মুখ্য-পৃষ্ঠা

কোভিড-১৯ৰ প্ৰথমজন ৰোগী ধৰা পৰা স্পেনিছ গাৰ্ডেনৰ পৰা দুদিনমান পূৰ্বে আটক কৰা হৈছিল ২জন চীনা নাগৰিকক

asomiyapratidin

ডিজিটেল ডেস্কঃ এতিয়া চৰ্চাত স্পেনিছ গাৰ্ডান। কোভিড-১৯ ধৰা পৰা প্ৰথমজন গুৱাহাটীৰ ৰোগী বাস কৰিছিল এই বিলাসী ফ্লেটত। চিৰিয়াখানাৰ সমীপৰ স্পেনিছ গাৰ্ডেনত আছে ৫ টা ব্লক। প্ৰতিটো ব্লকত আছে ৪০ টাকৈ ফ্লেট। সেই স্পেনিছ গাৰ্ডেনতে কিছুদিনৰ পূৰ্বে আৰক্ষীয়ে আটক কৰিছিল ২জন চীনা নাগৰিকক।

নিৰ্দিষ্টকৈ কোন তাৰিখত চীনা নাগৰিক দুজনক আটক কৰা হৈছিল সেই কথা প্ৰশাসনে স্পষ্টকৈ নকলেও এক সূত্ৰৰ মতে ২০ মাৰ্চত এই চীনা নাগৰিক দুজনক আৰক্ষীয়ে উক্ত বিলাসী ফ্লেটৰ পৰা আটক কৰি নিছিল। সম্পূৰ্ণ গোপনে ৰাখিছিল এই কথা আৰক্ষীয়ে।

ভিভ' কোম্পানীত এই চীনা নাগৰিক দুজন কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। এতিয়া সেই ফ্লেটটোতেই কোভিড-১৯ৰ প্ৰথমগৰাকী ৰোগী ধৰা পৰাৰ পিছত বিষয়টো পুনৰ চৰ্চা হৈছে।