মুখ্য-পৃষ্ঠা

সত্তৰ হাজাৰ অসমীয়াৰ বিশ্ব জিনাৰ যাত্ৰা

asomiyapratidin

► মৃদুল কুমাৰ সন্দিকৈ

'মই তেতিয়া ডেনমাৰ্কত আছিলো। অসমীয়া ভাষা-সাহিত্যক লৈ আমাৰ অলপ কথা-বতৰা হৈ থাকে। আমি কি কৰিব পাৰো, তাক লৈ চিন্তা কৰো। ইজনে সিজনক আমি নাজানো। ছ'চিয়েল মিডিয়া, ইণ্টাৰনেটৰ জৰিয়তে আমাৰ এই সম্পৰ্ক গঢ় লৈ উঠিছিল। বনজিৎ পাঠক, সত্যকাম দত্ত আৰু ঠিক তেনেকৈ দিল্লীৰ পৰা মিতালী বৰ্মনৰ সৈতে আমাৰ আলোচনা হৈছিল। ইণ্টাৰনেট ব্যৱহাৰ কৰা অসমীয়াসকলে ফেচবুকৰ প্রফাইল পিকছাৰৰ সৈতে নিজৰ নামটো অসমীয়াত লিখিব লাগে। আলোচনাৰ অন্তত তেনে এক প্ৰস্তাৱেই দিছিল বনজিৎ পাঠকে। আচলতে এক আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি আছিল অফুৰন্ত। এই সঁহাৰিৰ ফলতেই 'অসমীয়াত কথা-বতৰা' নামৰ ফেচবুক গ্ৰুপটোৰ জন্ম হৈছিল।'

পংকজ বৰাক টেলিফোনত সুধিছিলো 'অসমীয়াত কথা-বতৰা' গ্ৰুপটোৰ বিষয়ে। তেওঁ কৈছিল এই গ্ৰুপটোৰ জন্মৰ কাহিনী। তাৰ আগতে হিমজ্যোতি তালুকদাৰৰ সৈতে এই সন্দৰ্ভত কথা হৈছিল। এই গ্ৰুপটোৰ সৈতে জড়িত হৈ আছিল হিমজ্যোতিও। এনাজৰী ডট কম নামৰ গ্ৰুপটোৰ জৰিয়তে পৰিচিত হৈ পৰা হিমজ্যোতিয়ে কৈছিল আন কিছু কথা। দুয়োজনৰ সৈতে কথা পাতি এটা কথা অনুভৱ হ'ল- এয়া সাধাৰণভাৱে কৰা অসাধাৰণ কাম।

পংকজ বৰাই কোৱা মতে, ২০১০চনতেই আৰম্ভ হৈছিল এই গ্ৰুপটোৰ। লাহে লাহে এই গ্ৰুপটোৰ সদস্যৰ সংখ্যা বৃদ্ধি পালে। বনজিৎ পাঠকৰ সঁহাৰিৰ প্ৰতি আহ্বান জনাই অসমীয়াত নিজৰ নাম লিখি ফেচবুকত প্ৰফাইল ফটো আপলোড কৰিলে বহুতে। গ্ৰুপটোৰ বাবে কিছু নীতি-নিয়ম নিৰ্ধাৰণ কৰা হ'ল। তাৰ ভিতৰত অন্যতম আছিল- ইয়াত কোনো ৰোমান লিপিৰে অসমীয়াত লিখিব নোৱাৰিব। তেতিয়াও বহুতে কম্পিউটাৰ, ম'বাইলত অসমীয়া লিখিব জনা নাছিল। সেইবোৰ ইজনে সিজনেক শিকোৱা পৰ্ব আৰম্ভ হ'ল।

এয়া এক বিপ্লৱৰ আৰম্ভণি আছিল। সেই বিপ্লৱ আছিল ইণ্টাৰনেট বা ছ'চিয়েল মাধ্যমত অসমীয়া লিখো আহক। লাহে লাহে গ্ৰুপৰ সদস্যৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। পংকজ বৰাই কৈ গ'ল এই কাহিনী। সুধাকণ্ঠ ভূপেন হাজৰিকা ঢুকাইছিল ২০১১চনৰ ৫ নবেম্বৰত। সুধাকণ্ঠক শেষ বিদায় জনাবলৈ বা শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছিল লক্ষ লক্ষ মানুহ। কিন্তু ব্যতিক্ৰম ধৰণে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনালে এই গ্ৰুপটোৰ সদস্যসকলে। দিনে-নিশাই কাম কৰি ইউনিক'ডত ৩-৪দিনৰ ভিতৰতে সুধাকণ্ঠৰ কেবাশ গীতৰ লিখিত ৰূপ উপলব্ধ কৰালে এই ইণ্টাৰনেটত।

তাতে অন্ত নপৰিল 'অসমীয়াত কথা-বতৰা'ৰ যাত্ৰা। লাহে লাহে এটাৰ পাছত আনটো কাম কৰি গ'ল তেওঁলোকে। প্ৰত্যাহ্বান তেওঁলোকৰ বাবে যথেষ্ট আছিল। সেই প্ৰত্যাহ্বানক নেওচি এজনে আনজনক নেদেখাকৈ সুৰুচিপূৰ্ণভাৱে এই গ্ৰুপটোক গঠনমূলক আলোচনা আৰু সৃষ্টিশীল এখন মঞ্চৰূপত গঢ়ি তুলিলে। ফেচবুকত সীমাৱদ্ধ হৈ থকা গ্ৰুপটোৱে আকৌ নতুন চিন্তাৰ উন্মেষ ঘটালে। এইবাৰ তেওঁলোকে ভাবিলে- আন কিছু কাম তেওঁলোকে এই মাধ্যমৰ জৰিয়তে কৰিব। সেই উমৈহতীয়া মঞ্চত ন ন লিখকৰ সৃষ্টি হ'ল। আৰম্ভণিৰ দিনৰ পৰা আজিৰ তাৰিখলৈকে সম্পূৰ্ণ সুৰুচিপূৰ্ণ আৰু গঠনমূলক আলোচনাৰে মান সম্পন্ন লেখা-কবিতা, চিন্তা-চৰ্চাৰে ইয়াৰ টাইমলাইন ভৰি পৰিল। তেতিয়াই তেওঁলোকে ভাবিলে, এই লেখাবোৰ ক'ৰবাত সংগ্ৰহ কৰি থোৱাৰ কথা।

সেই অনুসৰিয়েই 'অসমীয়াত কথা-বতৰাৰ নিৰ্বাচিত লেখা' নামেৰে এটা ব্ল'গ খুলিলে। আৰম্ভ কৰিলে নিৰ্বাচিত লেখাবোৰ ফেচবুকৰ পৰা আনি তাত সাঁচি থোৱাৰ পৰ্ব। এইবোৰেই কেৱল তেওঁলোকে কৰা নাছিল। মন কৰিলেই চন। পংকজ বৰাই কৈছিল- 'আমি এদিন কীৰ্তন ঘোষাখন ইউনিকডলৈ ৰূপান্তৰ কৰাৰ কথা ভাবিলো। আগ্ৰহীসকলে এই কথাত হাত উজান দিলে। ৩০-৪০জন মানে লাগি গ'লো। এসপ্তাহতে কীৰ্তনঘোষা ইউনিক'ডলৈ ৰূপান্তৰ কৰি পেলালো। কেৱল এয়াই নহয়, পদ্মনাথ গোঁহাই বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱাকে ধৰি আমাৰ মহীৰূহসকলৰ বহু পুৰণি লেখাবোৰ ইউনিক'ডৰ জৰিয়তে ইণ্টাৰনেটত উপলব্ধ কৰোৱা হ'ল।'

থমকি নৰ'ল তেওঁলোক। নিতৌ নতুন আলোচনা-বিলোচনাৰে অসমীয়া ভাষা-সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক যাত্ৰাৰ আৰম্ভণি ঘটালে তেওঁলোকে। বহু প্ৰতিষ্ঠিত লেখক-লেখিকাই তেওঁলোকৰ এই যাত্ৰাৰ সহযাত্ৰী হ'ল। কৰ্ম ব্যস্ততাৰ মাজেৰে দেশ-বিদেশৰ লোকসকলে এখন উমৈহতীয়া মঞ্চ গঢ়ি তুলিলে। তাৰপাছত তেওঁলোকে আন এক চিন্তা কৰিলে। এই লেখাবোৰৰ জৰিয়তে তেওঁলোকৰ মনোবল বাঢ়িল। প্ৰকাশ কৰাৰ কথা চিন্তা কৰিলে এখন ই-আলোচনী। এই প্ৰস্তাৱ লৈ আলোচনা হ'ল পংকজ বৰা আৰু সত্যকাম দত্তৰ। সত্যকাম দত্তই ক'লে, তেওঁৰ এটা ড'মেন ক্ৰয় কৰি থৈছে সাহিত্য ডট অৰ্গ নামৰ (xahitya.org)। সেই আলোচনাও বাস্তৱ হ'ল। সেয়া আছিল ২০১১চনৰ কথা। তেতিয়াৰে পৰা নিয়মীয়াকৈ প্ৰতি মাহে প্ৰকাশ পাই আছে এই ই-আলোচনীখন। সপ্তম বছৰৰ সপ্তম সংখ্যাটো ইতিমধ্যে প্ৰকাশ পাইছে। সকলোৱে নিঃস্বাৰ্থভাৱে কৰি গৈছে এই কাম।

কোনোবাই যদি নিশা উজাগৰে থাকি প্ৰুফ চাইছে, কোনোবাই ছবি আঁকিছে। তেওঁলোকৰ মাজত কাৰোবাৰ দেখা-দেখিয়েই হোৱা নাই। হোৱাটছএপৰ এটা গ্ৰুপ আছে। সেইটোত তেওঁলোকে আলোচনা কৰে, সভা পাতে। ইয়াত কোনো প্ৰকাশক নাই, নাই কোনো নিৰ্দিষ্ট সম্পাদক। প্ৰতিটো সংখ্যাৰ বাবেই একো একোজন সম্পাদকক দায়িত্ব দিয়া হয়। তেওঁলোকৰ থাকে সম্পূৰ্ণ স্বাধীনতা।

ভূপেন হাজৰিকাৰ গীতবোৰ ইউনিক'ডলৈ ৰূপান্তৰ কৰাৰ পূৰ্বেই ২৪ জুলাই, ২০১১ত 'অসমীয়াত কথা-বতৰা' গ্ৰুপে গুৱাহাটীৰ এক অগতানুগতিক অনুষ্ঠানত 'সাহিত্য ডট অৰ্গ' ৰাইজলৈ আগবঢ়াই দিছিল। এই ই-আলোচনী উদ্বোধন কৰিলে অসমীয়া ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য্য বৰাৰ ভগ্নীয়ে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত এতিয়া বহুজন। টাইৱানত থকা মনোজমন কলিতা, তেতিয়া নতুন দিল্লীত থকা হিমজ্যোতি তালুকদাৰ, ইন্দোৰত থকা অঞ্জল বৰা, হায়দৰাবাদত থকা মনজিৎ নাথ, শ্বিলঙৰ সত্যকাম দত্ত, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মিতালী বৰ্মন আদি লগ লাগি এক নতুন ৰূপত 'অসমীয়াত কথা-বতৰা' আৰু 'সাহিত্য ডট অৰ্গ'ক অসমীয়া পাঠকৰ বাবে আগবঢ়াই দিলে।

এয়া আছিল এক অত্যান্তিক প্ৰচেষ্টাৰ ফচল। সাত সাগৰ, তেৰ নদীৰ সিপাৰত থাকিও বিচাৰিলে ইণ্টাৰনেটত এতিয়া উপলব্ধ হয় কীৰ্তন নামঘোষা। ফেচবুকত থকা 'অসমীয়াত কথা-বতৰা' গ্ৰুপটোৰ উদ্যোগতেই অসমীয়া ভাষাৰ অনবদ্য সৃষ্টিৰাজিক বিশ্বজনীন কৰা হ'ল। টেটোন তামুলী, ৰসৰাজ বেজবৰুৱাৰ মহান সৃষ্টিৰ পৰা আৰম্ভ কৰি নিৰ্বাচিত লেখা ইউনিকডলৈ ৰূপান্তৰিত কৰাৰ কামৰ শুভাৰম্ভ ঘটিল। মাধৱদেৱৰ নামঘোষাখনো ইউনিক'ডলৈ ৰূপান্তৰ কৰিলে দিল্লীত থকা প্ৰতিম প্ৰতাপ বৰুৱাই। দেশ-বিদেশৰ বিভিন্ন স্থানত থকা গোটৰ সদস্যসকলে তথ্য-প্ৰযুক্তিৰ এই সুবিধা গ্ৰহণ কৰি অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইন্টাৰনেটত চলোৱা এই প্ৰচেষ্টা এতিয়া অন্যতম সফল ফচল হিচাপে পৰিগণিত হৈছে।

বিশ্বজনিন এই যাত্ৰাত আঞ্চলিক ভাষাৰ বিস্তাৰত এই গ্ৰুপটোৰ ভূমিকা এতিয়া কোনেও নুই কৰিব নোৱাৰে। এদিন ইউনিকডত অসমীয়া লিখিব বা পঢ়িবলৈ এওঁলোকে আৰম্ভ কৰিছিল আন্দোলন। সাহিত্য একাডেমী বঁটা বিজয়ী ড০ ৰীতা চৌধুৰী, ৰাজেন বৰুৱা আদি দেশ-বিদেশৰ বিভিন্নজন ইয়াৰ সৈতে জড়িত হৈ পৰাৰ লগতে দেৱব্ৰত গগৈ, সত্যকাম দত্ত, পংকজ বৰাৰ প্ৰচেষ্টাত ই নতুন গতি লাভ কৰিলে। ইউনিক'ডত সুধাকণ্ঠৰ ৬০০ গীত অসমীয়ালৈ ৰূপান্তৰ কৰি সুধাকণ্ঠৰ প্ৰতি সেই সময়ত নেটিজেনসকলে শ্ৰদ্ধাঞ্জলি জনালে। akansya.blogspot.in নামৰ ঠিকনাত বংশানুক্ৰমে এই গীতবোৰ সজোৱা হৈছিল। ৩-৪দিনৰ ভিতৰত স্বেচ্ছামূলক সেৱাৰে এই কাম কৰাতো মুখৰ কথা নাছিল।

ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ স্থায়ীকৰণৰ বাবে অসমৰ সুসন্তানসকলে দেশৰ লগতে বিশ্বৰ ৫৭খন দেশক সামৰি পাঠকৰ এক বৃহৎ মঞ্চ গঠন কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে তেওঁলোকে ইতিমধ্যে যথেষ্ট স্বীকৃতি লাভ কৰিছে। আনহে নালাগে, ইণ্টাৰনেটত তেওঁলোকে উপলব্ধ কৰিছে নলিনীধৰ ভট্টাচাৰ্যৰ আত্মজীৱনীখনো। www.xahitya.org নামৰ ৱেবছাইটত উপলব্ধ নলিনীধৰ ভট্টাচাৰ্যৰ এই আত্মজীৱনী। আত্মজীৱনীখন ইন্টাৰনেটত অনুলিখন কৰিছিল নতুন দিল্লীৰ অনুপমা বৰগোঁহাই, দক্ষিণ কোৰিয়াৰ সামন্ত্য কে গোস্বামী, গুৱাহাটীৰ মঞ্জিল কোঁৱৰ, টাইৱানৰ মনোজমন কলিতা, গুৱাহাটীৰ ধ্ৰুৱজ্যোতি শৰ্মা, আমেৰিকাৰ তিৰুজ্যোতি দাস বৰা, গুৱাহাটীৰ সুৰজিৎ নেওগ আৰু চৌদি আৰৱৰ আখটাৰ হুছেইন চৌধুৰীয়ে।

ইমানখিনি কাম কৰাৰ পাছত 'অসমীয়াত কথা-বতৰা'ক লৈ গৌৰৱ নকৰাৰ কোনো থল থাকিব নোৱাৰে। প্ৰতিজন অসমীয়াই এই গ্ৰুপটোক লৈ এতিয়া গৌৰৱ কৰিব পাৰে। সাহিত্য ডট অৰ্গত প্ৰকাশিত সাক্ষাৎকাৰ সমূহ সদায় অনন্য। তেওঁলোকৰ চিন্তা-চেতনাত উদাৰতাৰ লগতে বাস্তৱ আৰু সময়ৰ সৈতে খাপ খাব পৰাকৈ জাতীয়তাবোধৰ প্ৰগতিশীল সচেতনতা ফুটি উঠিছে। কিন্তু ই বিশ্বজনীন, ই ৰক্ষণশীল নহয়। এই গ্ৰুপতেই সাহিত্য চৰ্চা কৰি বহু কেইজন এতিয়া ৰাইজৰ প্ৰতিষ্ঠিত লিখক হিচাপে পৰিচিত হৈ পৰিছে। প্ৰতিম প্ৰতাপ বৰুৱা, দিগন্ত কুমাৰ ভট্টাচাৰ্য, ডাঃ ভূপেন শইকীয়া আদি তেনে কেইটামান নাম। এই গ্ৰুপতেই সৃষ্টি হৈছে চুটি গল্পৰ অন্য এক ধাৰা। সেয়া হ'ল 'অণুগল্প'।

ইয়াৰ মান আৰু নিৰ্মাণ সন্দৰ্ভত সমালোচকে নিশ্চয় এদিন বিচাৰ কৰিব । কিন্তু সেই সৃষ্টিক কোনেও নুই কৰিব নোৱাৰে। এনেদৰে সময় অতিবাহিত হ'ল। এদিন বিদেশৰ পৰা ঘূৰি আহিল পংকজ বৰা। সময় তেওঁৰ কমি আহিল। মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকন'লজি বিভাগৰ প্ৰবক্তা হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁ যোগদান কৰিলে। কিন্তু তেওঁলোকে যি মঞ্চ নিৰ্মাণ কৰিছিল, সেই কৰ্মৰ সৈতে জড়িত লোকসকলে সেই কৰ্মস্পৃহা এৰি নিদিলে।

এতিয়া স্বতঃস্ফূৰ্তভাৱে হৈ যায় কামবোৰ। সাহিত্য ডট অৰ্গৰ কোনো নিৰ্দিষ্ট সম্পাদক নাই। তাৰ কাৰণ হ'ল- কোনো এজন ব্যক্তিৰ মতাদৰ্শ বা আদৰ্শ সদায় প্ৰতিফলিত হ'ব নালাগে। সকলোৱে তাত স্বাধীনভাৱে, সুৰুচিপূৰ্ণভাৱে নিজৰ মত, লেখা নিৰ্বাচন কৰাৰ অধিকাৰ আছে। নিৰ্দিষ্ট মতাদৰ্শ লৈ সাহিত্য ডট অৰ্গক তেওঁলোকে আগুৱাই নিব নিবিচাৰে। মৃদুল কুমাৰ শৰ্মাৰো ইয়াত যথেষ্টখিনি বৰঙণি আছে।

লেখা যথেষ্ট আহে। সকলোবোৰ প্ৰকাশ কৰাতো সম্ভৱ নহয়। তেওঁলোকে ভাবে  ছপা মাধ্যম কেতিয়াও তেওঁলোকৰ প্ৰতিদ্বন্দী নহয়। অসমীয়া ভাষা-সাহিত্যৰ বাবে তেওঁলোকে সমিলমিলে আগুৱাই যাব খোজে। 'অসমীয়াত কথা-বতৰা'ত প্ৰকাশিত লেখা-মেলা এতিয়া অসমীয়া বাতৰি কাকতে যথেষ্ট গুৰুত্বসহকাৰে প্ৰকাশ কৰে। এই বিষয়ে কথা পাতোতে হিমজ্যোতি তালুকদাৰেও কৈছিল- অসমীয়া ভাষা-সাহিত্যৰ বাবে ই এক ভাষা ব্যঞ্জক পদক্ষেপ আছিল।

বহুতৰ বাবে ফেচবুক-হোৱাটছএপ কাম নাইকীয়া মানুহে কৰে। তেওঁলোকে নাভাবে এনেকৈ। ফেচবুক-হোৱাটছএপৰ মাধ্যমৰে ই-বিশ্বত তেওঁলোকে অসমীয়া সাহিত্যক আগুৱাই লৈ গৈছে। ইতিমধ্যে সাহিত্য ডট অৰ্গে আন এক স্বীকৃতি লাভ কৰিছে। ইউ জি চিয়ে এই ৱেবছাইটটোক ইউ জি আৰু পি জি শ্ৰেণীৰ বাবে ৰেফাৰেন্স ৱেব পৰ্টেল হিচাপে স্বীকৃতি দিছে।

তেওঁলোকৰ আৰু কিছু পৰিকল্পনা আছে। দিনে দিনে গুণগত লেখাৰ সংখ্যা এই গ্ৰুপটোত বাঢ়িছে। কুল শইকীয়া, হৰেকৃষ্ণ ডেকাকে ধৰি ৰাজ্যৰ প্ৰতিষ্ঠিত লেখকৰ লগতে নতুন লেখকে লেখা পঠাই ইয়ালৈ। সেয়ে তেওঁলোকে পৰিকল্পনা কৰিছে- জাৰ্ণেলত যিদৰে গৱেষণা পত্ৰ প্ৰকাশৰ প্ৰেৰণ কৰাৰ পাছত সেইবোৰ দুই-তিনিজন বিশেষজ্ঞলৈ পঠাই দিয়ে। আৰু তেওঁলোকে সেই গৱেষণা পত্ৰ পঢ়ি দিয়া মন্তব্যৰ ওপৰত ভিত্তি কৰি প্ৰকাশ কৰা-নকৰাৰ সিদ্ধান্ত লয়। একেদৰেই সাহিত্য ডট অৰ্গতো তেওঁলোকে লেখা প্ৰকাশৰ ক্ষেত্ৰত অনুৰূপ পন্থা গ্ৰহণ কৰাৰ কথা চিন্তা কৰিছে। ভাবিছে এই সাহিত্য ডট অৰ্গকো এখন মান্য ই-জাৰ্ণেল ৰূপে গঢ়ি তুলিব।

বহুতে ভাবে তেওঁলোকেই লিখক, তেওঁলোকেই সাহিত্যিক, আন নহয়! ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্যৰ এনেবোৰ কাম হৈ থকাৰ বিপৰীতে তেওঁলোকে এইবোৰ কামক কেতিয়াও স্বীকৃতি দিব নিবিচাৰে। তেনে এচাম প্ৰতিষ্ঠিত লেখৰ ৰক্ষণশীল মনোবৃত্তিক এইধৰণৰ কাম-কাজে প্ৰত্যুত্তৰ দিছে। 'ভাল সাহিত্য লিখো' বুলি গৰ্ব কৰা সকলে হয়তো অনুভৱ কৰা নাই- পাঠকেই যদি আদৰি নলয়, তেন্তে সেই সাহিত্যৰ স্থান ক'ত? ই অসমীয়া ভাষা-সাহিত্যৰ বাবে প্ৰত্যাহ্বান নহয়। 'অসমীয়াত কথা-বতৰা'ৰ দৰে এই মাধ্যমত হৈ থকা কামবোৰ আচলতে ভাষা আৰু জাতীয় জীৱনৰ প্ৰতি এক মাইলৰ খুটি। সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে আৰু ভৱিষ্যতেও আৰু অধিক দৃঢ়তাৰে প্ৰমাণ কৰিব।

পৰাগ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ কথা এই গ্ৰুপৰ জৰিয়তেই আলোচনা হৈ বিশিষ্ট সাংবাদিকগৰাকীৰ প্ৰতিমূৰ্তি এদিন স্থাপন কৰা হৈছিল। তেওঁৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল তথ্যচিত্ৰ। ভাষা-সাহিত্যৰ লগতে জাতীয় জীৱনৰ প্ৰতি তেওঁলোকৰ এই সচেতনতা। নীৰৱে তেওঁলোকে কৰি গৈছে ভাষা-সাহিত্যৰ পূজা। তাত অঘ্যৰূপে আগবঢ়াইছে নতুন চিন্তাৰ উন্মেষকাৰী গল্প, কবিতা, প্ৰবন্ধ, আলোচনা আদি। 'অসমীয়াত কথা-বতৰা'ই এই দিশত সদায় ব্যতিক্ৰম। ঢাক-ঢোল নবজাই তেওঁলোকে। নীৰৱ এই যাত্ৰাৰ প্ৰতিটো পদক্ষেপ এদিন জাতীয় জীৱনৰ বুৰঞ্জীৰ এক পৃষ্ঠা হ'ব। সেই উপলব্ধি আজি নকৰিলেও, 'অসমীয়াত কথা-বতৰা'ক লৈ এদিন প্ৰতিজন অসমীয়াই কৰিবই লাগিব। 'অসমীয়াত কথা-বতৰা'ৰ এই পদক্ষেপৰ মাজত লুকাই আছে জাতি-ভাষাৰ প্ৰতি আন্তৰিকতাপূৰ্ণ আৰু স্বাৰ্থবিহীন দায়ৱদ্ধতা।