মুখ্য-পৃষ্ঠা

এ, বাইদেৱে কিবা এটা খালে…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

বাইদেউৰ বিৰাট দুখ। কম দুখত বাইদেৱে কৈছেনে এইখিনি কথা। কি কৈছে বাইদেৱে শুনিলে বুুকু ফাঁটি যাব। ইয়াকে হয়তো কয়, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী। শিৱসাগৰৰ বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰী বাইদেউৰ কথাখিনি আপুনি নিজ কাণে শুনিব। কিমান দুখ আৰু ক্ষোভ লৈ তেওঁ নিৰ্বাচন যে খেলিব লগা হৈছে তেওঁ । বাইদেউৰ অৱস্থা খুব বেয়া, সেয়া আনে কোৱা কথা নহয়, বাইদেৱে টেলিফোনত নিজে কোৱা কথা এয়া।

১২মাৰ্চ, ২০২১। নিশা বাইদেৱে ফোন কৰিছিল যুৱ মৰ্চাৰ সভাপতি ৰূপম দত্তলৈ। ৰূপম বুলি সম্বোধন কৰি বাইদেৱে মিহি মিহিকৈ দমো দিলে। জিভা তেওঁ নুঘূৰে, বাইদেৱৰ ভাষাত-পানী খাইছো বুলি নাভাৱিবি ৰূপক। ফটো লাগিছে, বহু ফটোত বাইদেৱৰ ফটোৱে নাই। মানুহ চিনিছে এইবাৰ বাইদেৱে।

ভৱা মতে নাই তেওঁৰ টকা পইচা। সিমূৰত থকা ৰূপম দত্তই বাইদেউক বুজাইছে- শুই থাকক বাইদেউ শুই থাকক। বাইদেৱে ওলটি ধৰিছে, মোক কিয় শুব কৈছ, নুশুো মই। হয়তো! টোপনি নাহিলে কেনেকৈ শুব?তাৰপিছত ৰাজনীতিৰ কথা। হিমন্ত দাৰ ফটো আছে, সৰ্বানন্দ সোণোৱালৰ ফটো নাই। বাইদেৱে নিজে ছপাব লগা লৈছে বেনাৰ-পোষ্টাৰ। প্ৰচণ্ড ক্ষোভত বাইদেৱে কৈছে- তহতি কিয় নাই মোৰ লগত। ১১বজালৈকে মই ফিল্ডত আছো।

যা-তা কথা বাইদেৱৰ। আহোম মানুহ, ঘৰত সাঁচপানী থাকেই। বাইদেৱৰ কথাৰ পৰা বুজিব পাৰি, আগদিনা কোনো কোনোৱে পাৰ্টি কৰিছিল, চাৰ্কিট হাউচত। বাইদেৱে সুধিছেও, কালি বাৰু পাৰ্টি কৰিলি ছাৰ্কিট হাউচত আজি কত কৰিবি। ঠিকে থাকে, কেতিয়াবা বাইদেৱৰ মাত বাউন্স কৰে। জক' উঠি যায় বাইদেৱৰ। ৰাহুল বুলি কোৱাটোৱে হেনো বাইদেউৰ ফোনে নধৰে। ৰূপমে কৈছে, আজি তাৰ জন্মদিন। বাইদেউৰ আকৌ খং- ৰাহুলৰ বাৰ্থ ডে মোক কিয় নামাতিলি। ৰূপমে বুজাইছে- আজি বাদ দিয়ক বাইদেউ।

কোনো জাৰিলে কোৱা নাই, কিন্তু বাইদেৱে কৈছে- কিমান গালি খাইছো। আকৌ ৰূপমে কৈছে শুৱক বাইদেউ, টোপনি ধৰিছে। বাইদেৱে আকৌ ওলটি ধৰিছে- কিমানৰ লৰা অ, তোৰ জন্ম কেতিয়া? বাইদেৱে নেৰে হে নেৰে। কোনোবাই টকা দিম বুলিও কৈছিল, বাইদেৱে কেনচেল কৰিছে।

বাইদেৱে কৈছে, – মোৰ চহীত তহতি ডাঙৰ মানুহ হলি। তহতৰ মতেই দেশ চলে এতিয়া। কথা বতৰাৰ পৰাই বুজা গৈছে প্ৰচণ্ড হতাশাত বাইদেউ। আনকতো কব নোৱাৰে সেয়ে বিজেপি কৰ্মকতাকে গালি পাৰিছে। দায়িত্ববোধ নাই বুলি গালি পাৰিছে। কৈছে,- মই চিধা মানুহ, নিচা লগা নাই। মানসিক অৱস্থাই নিচা লগা নিচিনা হৈছে।

বাইদেৱে জানে এইবোৰ কথা ৰেকৰ্ডিঙো কৰিব পাৰে। সেয়েহে কেইবাবাৰো আওৰাই দিছে,- কৰ ৰেকৰ্ডিং, তহতিও কৰ মইয়ো কৰো। কাৰোবাক খুৱাবলৈ হাঁহৰ মাংসও ৰান্ধিছিল, সেইবোৰ পইচাও এতিয়া তেৱে দিব লাগিব। পাৰ্টি(দল) হেনো বাইদেৱে বেছিদিন নকৰে। এইবাৰ তেওঁ নিশ্চিত হৈছে তেওঁ এইবাৰ হাৰিব।

শুনক সেই অডিঅ' ক্লীপ

মানুহে ভাৱিছিল শিৱসাগৰত সুৰভি ৰাজকুৱৰী আৰু অখিল গগৈৰ মাজত হব যুঁজ। কিন্তু বাইদেউৰ কথাখিনি শুনিলে এনে লাগিব, বাইদেৱে খেলপথাৰ এৰি পলাইছে। অখিল গগৈক এৰি দিছে। ২৭মাৰ্চত শিৱসাগৰতো হব ভোটগ্ৰহণ। তাৰ আগতে শুনি লওঁক এই কথাখিনি। আপোনাৰ সমষ্টিৰ জনপ্ৰতিনিধিৰ কথা এয়া। বিজেপিৰ অসমত কি অৱস্থা তাৰ যেন প্ৰতিচ্ছবি এয়া।

বাহিৰত ডাঙৰ ডাঙৰ কথা, ১০০ৰ তললৈ নামিব নোখোজে বিজেপি নেতা। কিন্তু ফিল্ডত এই অৱস্থা। সুৰভী বাইদেউ, সচাঁই চিধা মানুহ। মোবাইলত হলেওঁ কৈ পেলালে, শাসকীয় দলটোৰ কি অৱস্থা। শুনক , বুজক আৰু ভাৱক। নেতা আহিছে নেতা গৈছে, শাসক-বিৰোধী সকলোৱে কৈছে আমাৰে হব চৰকাৰ।

সুৰভি ৰাজকুৱৰী এই অডিঅ' ৱে ৰাজ্যতে তোলপাৰ লগাইছে। বিজেপিৰ ভিতৰমহলতো জোকাৰণি তুলিছে। আন এগৰাকী বাইদেৱে আকৌ লাহৰীঘাটত দিয়া ভাষণক লৈ উমি উমি জুই জ্বলিছে। অসমীয়া জাতিৰ স্বাভিমানৰ কথা কোৱা, সাম্প্ৰাদিয়কতাৰ বিৰুদ্ধে কথা কোৱা সেই দলটোত আলহী হৈ আহিছিল কিছুদিনৰ পূৰ্বে।

ৰাইজৰ দলৰ পৰা গৈ অসম জাতীয় পৰিষদত যোগ দিয়া বাইদেৱে লাহৰীঘাটলৈ গৈছিল। লাহৰীঘাটত হেলিকপ্টাৰ নামিছিল ঠিকে, হেলিকপ্টাৰ চাবলৈচোন মানুহ নাহিল! তাৰপিছত বাইদেৱে উৰ্দুতে আৰম্ভ কৰিলে। সকলো অবাক, আজি যদি সেই কাম আজমলে কৰিলেহেতেন?

ৰাজনীতি আৰু নিৰ্বাচন বুলিলে মানুহ উত্তাৱল হৈ উঠে। নেতাসকলৰ গাত বিহু লাগে। জেৰিফা ৱাহিদৰ লাহৰীঘাটৰ ভাষণ শুনা সকলে একো নুবুজিলে। অসমীয়া ভাষা-সংস্কৃতি, খিলঞ্জীয়াৰ স্বাৰ্থ এইবোৰক লৈ মানুহক আৱেগিক কৰা লুৰীণজ্যোতি গগৈৱে শুনিছেনে বাৰু সেই ভাষণ?

অৱশ্যে সেই সভাতে মোবাইল যোগে লুৰীণজ্যোতি গগৈৱেও ভাষণ দিছিল। ভাষণত সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে গৰজি উঠিছিল। তেওঁ হয়তো ধৰিবই নোৱাৰিলে, সেই সভাত তেওঁৰ দলৰ নেতা বা নেত্ৰীয়ে কি কলে। এতিয়া চাৰিওফালে ধূসৰ পৰিৱেশ।

প্ৰিয়ংকা গান্ধীয়েও জুবিনক জানে। নিৰ্বাচনী বতৰত দিল্লীৰ পৰা অহা নেতা-নেত্ৰীসকলে অসমখনকে নিজৰ মাতৃভূমি বুলি ভাৱে। জুবিনৰ নামত আৱেগ আছে, জুবিনৰ নামত ভোট আছে। সেই উপলদ্ধি কৰিব পৰাটো ডাঙৰ কথা।

এতিয়াতো কেৱল এইবোৰ কথাই চৰ্চা। বোকাখাতৰ এজন নিৰ্দলীয় প্ৰাৰ্থী। নাম প্ৰণৱ দলে। উচ্চ শিক্ষিত যুৱক। চাকৰি, ব্যৱসায় বাদ দি ৰুচীবোধৰ ৰাজনীতিৰ প্ৰতীক হৈ জিলিকিছে এই যুৱকজন। সংবাদমাধ্যমত তেওঁৰ চৰ্চা নাই। মানুহেই তেওঁৰ বাবে নিৰ্বাচন খেলিবলৈ ধন গোটাইছে।

খেতি কৰি ৰাইজে প্ৰণৱৰ এই সংস্কাৰবাদী ৰাজনীতিৰ যাত্ৰাত চামিল হৈছে। তেওঁৰ কাষত খেতিয়ক, শিপিনী আৰু সাধাৰণ জনতা। বোকাখাতত ৰাজ্যৰ কৃষিমন্ত্ৰীজনৰ বিৰুদ্ধে প্ৰণৱে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

সমষ্টিটোৰ ধনশিৰিত জাঁহ গৈছে বহুলোকৰ ঘৰ। তেওঁলোকৰ আৰ্তনাদ জনপ্ৰতিনিধিয়ে শুনা নাই। সেয়েহে এইবাৰ প্ৰণৱক লৈ বহু উতসাহ। ধনে-বলে বহু আগবঢ়া অগপৰ সভাপতিজনে ভৱাই নাছিল তলত প্ৰণৱ এনে সোঁত।নিৰ্বাচনৰ সময়ত সমষ্টিলৈ আহিহে তেওঁ গম পাইছে এইবাৰ বোকাখাতত খেল হব!

ৰাজনীতিৰ প্ৰেক্ষাপট এয়া। বৰ সহজ বা কঠিন হৈ থকা নাই কাৰোৰে বাবে। এইবাৰ চুনামি নাই, ঠায়ে ঠায়ে আছে ঘূৰ্ণী। সেই ঘূৰ্ণী বতাহত কোন থাকে, কোন উফৰে, তাক নিৰ্ণয় কৰিব ভোটাৰে। সকলো জানিবলৈ এতিয়া মাথো অপেক্ষা।

২মেত ফলাফল। শিৱসাগৰৰ সুৰভী ৰাজকুৱঁৰীৰ সেই ফোনকল, লাহৰীঘাটৰ সেই ভাষণ আৰু প্ৰণৱৰ এই সংগ্ৰামী ধাৰাৰ প্ৰত্যয়শীল ৰাজনীতিৰ মাজত ৰাইজে কি কয়, তাৰবাবে সকলো অধীৰ অপেক্ষাত।