মুখ্য-পৃষ্ঠা

অসহায় এজনী মাতৃৰ কৰুণ বিননি শুনিবনে স্বাস্থ্যমন্ত্ৰীয়ে…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

এয়া অপপ্ৰচাৰ নহয়। এটা অসহায় পৰিয়ালৰ কাহিনী। মানুহজন আছিল সমাজ সৰহবৰহী। ছাত্ৰ অৱস্থাৰ পৰাই সমাজৰ বিভিন্ন কামত আগৰণুৱা। সাংস্কৃতিক বিষয়টো আছিল বিশেষ ৰাপ। বয়স ৪১বছৰ। হঠাত কোৰোনাই কাঢ়ি লৈ গ'ল এই মানুহজনক। এবছৰীয়া এটা শিশু আৰু ১১বছৰীয়া আন এটা সন্তানসহ ৪জনীয়া পৰিয়াল। জীৱনৰ প্ৰতি থকা তাড়নাৰ বাবেই লৈছিল কোভিড ভেকচিন।

প্ৰথমটো ভেকচিন ঠিকেই ললে, দ্বিতীয়টো ভেকচিন লওঁতে হৈছিল কিছু অঘটন। ভেকচিন লোৱাৰ সময়ত চৰকাৰে কোৱাৰ দৰে তেওঁক কৰা হোৱা নাছিল কোভিড টেষ্ট। গাঁৱত ভেকচিন দিবলৈ যোৱা চিকিৎসাকৰ্মীৰ এটা দলে ভেকচিন দিয়াৰ পাছতে জ্বৰ উঠিছিল। ভেকচিনৰ বাবে সেয়া নহব পাৰে। কিন্তু কোভিডৰ দ্বিতীয়টো ভেকচিন লোৱাৰ পাছতে তেওঁ অসুস্থ হৈ পৰিছিল।

পৰিয়ালৰ লোকে তেওঁক লৈ গৈছিল ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ। দেহত হ্ৰাস পাইছিল অক্সিজেনৰ পৰিমাণ। ৩৩লৈকে কমিছিল অক্সিজেনৰ লেভেল। উন্নত চিকিৎসাৰ বাবে তেওঁক লৈ অহা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতাললৈ। ভৰ্তি কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচেয়েলিটী হস্পাতালত। কৰা হৈছিল কোৰোনা চিকিৎসা।

কৃষ্ণ। মানুহহে আদৰতে তেওঁক কৃষ্ণ বুলিয়ে মাতিছিল। পোছাকী নাম আছিল- হোমেশ্বৰ বণিয়া। নগাঁৱৰ উৰিয়া গাঁৱত ঘৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৃত্ৰিম অক্সিজেনকে ধৰি আন চিকিৎসা কৰা হৈছিল তেওঁক। অক্সিজেনৰ পৰিমাণ ৭৫ও হৈছিল। দেহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পোৱাত খুলি দিয়া হৈছিল অক্সিজেনৰ সংযোগ। আকৌ হ্ৰাস পাইছিল অক্সিজেনৰ পৰিমাণ। ৫০ হৈছিল অক্সিজেনৰ লেভেল।

তাৰপাছত তেওঁৰ দেহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি নহল। জীয়াই থকা আকুন্ঠ ইচ্ছাক কোৰোনাই শেষ কৰি পেলালে। ১৬জুলাই,২০২১ত শেষ নিশ্বাস ত্যাগ কৰিলে হোমেশ্বৰ বণিয়াই। চিনাকি কৃষ্ণ হেৰাই গল। কোভিড প্ৰটকলৰ মতে, অন্তোষ্টেক্ৰিয়া সম্পন্ন হল গুৱাহাটীত। সমাজৰ মাজত, সমাজৰ বাবে কাম কৰা সমাজপ্ৰিয় মানুহজনৰ শেষ বিদায়ত কোনেও তেওঁৰ সেই চিনাকি মুখখন চাব নাপালে। আত্মীয় স্বজনে আতঁৰৰ পৰাই টুকিলে দুটোপাল অশ্ৰু-অঞ্জলি।

বিপদ তাতেই শেষ নহল। এইবাৰ কোৰোনাসদৃশ লক্ষণে দেখা দিলে জ্যেষ্ঠ পুত্ৰৰ দেহত। কোৰোনাত মৃত্যু হোৱাত পৰিয়ালটোৰ প্ৰতি যেন দায়ৱদ্ধতা নাই প্ৰশাসনৰ। প্ৰায় ওচৰা-ওচৰিকৈ বাস কৰা হোমেশ্বৰ বণিয়াৰ ৩জন ভাই-ককায়ে নিজাকৈ কনন্টেইনমেন্ট জ'ন সৃষ্টি কৰি কোভিড প্ৰটকল মনাৰ চেষ্টা কৰিছে। বাকী স্বাস্থ্য, জিলা প্ৰশাসন উদাস।

এয়া খোদ স্বাস্থ্যমন্ত্ৰীৰ গৃহজিলাৰ কাহিনী। হোমেশ্বৰ বণিয়াৰ পুত্ৰ অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়লৈ নিবৰ বাবে কিমানবাৰ এখন এম্বুলেন্সৰ বাবে পৰিয়ালটো হাহাকাৰ কৰিব লগা হৈছে সেই খবৰ স্বাস্থ্যমন্ত্ৰীয়ে নিজেই লওঁক। গৈ আছো বুলি গৈ যোৱা দুদিন ধৰি গৈ নাপালে এম্বুলেন্স। ঘৰতেই আৱদ্ধ হৈ থাকিব লগা হৈছে পিতৃ কোৰোনাত মৃত্যু হোৱাৰ পাছত জ্বৰত আক্ৰান্ত হোৱা কিশোৰটো।

কেৱল পৰিয়ালেই নহয়, তেওঁক জনা আন সকলেও এই বিপদৰ সময়ত পৰিয়ালটোক আতঁৰৰ পৰা হলেও সহায় কৰাৰ চেষ্টাৰে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিল। সেই যোগাযোগলৈও নাছিল সহাঁৰি। স্থানীয় আশাকৰ্মীগৰাকীৰেও যোগাযোগ কৰা হৈছিল। তেৱোঁ যেন অসহায়। এয়াই কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা এটা পৰিয়ালৰ সচাঁ কাহিনী।

একমাত্ৰ উপাৰ্জনৰ উৎস আছিল কৃষ্ণ। এখন দোকানেৰে চলাইছিল পৰিয়ালটো। কোৰোনাই যেন সকলো কাঢ়ি লৈ গল তেওঁলোকৰ পৰা। চকুপানীৰে বাট নেদেখা হৈছে। সৰু লৰা-ছোৱালীদুটাক বুকুত সামৰি নেদেখাজনক খাটিছে- আৰু বিপদ নালাগে প্ৰভু। কোৰোনাই বিধ্বস্ত কৰা জীৱন এয়া। এনেদৰে ক'তজনৰ কাহিনী ৰৈ গৈছে আঁৰত। কিমান অসহায় হৈ পৰিছে মানুহ।

এই পৰিয়ালটোৰ কাষত থিয় হ'বনে প্ৰশাসন? কৰিবনে চিকিৎসা পিতৃক হেৰুওৱা পুত্ৰৰ? নাই জানো দায়িত্ব চৰকাৰৰ? কিয় এনে হৈছে চিকিৎসা ব্যৱস্থা। বিপদত পৰি সহায় বিচৰা এই পৰিয়ালটোৰ কাষলৈ কিয় যোৱা নাই চিকিৎসাকৰ্মী। স্বাস্থ্য বিভাগ ক'ত? স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ব্যস্ততাৰ মাজতো ল'বনে কিবা ব্যৱস্থা এই পৰিয়ালটোৰ বাবে? সৰু মানুহ হ'লেও নাই জানো তেওঁলোকৰ অধিকাৰ এইখন সমাজত…