মুখ্য-পৃষ্ঠা

‘ওৰণি’ৰ আঁৰৰ মানুহগৰাকী…

asomiyapratidin

► মৃদুল কুমাৰ সন্দিকৈ

এগৰাকী দূৰন্ত তৰুণী। জীৱনৰ অভিধানত তেওঁৰ নাই দুখ, ভাগৰ। অনবৰতে তেওঁ সজীৱ। বয়সে তেওঁক চুবই পৰা নাই। তেওঁ কেৱল চুইছে সফলতা। য'তেই হাত দিয়ে তাতেই নিষ্ঠাৰে লাগে তেওঁঁ। ১৯৭০চনতে তেওঁ আৰম্ভ কৰিছিল এখন আলোচনী। নাম 'ওৰণি'। যোৱা ৪৯ বছৰে এই বিশেষ আলোচনীখন তেওঁ নিজা উদ্যোগত এককভাৱেই প্ৰকাশ কৰি আহিছে। এই আলোচনীখন কেতিয়াবা যদি মহিলা সাংবাদিকক লৈ প্ৰকাশ কৰিছে, আন কেতিয়াবা 'ওৰণি'ৰ বিষয় হৈছে- শিক্ষয়িত্ৰী। অসমীয়া সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা মহিলাসকলক লৈ ধাৰাবাহিকভাৱেই তেওঁ এই আলোচনীৰ জৰিয়তে মহিলাৰ সবলিকৰণৰ যেন এক নিৰবচ্চিন্ন আন্দোলন অকলশৰে চলাই গৈছে।

শেহতীয়া 'ওৰণি'ৰ সংখ্যাতো তেওঁ সজাই তুলিছে ধাত্ৰীসকলক (নাৰ্ছ) লৈ। ১২ নবেম্বৰত আনুষ্ঠানিকভাৱে উন্মোচন হ'ব 'ওৰণি'ৰ এই সংখ্যা।

১৯৩৫ চনৰ ১৪ মাৰ্চত জন্ম হৈছিল এইগৰাকী বিদূষী মহিলাৰ। অসমীয়া বোলছবিৰ বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা তেওঁ। ডাঃ বেজবৰুৱা, সংসাৰ, সোণ মইনা, সাদৰী, বৰদৈচিলা, যখিনী আদি ছবিৰ বাবে লিখিছিল তেওঁ বহু জনপ্ৰিয় গীত। 'ফুল ফুল ফুল মেলিলে পাহি'ৰ দৰে বিখ্যাত গীতৰ গীতিকাৰ তেওঁ। এতিয়ালৈকে ১৫খন কথাছবিৰ গীত ৰচনা কৰিছে। তেওঁ গীত ৰচনা কৰা আন কেইখন ছবি হ'ল- ধ্ৰুৱতৰা, দেৱতা, মুখাগ্নি, জন্মভূমি, বনফুল, ৰিক্সাৱালা, মহামানৱ, ককাই-দেউতাৰ ঘৰ জোৱাই।

তেওঁৰ পখিলাৰ দৰে মন। দূৰন্ত এক প্ৰাণ লৈ ৮৪ বছৰ বয়সতো থমকি ৰোৱা নাই। সফলতা তেওঁৰ জীৱনলৈ আহিছে। সাহিত্য অকাডেমী সন্মানৰে তেওঁ সন্মানিত হৈছে। বহু সন্মানৰ অধিকাৰী তেওঁ। তেওঁ লিখা শিশুপুথি/পাণ্ডুলিপিৰ সংখ্যা ২০০৭চনলৈ আছিল ২৫খনৰো অধিক। ১৯৮৬চনতে প্ৰকাশ পাইছিল তেওঁৰ প্ৰথমখন শিশুপুথি 'দোকমোকালিৰ গীত'। তাৰপাছত 'কোমল ওঠ লৰে চৰে', 'পাঁচ ইন্দ্ৰিয়', 'আমি অভিনয় কৰা নাই', 'সাহসী মনবৰ', 'জোনবায়ে এটি তৰা দিয়া', 'লুকাভাকু', 'অসম প্ৰাণ বিষ্ণুৰাম মেধি' আদি অনেক গ্ৰন্ত ৰচনা কৰিছে।

গীত, চিত্ৰনাট্য, নাটক, শিশু নাটক, নৃত্য নাটিকা, ধাৰাবাহিক গীত, কাকতপত্ৰত লেখা, গল্প সংকলন, প্ৰবন্ধ সংকলন আদি অলেখ লেখাৰে অসমীয়া সাহিত্যক তেওঁ সমৃদ্ধ কৰিছে। এয়া তেওঁৰ ঘৰৰ পৰিৱেশ। চানমাৰিৰ কৃষ্ণ নগৰত থকা হাউছিং কলনীৰ এটা ঘৰত বাস কৰে তেওঁ।

কোঠাটোৰ যিফালেই চাই সিফালেই কেৱল স্বীকৃতি। শৰাই, কিতাপ, সম্বৰ্ধনা পত্ৰ, বিভিন্ন মুহূৰ্তৰ ছবিৰে ঠাহ খাই আছে। কিন্তু তেওঁ স্বাভিমানী অসমীয়া। কোঠাটোত থকা দুখন ছবিত পাৰি থৈছে গামোচা। এই বয়সতো তেওঁ সকলো কাম নিজেই কৰে। '

ভূপেন হাজৰিকাৰ সৈতে তেওঁ আছিল ঘনিষ্ঠ। ৰাষ্ট্ৰপতিৰ হাতৰ পৰা তেওঁ লৈছিল পদ্মশ্ৰী সন্মান। ৰাজ্যৰ বাহিৰে-ভিতৰে তেওঁ বহু অনুষ্ঠানলৈ গৈছে। সেই মুহূৰ্তৰ ছবিবোৰ তেওঁ সুন্দৰকৈ সজাই থৈছে। আনকি কোনখন কাকতত কি লেখা প্ৰকাশ পাইছে তাৰো এখন তালিকা প্ৰস্তুত কৰা আছে তেওঁৰ। প্ৰতিটো কামেই তেওঁ নিয়াৰিকৈ কৰে। সেয়েহে তেওঁৰ কামৰ একাগ্ৰতাৰ প্ৰমাণ পোৱা যায় ঘৰটোত।

তেখেতৰ দেউতাক আছিল চিকিৎসক। তেওঁৰ নাম আছিল ডাঃ এ ৰছিদ। অশোক কুমাৰৰ সৈতেও অভিনয় কৰিছিল পিতৃয়ে। সেই পৰিৱেশ তেওঁ ঘৰতেই পাইছিল। এতিয়াও তেওঁক গাঁৱে হাত বাউলি দি মাতে। আমি তেখেতৰ সৈতে কথা পতাৰ পূৰ্বেই তেখেতৰ পৰা জানিব বিচাৰিছিলো আন এক কথা- বহুতে কয়, বাইদেউ বৰ খঙাল। স্পষ্টকৈ কয় সকলো কথা। কেতিয়া কাক গালি দি দিয়ে তাৰ ঠিক নাই। তেওঁকেই সুধিলো এই প্ৰশ্ন।

তেওঁ আমাক উত্তৰ দিলে। লগতে তেওঁ ক'লে কিয় খং উঠে তেওঁৰ। নাৰীৰ সাজ-পোছাক তেওঁৰ মতে সদায় মাৰ্জিত হ'ব লাগে। কৈছিল তেওঁ আন এক কাহিনী- এদিন হেনো তেওঁৰ ঘৰলৈ এগৰাকী যুৱতী আহিছিল। পিন্ধি অহা পেন্টটো ফঁটা। হয়তো সেয়া আছিল ফেশ্বন। তেওঁ ভিতৰৰ পৰা বেজীটো আনি দি কৈছিল- মা, তই এইটো চিলাই ল'।

আমি পাতিছিলো তেওঁৰ সৈতে 'ওৰণি'ৰ জন্মৰ কথা। ৪৯ বছৰ পূৰ্বে কেনেদৰে আগবাঢ়িছিল তেওঁ, সেই কাহিনী ক'লে। তেওঁৰ মতে নাৰী নাৰীয়েই। 'ওৰণি' প্ৰকাশ কৰোতে যথেষ্ট কষ্ট হৈছে। অকলেই ঘূৰি তেওঁ আলোচনীখনৰ বাবে লেখা-বিজ্ঞাপন সংগ্ৰহ কৰে। সমাজ জীৱনৰ প্ৰতি তেওঁ দায়ৱদ্ধ। কেনেদৰে এইবাৰ সংখ্যাটো সজাইছে তেওঁক সুধিলো।

তেওঁ অসমৰ প্ৰথমগৰাকী কলা নিৰ্দেশক। বোলছবিৰ বাবে গীত লিখিবলৈ কেনেদৰে তেওঁ সুবিধা পালে? এই কাহিনীও আমাক ক'লে। সেইদিনা তেওঁ গৈছিল ফাচী বজাৰলৈ। লগ পাইছিল অসমীয়া ছবিজগতৰ সেই সময়ৰ প্ৰতিষ্ঠিত পৰিচালক ব্ৰজেন বৰুৱাক।

তেওঁ ব্ৰজেন বৰুৱাক কৈছিল- গানবোৰ কবিতা হৈয়ে আছে। ফাচী বজাৰতেই কাপোৰ কিনি থাকোতে আহিছিল সেই সুযোগ। অসমীয়া মানুহৰ আছে এক নিজস্ব জীৱনবোধ। নিজৰটোক এৰি আনক আকোৱালি লোৱাটো তেওঁ কামনা নকৰে। যৌনতাক তেওঁ কেতিয়াও প্ৰশ্ৰয় দিব নোখোজে। সেই সন্দৰ্ভতো তেওঁ ক'লে কিছু কথা।

বঁটা কেন্দ্ৰিক হৈছে নেকি আজি সাহিত্য? লবীৰ মাজত সাহিত্যৰ প্ৰতিভা হেৰাই গৈছে নেকি? এই বিষয়ে তেওঁক সুধিছিলো। নাৰীক লৈ তেওঁ সদায় সচেতন। তেওঁ নিবিচাৰে নাৰীক লৈ কোনোবাই বিজ্ঞাপন কৰক। নাৰীৰ দেহক কোনোবাই পণ্য সামগ্ৰী কৰাতো তেওঁ বিৰোধী। এয়া তেওঁ সহ্য নকৰে।

সাহিত্যত এতিয়া চলে দুৰ্নীতি। সাহিত্যৰ দুৰ্নীতি এয়া তেওঁৰ মতে-

আমি কথা পাতি আছিলো তেওঁৰ জীৱন আৰু সৃষ্টি-কৰ্মৰ সন্দৰ্ভত। তেওঁৰ  বিষয়ে ইতিমধ্যে বহু লেখা-মেলাও হৈছে। তাৰ মাজতে কিছু কথা বাদ পৰি গৈছে। ঘৰৰ প্ৰতিটো কাম নিজেই কৰি সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনৰ সৈতে তেওঁ জড়িত হৈ আছে দীৰ্ঘ সময়জুৰি। ৰান্ধি তেওঁ ভাল পায়। এতিয়াও তেওঁ নিজৰ কাপোৰ নিজে ধোৱে।

কেৱল এয়াই নহয়, জীৱনত কি কৰা নাই এলি আহমেদে। গান গাইছে, কেমেৰা লৈ ছবিৰ সম্পাদনাৰ কামতো তেওঁ ব্যস্ত হৈছে। বহুতে অৱশ্যে এটা কথা নাজানে- এলি আহমেদ আছিল এসময়ত ভাল যাদুকৰো। আমাৰ অনুৰোধত তেওঁ হাতত তুলি ল'লে যাদুকৰৰ টুপি। খালী টুপিটো আমাক দেখুৱাই তাৰ পৰা উলিয়াই দেখুৱালে এপাহ ৰঙা ফুল।

কথা সুধিবলৈ তেওঁক মানুহে ভয় কৰে। কিয়নো তেওঁ কাকোৱেই কেয়াৰ নকৰে। জীৱন তেওঁ সংগ্ৰামৰ মাজেৰে গঢ়িছে। তেওঁক আমি সুধিলো পোনপটীয়াকৈ- জীৱনৰ দ্বিতীয় অধ্যায় আৰম্ভ নকৰিলে কিয়? তেওঁ ক'লে- প্ৰেম তেওঁৰ আজিও আছে। সেই প্ৰেম গোপন। সেই গোপন কথা তেওঁ নকয় কাকো।

এইদৰে তেওঁৰ সৈতে কটালো বহু সময়। তেওঁ ক'লে জীৱনৰ কথা। তেওঁ বহুতৰ বাবে অনুপ্ৰেৰণা। লিখা-মেলাই তেওঁৰ মুলতঃ উপাৰ্জনৰ পথ। স্বাভিমানী এইগৰাকী বিদূষী মহিলাই অনবৰতে লৈ ফুৰে অসমীয়া হোৱাৰ গৌৰৱ। কথা তেওঁ মুখৰ আগত ক'ব পাৰে। কাৰোলৈ তেওঁ ভয় নকৰে। কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, তালৈ তেওঁৰ ভ্ৰূক্ষেপ নাই। অকলশৰেই তেওঁ যুঁজিব পাৰে।

৮৩ বছৰ বয়সতো যুঁজি আছে তেওঁ। অন্যায়-অবিচাৰৰ বিৰুদ্ধে, নাৰীৰ স্বাধীনতাৰ পক্ষে আৰু সমাজ সচেতনতাৰ বাবে তেওঁ সদায় থিয় দিয়ে। 'ওৰণি' তেওঁৰ আছিল সপোনৰ আলোচনী। কথা যেনেকৈ কয়, কামো তেওঁ তেনেকৈয়ে কৰে। তেওঁৰ কামবোৰৰ মূল্যায়ন হয়তো আজি হোৱা নাই। কিন্তু এদিন সেইবোৰৰ উচিত মূল্যায়ন হ'ব। বিচাৰ হ'ব তেওঁ কি কৰিছিল। তেতিয়াহে মানুহে অনুভৱ কৰিব এলি বাইদেউ অৰ্থাৎ এলি আহমেদে অকলশৰে কিমানখিনি কৰি গ'ল আমাৰ বাবে।