মুখ্য-পৃষ্ঠা

বিজয়া দশমীৰ ৰাজপথৰ কাহিনী…

asomiyapratidin

► মৃদুল কুমাৰ সন্দিকৈ

এতিয়া সকলোৰে মুখত এই প্ৰশ্ন। পাণ দোকানখনৰ সন্মুখত ৰৈ থকা গ্ৰাহকজনে পাণ দোকানীজনক সুধিলে- পূজা কেনে? পাণ দোকানীজনে বৰ উৎসাহেৰে উত্তৰ নিদিলে। আগৰ বাৰতকৈ এইবাৰ পূজাৰ বজাৰ বেয়া।

মহানগৰীৰ বাট-পথত যথেষ্ট ভিৰ। কালিলৈকে পূজা মণ্ডপ শুৱনি কৰি থকা প্ৰতিমাবোৰ গাড়ীত তুলি বিসৰ্জনৰ বাবে লৈ যোৱা দৃশ্য চাবলৈ মানুহে ভিৰ কৰিছে। তাৰ মাজতো দুই-এজনৰ মন্তব্য- 'এইবাৰ পূজা আগৰবাৰৰ তুলনাত নজমিল।'

চানমাৰিৰ পৰা দুখন ট্ৰাকত তুলি প্ৰতিমাবোৰ ভক্তসকলে শোভাযাত্ৰাৰে বিসৰ্জনস্থলীলৈ লৈ গৈছিল। মা দুৰ্গাক বিদায় দিয়াৰ বাবে এই যাত্ৰা। তাৰ মাজতে এগৰাকী মহিলাই আন এগৰাকীক ক'লে- 'মোৰ যে নিজকে দুৰ্গা যেনেই লাগে। কেতিয়াবা ইমান আদৰ-সাদৰ আৰু কেতিয়াবা এই দুৰ্গাৰ দৰেই গুৰুত্বহীন হৈ পৰো ঘৰত। মাথোঁ পাৰ্থক্য এটাই, মোক বিসৰ্জন দিয়া নাই এতিয়ালৈকে।'

বিজয়া দশমীৰ দিনাই দেৱীক বিসৰ্জন দিয়া হয়। কথিত আছে মৰ্ত্যৰ পৰা দেৱী উভতে। এই দিনটোৰ আন এক বিশেষত্ব আছে। ৰাৱণক বধ কৰি ৰামচন্দ্ৰ উভতিছিল গৃহ ৰাজ্যলৈ। ৰাৱণক বধ কৰি ৰামচন্দ্ৰই ঘূৰি অহা দিনটোক অন্যায়, অত্যাচাৰৰ বিনাশৰ প্ৰতীক বুলি ধৰা হয়।

চানমাৰিৰ পৰা দেৱীৰ প্ৰতিমা লৈ বিসৰ্জনস্থলীলৈ আগবঢ়া শোভাযাত্ৰা পাৰ হৈ গ'ল। পদপথত ৰৈ থাকিল ৬টা শিশু। সিহঁতৰ মুখত- দুৰ্গা মা কী জয়। সাজ-পোছাক দেখিলে তেনেদৰে সিহঁতে চিঞৰিব বুলি ভবা নাযায়। চকুৰ সন্মুখতে সেই দৃশ্য দেখি সিহঁতৰ ফালে আগবাঢ়ি গ'লো।

পূজাত হেনো এইবাৰ সিহঁতে বৰ আনন্দ কৰিলে। কোনোবাটোৱে পিষ্টল কিনিলে, কোনোটোৱে কিনিলে ডলফিন। তেতিয়া সময় দিনৰ ১২ বাজিছিল। সিহঁত কেইটাৰ পৰিচয় সুধিলো। কৈ গ'ল সিহঁতৰ নাম- 'মোৰ নাম মাদিদ, মই মিৰ্ছেন, মই আব্বাছ, এইটো আচাদুল, মই সমৰ আলী আৰু ই নবীনুৰ।'

পূজাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ এই দৃশ্য চাবলৈ সিহঁতি ওলাই অহা নাছিল। কিন্তু পূজা চাবলৈ ওলাই গৈছিল। ১২.৪৫বজাত নামাজ। নামাজ পঢ়িবলৈ মছজিদলৈ আহোতেই বাটত সেই দৃশ্য দেখা পাই সিহঁতে উপভোগ কৰিলে।

পূজাৰ কথা কৈ গ'ল এই ৬টি শিশুৱে। কি কিনিলে, পূজাত কি কৰিলে সকলো এফালৰ পৰা কৈ গ'ল কোনোবা বন্ধুক কোৱাৰ দৰে। ফুটপাথত ৰৈ সিহঁতৰ সৈতে পূজাৰ কথা পাতিলো। সিহঁতক সুধিলো- কেনে লাগিল এইবাৰ পূজা? গোটেই কেইটাই একেমুখে কোৱাৰ দৰে ক'লে- পূজা বৰ ভাল লাগিল। এটি কণমানি আছিল। তাৰ বয়স আটাই কেইজনতকৈ কম। সম্ভৱ ৪-৫ বছৰ। সিওঁ ক'লে- পূজাতো মই চাৰিদিনেই চালো। কি কি কিনিলে, তাৰ এখন তালিকা সি দাঙি ধৰিলে। বন্দুক এটা কিনিলে সি পূজা বুলি।

দুৰ্গা পূজাৰ আনন্দ-উল্লাহৰ মাজত এইদৰে চামিল হ'ল এই কেইটা শিশু আৰু মছজিদলৈ যোৱা পথত পূজাৰ বিসৰ্জনৰ বাবে অহা মানুহবোৰৰ সৈতে মা দুৰ্গাৰ বন্দনাও কৰিছিল। সাধাৰণ যেন লগা এক অসাধাৰণ দৃশ্য। মহানগৰীৰ ৰাজপথত হঠাৎ সম্প্ৰীতিৰ জয় গান। এই শিশু কেইটাৰ মনত নাই কোনো ধৰ্মীয় গৌড়ামি। সিহঁতে বুজি নাপায় হিন্দু-মুছলমানৰ মাজত পাৰ্থক্য কি? পখিলা খেদা বয়স সিহঁতৰ। আলসুৱা আৰু সৰলতাৰে ভৰা সেই জীৱন কেনেদৰে বুজি পোৱাৰ লগে লগে বহুতৰ বাবে এনে কিছু ঠেক মনোভাৱৰ মাজত বন্দী হৈ পৰে।

সমদলটো পাৰ হৈ গৈছিল। সিহঁতৰ সৈতে কথা পাতিলো পূজা আৰু সিহঁতৰ পৰিয়ালৰ বিষয়ে। দৰিদ্ৰ পৰিয়ালৰ এই ৬টা শিশুৰ অভাৱ-অনাটন আছে। কিন্তু নাই মনৰ সেই সংকীৰ্ণতা। মাদিদে কথা পাতি থকাৰ মাজতে ক'লে- আমি যাওঁ নেকি, নামাজৰ সময় দেৰি হ'ব…। তাৰ ওপৰত আন এটাই ক'লে- ১২.৪৫ হোৱা নাই নহয়, কিমান হৈছে সময়? মোকেই সুধিলে। তেতিয়া সময় ১২.২৫ বাজিছিল।

'৫ মিনিট লাগিব, পাই যাম।'- সৰু ল'ৰাটোৱে আকৌ ৰাজপথলৈ ডিঙি মেলি চালে। কিজানি আহিছে আন কোনোবা প্ৰতিমা কঢ়িওৱা গাড়ী। তাৰ অনুমানেই সঠিক। সেই পথেৰে আহি আছিল আন এখন প্ৰতিমা কঢ়িওৱা গাড়ী আৰু এটা সমদল। ফুটপাথতে ৰৈ সিহঁতে আকৌ দুৰ্গা মা কী জয় শ্ল'গান দিলে। বিজয়া দশমীৰ শুভেচ্ছা জনালে।

নামাজলৈ গৈ থকা পথত বিজয়া দশমীৰ শুভেচ্ছা জনোৱা এই কেইটা কণ কণ দেৱসুলভ শিশুৰ মনত নাই কোনো কলুষতা। সিহঁতৰ দৃষ্টিত পূজা মানেই উচাহ-আনন্দ। নামাজ সিহঁতৰ দৈনন্দিন ৰুটিনৰ এক শৃংখলিত জীৱনৰ আত্মসংযমৰ প্ৰাৰ্থনা।

আনৰ পূজা হয়তো ভাল হোৱা নাই। কাৰোবাৰ ব্যৱসায় বেয়া, আন কাৰোবাৰ দৃষ্টিত পূজাত মানুহ হোৱা নাই, বহু পূজা কমিটিয়ে পূৰ্বৰ তুলনাত কম বাজেটেৰে দুৰ্গা পূজা পাতিব লগা হৈছে। তেনেবোৰ কাৰণত এইবাৰ পূজাক লৈ সামূহিক অৰ্থত বেছি ভাগেই সন্তুষ্ট নহয়। কিন্তু ব্যতিক্ৰম এই শিশু কেইটা। সিহঁতি পূজাত ফূৰ্তি কৰিছে, আনন্দ কৰিছে আৰু নামাজলৈ অহা পথত বিসৰ্জনৰ বাবে অনা মা দুৰ্গাৰ প্ৰতিমা দেখি চিঞৰিছে- দুৰ্গা মা কী জয়।

পূজাৰ এক সুকীয়া আমেজ আছে। পূজাৰ বতৰত আনন্দ-উৎসাহৰ মাজত জীপাল হৈ উঠে প্ৰকৃতিয়ে দি যোৱা অনুভৱৰ ৰমণীয় পৰিৱেশ। নিৰ্মল আকাশ, তল সৰা নিয়ৰৰ টোপাল, ঠাণ্ডা বতাহ, ৰং-বিৰঙৰ লাইটৰ পোহৰ। সকলোৰে সংমিশ্ৰণ ঘটে।

পূৰ্বৰ তুলনাত এইবাৰৰ পূজা কিছু ব্যতিক্ৰম আছিল। যি কাৰণতেই নহওঁক, পূজা চাবলৈ যেন মানুহৰ আগ্ৰহ কমিছে। পূজা চোৱা সলনি বহুতে সপৰিয়াল লৈ ভাল লগা ঠাইত সময় অতিবাহিত কৰিছে। ভিৰ ঠেলি দুৰ্গা পূজা চোৱা সেই পুৰণি স্মৃতি ক'ৰবাত যেন যতি পৰিছে।

সেই উপলব্ধিৰ মাজতে ব্যতিক্ৰম এই ৬ শিশু। পূজাৰ কথা কোৱা লগে লগে আঙুলিৰ এক বিশেষ ভংগীমাৰে গোটেই কেইটাই ফটোৰ বাবে প'জ দিলে। ক'লে- আমি পূজাত বহুত ফূৰ্তি কৰিলো। সেই আনন্দৰ আভা তেতিয়াও সিহঁতৰ চকুত বিৰাজমান।

পূজা আহে, পূজা যায়। এয়া প্ৰকৃতিৰ নিয়ম। এইবাৰো পূজা আহিল, পূজা গ'ল। দুখ মনেৰে ভক্তই মা দুৰ্গাক বিজয়া দশমীৰ দিনা নদীত উটুৱাই দিলে। ভক্তৰ পূজা, আৰাধনা গ্ৰহণ কৰি স্বৰ্গলৈ গুচি গ'ল দুৰ্গা। অশুভ শক্তিক বিনাশ কৰিবলৈ আহে মা দুৰ্গা। শান্তিৰ প্ৰতিষ্ঠা, দুষ্টক দমন, শান্তক পালনৰ বাবে অহা মা দুৰ্গাৰ আৰাধনা অন্ত পৰিল এই বছৰৰ বাবে।

অশুভ পৰম্পৰা-প্ৰৱণতাৰ বিৰুদ্ধে দুৰ্গা পূজাৰ এই সময়। এই সময়ৰ পাছতো এনে বহু অশুভ শক্তিয়ে সমাজখনক ধৰ্মীয় চিন্তা ধাৰাৰে বিভাজন কৰিবলৈ চেষ্টা কৰে। সেই অশুভ শক্তিবোৰৰ বিৰুদ্ধেই যেন এই ৬ শিশুৱে এক বাৰ্তা দিলে।

ধৰ্মীয় দৃষ্টিকোণতকৈ তেওঁলোক বহু ওপৰৰ। তেওঁলোকক ঢুকি নাপায় হিন্দু-মুছলমানৰ বিভাজনৰ ৰাজনীতিয়ে। দুৰ্গা পূজাৰ পৰিৱেশৰ মাজত এনে এক দৃশ্য কিন্তু বৰ অৰ্থবহ। যিসকলে এই ধৰ্মীয় বিভাজনৰ বীজ ৰোপণ কৰি সমাজৰ সাতামপুৰুষীয়া ঐক্যৰ প্ৰতি ৰাজনৈতিক, সামাজিক, আন কাৰণত ভাবুকি আনিব খোজে, তেওঁলোকৰ বাবে ই এক বাৰ্তা।

দশমীৰ দিনা এই দৃশ্য হঠাৎ দেখা পাই যিকোনো বিবেকবান মানুহে এবাৰলৈ হ'লেও ভাবিব- এই কণমানিকেইটা জ্যেষ্ঠজনতকৈ, হিন্দু-মুছলমানৰ নাম লৈ ৰাজনীতি কৰা সকলতকৈ শ্ৰেষ্ঠ হয় নে নহয়।

বিজয়া দশমী। এই দিনটোতেই মাদিদ, মিৰ্ছেন, আব্বাছ, আচাদুল, সমৰ আলী আৰু নবীনুৰে জনালে বিজয়া দশমীৰ শুভেচ্ছা। কাৰোবাৰ বাবে পূজা ভালেৰে নগ'লেও, সিহঁতৰ বাবে ভালেই গ'ল পূজা। আব্বাছে কৈছিল- 'বিন্দাছ গ'ল পূজা। বিৰাট স্ফূৰ্তি কৰিলো। আজি শুকুৰবাৰ, এতিয়া গৈ আছো মছজিদত নামাজ পঢ়িব…।'