মুখ্য-পৃষ্ঠা

কোৰোনা ভাইৰাছত আক্ৰান্ত আৰু এগৰাকী প্ৰধানমন্ত্ৰীৰ পত্নী…

asomiyapratidin

ডিজিটেল ডেস্কঃ ইটালীৰ পিছত কোৰোনা ভাইৰাছত সৰ্বাধিক আক্ৰান্ত ৰাষ্ট্ৰ হৈছে স্পেইন। ৰাষ্ট্ৰখনত দেওবাৰলৈকে ১৯৬ জন লোকৰ এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্ত হৈছে ৬৩৯১ জন লোক। স্পেইনত কোৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ পিছতে চৰকাৰে ১৫ দিনৰ বাবে ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰিছে স্পেইনত।

ইফালে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে স্পেনিছ প্ৰধানমন্ত্ৰী পেড্ৰ' চানজিছৰ পত্নী বেগোনা গোমেজো। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ উদ্ধৃতি দি প্ৰকাশ কৰা বাতৰিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ পত্নী বেগোনাৰ দেহত কোৰোনা ভাইৰাছৰ লক্ষণসদৃশ উপসৰ্গ দেখা পোৱাৰ পিছতে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। এই পৰীক্ষাত বেগোনা গোমেজ কোৰোনা ভাইৰাছত আক্ৰান্ত বুলি নিশ্চিত হয় চিকিৎসক।

বৰ্তমান প্ৰধানমন্ত্ৰীৰ পত্নীক আছুতীয় কক্ষত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু তেওঁৰ স্বাস্থ্য অধিক উন্নত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰধানমন্ত্ৰী পেড্ৰ' চানজিছ কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা নাই যদিও তেওঁকো চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শনিবাৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেআ'ৱুৰ পত্নী ছোফী গ্ৰিজৌৰীও কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। বৰ্তমান তেঁৱো সুস্থ হৈ উঠিছে।