মুখ্য-পৃষ্ঠা

‘অসমীয়া’ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমঃ সম্ভৱ? প্ৰয়োজনীয় নে অপ্ৰয়োজনীয়…

asomiyapratidin

হিমাক্ষী বৰা

মাতৃভাষা অৰ্থাৎ অসমীয়া ভাষাক লৈ কৰিব লগা বহু আছে অসমত। অসমীয়া ভাষাৰ প্ৰচলন হ্ৰাস হৈছে। আন ভাষাৰ অধিপত্যৰ মাজত এই ভাষা হেৰাই যাব নেকি বুলিও আলোচনা চলিছে। বিশেষকৈ ইংৰাজী ভাষাৰ ব্যৱহাৰ আৰু অগ্ৰাসনে আন ভাষাবোৰৰ দৰে অসমীয়া ভাষাৰো সংকোচন কৰিছে।

অসমীয়া ভাষাক লৈ অসমীয়া লোকসকলৰ আৱেগ আছে। কিন্তু এই ভাষা আজি শুদ্ধ হৈ থকা নাই। ভাষা এখন বোৱতী নদীৰ দৰে। নতুন শব্দ এটা ভাষাত সংযোজন হয়। কিন্তু অনুৰূপ শব্দ থকাৰ পাছতো বহু অসমীয়া শব্দ ব্যৱহাৰ নকৰাৰ বাবে হেৰাই যোৱাৰ দৰে হৈছে।

সেয়েহে অসমীয়া ভাষাক লৈ চৰকাৰৰ কৰণীয়খিনি কৰাৰ উপৰিও এই ভাষা যাতে নতুন প্ৰজন্মই আদৰি লয় তাৰ বাবে উদ্যোগ আৰু সচেতনতা গ্ৰহণ কৰাতো প্ৰয়োজন হৈ পৰিছে। শেহতীয়াকৈ মাতৃভাষা সন্দৰ্ভত এক আলোচনা চলিছে।

এগৰাকী মন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছত এই কথাবোৰ যথেষ্ট চৰ্চা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা ভাৱে ঘোষণা কৰিলে যে- অসমীয়া ভাষাতে অৰ্থাৎ মাতৃভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম পাঠদান হ'ব।

প্ৰথম অৰ্থত এয়া এক ভাল লগা খবৰ বুলিয়েই ভবা হৈছিল। অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানৰ শিক্ষাদান কোন চনৰ পৰা হ'ব এই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে কোনো নিৰ্দিষ্ট দিন বাৰ ঘোষণা কৰা হোৱা নাই।

কিন্তু এয়া সম্ভৱনে? ইয়াৰ পূৰ্বে এই ধৰণৰ পাঠ্যক্ৰম অসমীয়াত কৰিবলৈ হ'লে কি কি ধৰণৰ সুবিধা বা অসুবিধা হ'ব পাৰে তাৰো এক চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে। ইয়াকে নকৰি অসমীয়া ভাষাত চিকিৎসা বিজ্ঞান আৰু ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সপোন দেখা সকলে হয়তো ভবা নাছিল যে মুখত অহাৰ বাবেই তেনে এটা ঘোষণা কৰি দিয়া হ'ল।

নিজৰ ভাষাটোক সমৃদ্ধশীল কৰিবল প্ৰত্যেকজন লোকেই নতুন প্ৰজন্মক মাতৃভাষাত প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষাদান কৰাতো প্ৰয়োজন। সেই দায়িত্ব অভিভাৱকসকলে গ্ৰহণ কৰিব লাগিব। কিন্তু পদাৰ্থ বিজ্ঞান বা অভিযান্ত্ৰিকৰ এনে কিছু শব্দ আছে যিবোৰ শব্দৰ অসমীয়া প্ৰতিশব্দও হয়তো নোলাব।

যদিও তেনেবোৰ শব্দৰ প্ৰতিশব্দ আছে তেন্তে শব্দবোৰ ব্যৱহাৰ নকৰাৰ বাবে সেয়া হেৰাই যোৱাৰ পথত। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত ব্যৱহাৰ কৰা টাৰ্মিন'লজীবোৰ অসমীয়াত ব্যৱহাৰ কৰিলে ইয়াৰ অৰ্থই বেলেগ হৈ পৰিব।

সেয়া অসমীয়াকৰণ বা অসমীয়াত অনুবাদ কৰাৰ সহজ কথা নহয়। যেনে ধৰক- কোনো এজন ৰোগী হাৰ্টৰ বাইপাছ কৰিব লগা হ'ল। যিটো অসমীয়া কৰণ কৰিলে হ'ব হৃদয়ৰ উপপথ। তেনে বহু সমস্যা হ'ব অসমীয়া ভাষাত এইবোৰ পাঠ্যক্ৰমৰ পাঠদান হ'লে।

এইটো নিশ্চিত যে এইবোৰ নিৰ্বাচনৰ আগত কোৱা কথা। ব্যৱহাৰিক ভাৱে তেনে একো নহয় বা সেয়া সম্ভৱো নহয়। অসমীয়া ভাষাৰ বিকাশ আৰু চৰ্চাৰ বাবে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম বা অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ অসমীয়া কৰিব নালাগে।

এইবোৰ বিষয় বিশ্বজনীন। সেয়েহে তেনেবোৰ বিষয়ৰ পাঠ্যক্ৰমৰ আঞ্চলিককৰণ এক অলিক সপোন। মানুহৰ মাজত এতিয়া এইবোৰ কথাই ব্যাপক চৰ্চা লাভ কৰিছে। দুয়ো পক্ষই সপক্ষে আৰু বিপক্ষে যুক্তি দাঙি ধৰিছে।

যিসকলে এইবোৰ কথা কৈছিল- তেওঁলোকে হয়তো আজি এনেবোৰ কথা পাহৰিলে। ২৪ ঘন্টা নহওঁতেই আমাৰ নেতাসকলে কথাবোৰ পাহৰে। কিন্তু মানুহৰ মনত, মানুহৰ মুখত এই কথাবোৰে স্থান পাইছে। ইয়াতকৈ যদি শুদ্ধভাৱে অসমীয়া ভাষা চৰকাৰী কাৰ্যালয় সমূহত ব্যৱহাৰ কৰাত গুৰুত্ব দিলে হেঁতেন তেতিয়া অন্তত ভাষাটোৰ বিকাশৰ বাবে এক পৰিৱেশ সৃষ্টি হল হয়।

অসমীয়া ভাষাৰ হকে ভাষা আন্দোলন হৈছিল। সেই আন্দোলনৰ পৰিণতি কি হ'ল? চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষাৰ প্ৰয়োগৰ চৰকাৰী নিয়মেই কাৰ্যকৰী নহ'ল। এতিয়াও বহু চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ নহয়।

মাজে মাজে সাহিত্য সভাৰ গা উঠে। আঁৰি থোৱা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বেনাৰ-পোষ্টাৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগে বুলি হুংকাৰ দিয়ে। কেতিয়াবা পাৰিলে দুই-এখন বেনাৰত ক'লা চিঞাহিৰে দাগ দি দায়িত্ব সেইবাৰলৈ সামৰে।

এনেকৈ জানো অসমীয়া ভাষাৰ বিকাশ আৰু প্ৰচাৰ হ'ব? ইউনিক'ডত অসমীয়া নীতিৰ স্বীকৃতি আজিও বাস্তৱত ৰূপায়িত হোৱা নাই। চৰকাৰ, অসম সাহিত্য সভাই এইবোৰ দিশত কিয় উদাস? ভাষাটোৰ প্ৰতি যদি ইমান দায়িত্ব আৰু দায়বদ্ধতাৰে কাম কৰিব খুজিছে তেনেহ'লে এইবোৰ কামেই দেখোন কৰিব পাৰে।

শুনিবলৈ ভাল লগাকৈ অসমীয়া ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, অভিযান্ত্ৰিক পাঠ্যক্ৰম হ'ব বুলি জাতীয় আৱেগ সৃষ্টিৰে ভোটৰ ৰাজনীতি কৰাতকৈ অন্তত অসমীয়া ভাষাৰ প্ৰকৃত উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰেনে?

মাতৃভাষাতেই আমি সপোন দেখো। মাতৃভাষাই পৃথিৱীৰ শ্ৰেষ্ঠ ভাষা। অসমীয়াৰ বাবে অসমীয়া ভাষাৰ শব্দবোৰেই অমিয়া। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত অসমীয়া ভাষাৰ ব্যৱহাৰ নকৰিলেও চলিব, ভাষা-সংস্কৃতিৰ বিকাশ আৰু উন্নয়নৰ বাবে যিবোৰ কাম চৰকাৰে কৰিব লাগে সেইবোৰ কাম কৰাৰহে সময় এতিয়া।