱে। কেৱল এজন বা দুজনে নহয়, ক্ষমতা শালী এক বৃহৎ চক্ৰ এই চাকৰি বিক্ৰীৰ সৈতে জড়িত হৈ আছিল।

অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত এজন কৰ্মচাৰীৰ বিৰুদ্ধেও বুধবাৰে অভিযান চলায়। এই অভিযানতো সঞ্জীৱ শৰ্মা নামৰ কৰ্মচাৰী জনৰ বাসগৃহৰ পৰা পূৰ্বতে অনুষ্ঠিত হৈ যোৱা আন পৰীক্ষাৰ প্ৰশ্নকাকত উদ্ধাৰ হোৱা তথ্যই চাকৰিৰ নামত কি এক ব্যাপক কেলেংকাৰী সংঘটিত হৈছিল তাকে প্ৰমাণ কৰিলে।

অগ্নিনিৰ্বাপক বাহিনীৰ পৰা কনফিডেনছিয়েল এছিছটেন্ট হিচাপে এই শৰ্মাক কোনে লৈ গৈছিল সেয়াও তদন্তৰ বিষয় হোৱা উচিত। আৰক্ষীয়ে এই তদন্ত চলোৱাৰ নামত উচ্চপদস্থ একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা আঁতৰি থাকিব নেকি বুলিও প্রশ্ন হৈছে।

অৱশ্যে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই অতি কঠোৰভাৱে এই তদন্ত সম্পন্ন হোৱাৰ আশ্বাস দিছে। মুখ্যমন্ত্ৰীয়েও আৰক্ষী সঞ্চালক প্রধানক কটোৰ পদক্ষেপ গ্ৰহণৰ বাবে সকীয়াই দিছে। কিন্তু নেতা, আৰক্ষী বিষয়া, আন ক্ষমতাশালী লোকৰে গঠিত এই চক্ৰটোৰ বিৰুদ্ধে অভিযান কি পৰ্যায় পাইগৈ সেয়া এতিয়াও অনিশ্চিত।

প্রথম কেইদিনৰ তদন্তৰ ক্ষীপ্ৰতা পৰৱৰ্তী সময়ত থাকিব নে নাই সেয়াও ৰাইজে লক্ষ্য কৰিব। ২০২১চনৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীক অস্বস্তিত পেলাবলৈ এই কেলেংকাৰী সংঘটিত কৰা হৈছে নেকি বুলি দিছপুৰত চৰ্চা চলিছে। ইতিমধ্যে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা কোনো অপৰাধী যাতে ৰাজ্য এৰি যাব নোৱাৰে তাৰ বাবে উলুবাৰীৰ পৰা সীমান্তৱৰ্তী জিলাসমূহক সতৰ্ক কৰি দিয়া হৈছে।

বৃহস্পতিবাৰেও বিভিন্ন স্থানত অভিযান চলাই আৰক্ষী আৰু চিআইডিয়ে। মন কৰিব লগা যে, দুটাকৈ পৃথক গোচৰ ৰুজু কৰি আৰক্ষী আৰু চিআইডিয়ে এই গোচৰত অনুসন্ধান অব্যাহত ৰাখিছে। দোষীক কৰায়ত্ত কৰি এতিয়া শাস্তি বিহাৰ দায়িত্ব গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। নহ'লে ৰাজ্যৰ লাখ লাখ নিবনুৱা আৰু ৰাজ্যবাসীয়ে শূন্য সহনশীল দুৰ্নীতিৰ কথা কোৱা মুখ্যমন্ত্ৰীকে এই কেলেংকাৰীৰ পৃষ্ঠপোষক বুলিব।

অসম ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰক সেই স্থানৰ পৰা আঁতৰ নকৰিলে এই নিযুক্তি প্ৰক্ৰিয়াক লৈ ৰাইজৰ সন্দেহ থাকি যাব। মুখ্যমন্ত্ৰীয়ে পাৰিব নে সেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। প্ৰশান্ত দত্ত, দিৱন ডেকা আদিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে এই পদক্ষেপো তেওঁ গ্ৰহণ কৰিব লাগিব।

ৰাজ্যিক বিজেপিয়ে বিজেপি নেতাৰ নাম সাঙোৰ খাই পৰাৰ পাছত মুখ ঢাকিবলৈ তেনে কেলেংকাৰীৰে যদি কোনো নেতা জড়িত আছে তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগে বুলি মন্তব্য কৰিছে। কিন্তু ৰাইজে সেই সকলোবোৰৰ লগতে প্ৰদীপ কুমাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতিও দৃষ্টি ৰাখিছে।