মুখ্য-পৃষ্ঠা

কোভিড-১৯ পজিটিভ নে নিগেটিভ, কি সঠিক…

asomiyapratidin

ৰাজৰ্ষি চহৰীয়া

ৰাজ্যত অধিক ভয়াৱহ হৈ পৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। প্ৰতিদিনাই বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। অৱশ্যে আতংকৰ মাজতো ভাল খবৰ যে, ৫ জুলাই, ২০২০ৰ নিশা ৮ বজালৈকে কোৰোনাত এজনো লোক আক্ৰান্ত হোৱাৰ খবৰ পোৱা হোৱা নাই।

ৰাজ্য চৰকাৰে কোৰোনাত আক্ৰান্ত সকলৰ বাবে পাৰ্যমানে ব্যৱস্থা গ্ৰহণৰ কথা কৈছে যদিও প্ৰকৃত ছবিখন কিছু বেলেগহে পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত দেখা গৈছে অন্য এক দৃশ্য। এজন যুৱকক কোৰোনা পজিটিভি বুলি এমএমচিএইচত কোৱাৰেন্টাইন কৰি ৰখা হৈছে যদিও, শনিবাৰে ইন্টাৰনেটত চোৱাৰ পাছত যুৱকজন নিগেটিভ বুলিহে গম পায়।

ছানী কুমাৰে অভিযোগ কৰা মতে, তেওঁ অনলাইনযোগে নিজকে কোভিড নিগেটিভ বুলি দেখুওৱাৰ পাছত হাস্পতালখনৰ এগৰাকী চিকিৎসা কৰ্মীক প্ৰশ্ন কৰে- 'মোৰ নিগেটিভ বুলি লিখা থকাৰ পাছতো কিয় কোভিড পজিটিভ ব্যক্তিৰ মাজত ৰখা হৈছে? কিয় মোক ৰাখিছে এনেকৈ কোভিড পজিটিভ মানুহৰ মাজত?'

উল্লেখ্য যে, ৰাজ্যৰ একাংশ লোকে অভিযোগ কৰা মতে, তেওঁলোকক কোৰোনা পজিটিভ বুলি কোৱা হৈছে যদিও তেওঁলোকে লাভ কৰা নাই কোনো ধৰণৰ পজিটিভ হোৱাৰ তথ্য অথবা কোনো লিখিত পত্ৰ। কেৱল এটা ফোন কৰি জনোৱা হয় যে, আপোনাক কোভিড পজিটিভ পোৱা গৈছে। গতিকে কোৱাৰেন্টাইন কৰা হ'ব।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যত এই মহামাৰীৰ সৈতে দিনা-নিশাই যুঁজ দিয়া আমি দেখি আহিছো। কিন্তু তাৰপাছতো এনেধৰণৰ ঘটনা কিয় সংঘটিত হৈছে? এই প্ৰশ্ন কৰিছে ৰাইজে। এমএমচিএইচৰ এটা ভিডিঅ'ত দেখা পোৱা গৈছে যে, ছানী কুমাৰ নামৰ যুৱকজনে এই বেমেজালিৰ সন্দৰ্ভত প্রশ্ন উত্থাপন কৰাৰ পাছত চিকিৎসা কৰ্মীগৰাকীয়ে কোনো উত্তৰ দিব নোৱাৰে।

যুৱকজনে অভিযোগ কৰে যে, 'চিকিৎসা কৰ্মীসকলে কেৱল ৰেজিষ্টাৰ মেন্টেইন কৰিব লাগে। তাতেই সকলো শেষ।' দুদিন ধৰি কোভিড নিগেটিভ দেখুওৱাৰ পাছত এনেদৰে কিয় কোৰোনা পজিটিভ ৰোগীৰ মাজত তেওঁক ৰখা হৈছে? কিয় এনে ঘটনা সংঘটিত হৈছে? ইয়াত ভুল কাৰ সেই প্রশ্নৰ উত্তৰ এতিয়াৰ সময়ত বিচাৰিছে এই ভুক্তভোগী সকলে।

ইফালে, এমএমচিএইচত কোৱাৰেন্টাইন হৈ থকা আন বহু কেইজনে অভিযোগ উত্থাপন কৰিছে যে, ' আমি কোভিড পজিটিভ নে নিগেটিভ আমাক ইমান দিনলৈ কিয় জনোৱা নাই। যদি পজিটিভ তেন্তে আমাক জনাওঁক…।'

উল্লেখযোগ্য যে, নৱনীতা কাকতি নামৰ এগৰাকী জিএমচিএইচৰ কম্পিউটাৰ অপাৰেটৰৰ সৈতেও সংঘটিত হৈছিল একে ধৰণৰ ঘটনা। বিয়লি প্ৰায় ৩.৩০ বজাত তেওঁক কোভিড নিগেটিভ বুলি জনোৱা হৈছিল যদিও, তেওঁক পুনৰ সন্ধিয়া ৭ মান বজাত কোভিড পজিটিভ বুলি ফোনযোগে জনোৱা হয়।

দেওবাৰে বিয়লি প্ৰায় ৪ বজাত এক সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ লগতে ৰাজ্যজুৰি কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ শংকা প্ৰকাশ কৰে। বিগত দিনসমূহত বহু লোকৰ কোভিড-১৯ পজিটিভ-নিগেটিভক লৈ হোৱা খেলিমেলিক লৈও মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

তেওঁ সংবাদমেলখনত কয় যে- 'অসমত এই পৰ্যন্তলৈ ৪ লাখতকৈ অধিক লোকৰ কোভিড-১৯ টেষ্ট কৰা হৈছে। ইমানখিনি কাম কৰোতে কোনোবাখিনিত ডাটা এন্ট্ৰী কৰা সময়ত ভুল হব পাৰে। কিন্তু এনে পৰিস্থিতিত তেনে সৰু সৰু ভুলবোৰক লৈ কৰা অধিক প্ৰচাৰে ক্ষতিহে কৰিব।'

দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অমিতাভ কান্তৰ এটা টুইট ৰিটুইট কৰিছে। তাৰ কেইখনমান ৰাজ্যত প্ৰতি ১০ লাখ লোকৰ ভিতৰত কিমান জনৰ কোভিড-১৯ টেষ্ট কৰা হৈছে তাৰ সন্দৰ্ভত জনোৱা হৈছে। এই টুইটটো অনুসৰি অসমত প্ৰতি ১ মিলিয়ন অৰ্থাৎ ১০ লাখ লোকৰ ভিতৰত ১৩৪৭১জনৰ কৰা হৈছে কোভিড-১৯ পৰীক্ষা

অৱশ্যে ডাটা এন্ট্ৰী কৰা সময়ত দুই এটা সৰু ভুল হোৱাতো মানি ল'ব পাৰি। কিন্তু এজন নিগেটিভ ব্যক্তিক পজিটিভ ৰোগীৰ মাজত ৰখাতো জানো সৰু ভুল? ৩-৪ ঘন্টাৰ ব্যৱধানত এজন ৰোগীক নিগেটিভ বুলি কোৱাৰ পাছত পুনৰ পজিটিভ বুলি জনালে জানো পাছলৈ বিপদত নহ'ব।

ৰাজ্যবাসীক এই ভয়ংকৰ ভাইৰাছৰ পৰা সুৰক্ষিত কৰিবলৈ স্বাস্থ্য মন্ত্ৰী, চিকিৎসক, চিকিৎসা কৰ্মী সকলোৱে বহুখিনি কৰিছে, সেইটো সকলোৱে বুজিছে আৰু মানি লৈছে। কিন্তু এনেদৰেই যদি কোৰোনাৰ দৰে এক ভয়ংকৰ মহামাৰীৰ ক্ষেত্ৰত সঠিকভাৱে সকলো তদাৰক তথা কামবোৰ আগবঢ়াই নিয়া নহয়, তেন্তে ৰাজ্যত এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাতো নিশ্চিতভাৱে দ্ৰুতগতিত বৃদ্ধি পাব।

সকলোৱে এই সংকটৰ সময়ত নিজৰ কাম অতি নিষ্ঠা তথা দায়ৱদ্ধতাৰে পালন কৰি গৈছে। কিন্তু এনেবোৰ ঘটনা সংঘটিত হৈ থাকিলে সকলোৱে একলগ হৈ কোৰোনাৰ বিৰুদ্ধে দিয়া এই যুঁজত জয় হোৱাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিব। কিয়নো কোৰোনাই নুবুজে অভিযোগ, নুবুজে আপত্তি, কেৱল কৰি যাব সকলোকে সংক্ৰমিত।