মুখ্য-পৃষ্ঠা

মহিষাসুৰক নহয়, কোৰোনাক বশ কৰা মা…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ.

হেৰাই গ'ল এইবাৰৰ পূজাৰ আনন্দ। জীৱনে ছন্দ হেৰুৱা সময়ত উৎসৱৰ আনন্দ এতিয়া তেনেই গৌণ হৈ পৰিছে। জীৱনৰ প্ৰতি সকলোৰে মমতা আছে। ইয়াৰ উপৰিও পূজা উদযাপন কৰাৰ বাবে চৰকাৰী পক্ষই বান্ধি দিয়া নীতি-নিয়মে সাধাৰণ লোকসকলক পূজাৰ প্ৰতি ইচ্ছা থাকিলেও এক শংকিত বেষ্টনীত আৱদ্ধ কৰি ৰাখিছে।

নিৰ্বাচনী সভা অনুষ্ঠিত হৈ আছে। বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠানো আয়োজিত হৈছে। কোভিড প্ৰটকল সকলোৱে মানিব লাগে, কিন্তু পূজাৰ নামত এই প্ৰটকল অধিক কঠোৰ কৰাত পূৰ্বতে অনুষ্ঠিত হোৱা কেইবাখনো পূজা মণ্ডপত এইবাৰ পূজা নাই। বিৰাজ কৰিছে কেৱল মহা শূণ্যতাই।

যিকেইখন পূজা অনুষ্ঠিত কৰা হৈছে তাত কেৱল আনুষ্ঠানিকতাহে। মানুহৰ উপস্থিতি তেনেই নগণ্য। পূজা উদযাপন সমিতি, বিষয়-ববীয়াই এইবাৰ মা দুৰ্গাৰ কাষত থিয় হৈছে। পূৰ্বৰ দৰে লানি নিছিগা ভক্তৰ শাৰী ক'তো নাই। কোৰোনালৈ সকলোৱে ভয় কৰে।

কোৰোনা অন্ত পৰিবনে! নে এনেদৰেই ইচ্ছা গলেই কোৰোনাৰ ভয়ে মানুহক শংকিত কৰিব পৰাকৈ এক বুনিয়াদ গঢ়িব শাসক পক্ষই। কেইবাখনো পূজা কমিটিয়ে কোভিড প্ৰটকলৰ সন্দৰ্ভত জাৰি কৰা নীতি-নিয়মৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল।

সকলো খুলি দিও কেৱল কোৰোনা সংক্ৰমণ হৈ আছে বুলি আনলকৰ মাজতেই লকডাউন সদৃশ পৰিৱেশে পূজাৰ পৰিৱেশ উৎসৱমুখৰ কৰি ৰখা নাই। কোৰোনা মহামাৰী, কোৰোনা ভয়ানক, কিন্তু কোৰোনাৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ কি কৰা উচিত, সেই নিৰ্দিষ্ট বিধি-বিধান এতিয়াও চৰকাৰ বা স্বাস্থ্য বিভাগে জাৰি কৰিব পৰা নাই।

পূজাৰ বতৰতে আহিছে কেইবাটাও দুঃখবৰ। সেই খবৰবোৰে সৰু হলেও সাধাৰণ লোকসকলৰ বাবে এইসময়ত গুৰুত্বপূৰ্ণ। কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়ত স্বাস্থ্য বিভাগে বিভিন্ন চিকিৎসালয়ত কৰ্মচাৰী নিযুক্তি দিছিল।

কোভিড বিৰোধী যুঁজত সহযাত্ৰী হোৱা এইসকল যুজাঁৰুক নিযুক্তিৰ সময়ত কি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়াই গোপন হৈ নাই। তেওঁলোক আজি কোভিডৰ পৰিৱেশ কিছু উন্নত হোৱাৰ সময়ত হাহাকাৰ কৰিব লগা হৈছে তেওঁলোকৰ প্ৰাপ্য দৰমহা কেইটাৰ বাবে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদ চলিল। মহাষ্টমীত দেৱীৰ বন্দনাৰ বিপৰীতে প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰাৰ দাবীত কোভিড যুঁজৰ এই সেনানীসকল আন্দোলনত নামিল। তেওঁলোকৰ অভিযোগ মহানগৰীৰ কোভিড চিকিৎসালয়ৰ পৰা ৪২গৰাকী কৰ্মচাৰীক অব্যাহতি দিয়া হৈছে।

দুই-তিনিমাহ ধৰি তেওঁলোকে দৰমহা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে। এই কৰ্মচাৰীসকলক কোভিড ৰোগী চোৱা-চিতাৰ বাবে নিয়োজিত কৰা হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিত শৰ্মাৰ মতে, কোভিড-২ৰ হস্পাতাল ২২অক্টোবৰলৈ বন্ধ কৰি দিয়া হৈছে।

এইসকল কৰ্মচাৰীক কোভিড-২ হস্পাতালৰ বাবেহে নিয়োগ কৰা হৈছিল। ছেপ্তেম্বৰৰ লৈকে তেওঁলোকক দৰমহা দিয়া হৈছে বুলি তেওঁ দাবী কৰে। কামৰ পৰা চাটাই কৰা কৰ্মচাৰীসকলক ৩১ অক্টোবৰ পৰ্যন্ত দৰমহা দিয়া হব বুলি তেওঁ জানিবলৈ দিয়ে।

কোভিড-২ৰ হস্পাতাল বন্ধ কৰিছে মানে কোভিড-১৯ এতিয়া নিয়ন্ত্ৰণলৈ আহিছে। তাৰ পাছতো সাধাৰণ লোকৰ ক্ষেত্ৰত কোভি়ড কোভিড বুলি ইটোৰ পাছত সিটো নিয়ম। VVIP, মন্ত্ৰী, বিধায়কৰ বাবেহে নাই কোনো কোভিড প্ৰটকল।

লাখ লাখ মানুহ সমৱেত কৰি নিৰ্বাচনৰ উদাত্ত ভাষণ দিওতে সাধাৰণ লোকৰ বাবে কোভিডৰ ক্ষেত্ৰত মানিব লগা সাৱধানতা ইয়াত নামানিলেও হয়। পূজাৰ সময়ত বিভিন্ন ব্যৱসায়ে গ্ৰাহকক আকৰ্ষিত কৰে। এইবাৰ সেই পৰিৱেশো নাহিল।

কাপোৰৰ দোকানবোৰত বিক্ৰী প্ৰায় শূণ্য। পূজা বুলি ছোৱালীবোৰে বিশেষ সাজ-পাৰ পৰিধান কৰে, কিন্তু এইবাৰ পূজা চাবলৈ যাব নোৱাৰা পৰিস্থিতিত সেই সাজোন-কাচোনৰ প্ৰতি কাৰো ধাউতি নাই। সৰু লৰা ছোৱালীৰ ক্ষেত্ৰতো একেই।

পূজাৰ বেলুন সম্ভৱ প্ৰথম বাৰৰ বাবে উপক্ৰম হল পূজাৰ মণ্ডপৰ চৌহদত। বেলুন কিনিবলৈ এতিয়া গ্ৰাহক কত! হুইচেল, পেপাঁ, পুতলা আদি দোকানবোৰো এই পূজা বতৰত নাই। কৰবাত দুই এখন থাকিলেও তেওঁলোকৰ সন্মুখত নাই আগৰ দৰে শাৰী শাৰী গ্ৰাহক।

পূজাৰ দিনকেইটাত জেলেপী খোৱাৰ আমেজেই বেলেগ। বাটে-পথে জেলেপীৰ দোকান এইবাৰ নাই। যি দুই-এখনত জেলেপী প্ৰস্তুত কৰা হৈছে তেওঁলোকৰ মতে, জেলেপী বনাইছেহে বিক্ৰী নাই। কোৰোনাৰ ভয়, বাহিৰৰ পৰা জেলেপী কিনি খোৱাৰ আমেজ এতিয়া কোনেও ল'ব নিবিচাৰে।

এনেদৰেই আহিল এইবাৰ পূজা। উৎসাহহীনভাৱ অহাৰ দৰেই অন্ত পৰিব দুৰ্গা পূজা। স্তুতি বন্দনাৰে ৰজনজনাই থকা দুৰ্গাৰ সন্মুখত ঢাক-ঢোল বাজিছে। কিন্তু দেৱীৰ আৰাধনা কৰিবলৈ নাই ভক্ত। বতৰো সেমেকা। সকলোবোৰ মিলি পূজা অহা-নহা একেই পৰিৱেশ।

এতিয়া শেৱালী সৰিছে। আকাশৰ শুকুলা মেঘেও খেলিছিল। আহিনৰ এই সুন্দৰ শৰতময় পৰিৱেশত ভক্তই বিশ্বাস কৰাৰ দৰেই ধৰালৈ মা দুৰ্গাও নামি আহিছিল। কিন্তু কোৰোনাই সকলো খেলিমেলি লগাই দিলে। দেৱীৰ কাষলৈ যাব নোৱাৰিলেও ভক্তই দেৱীক দূৰৰ পৰাই প্ৰাৰ্থনা জনাইছে- মহিষাসুৰক নহয়, এইবাৰ তুমি কোৰোনাক বশ কৰা মা…