Mathauri
Mathauri 
মুখ্য-পৃষ্ঠা

বাহঁগড়া-ধুনাগুৰিত সোৱণশিৰিৰ খহনীয়াত জাহ গ’ল ১৪ কোটি টকীয়া মথাউৰি...

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহপুৰীয়াঃ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহঁগড়া-ধুনাগুৰি গাওঁ পঞ্চায়তৰ অমৰা বাহঁগড়াত কাতি বিহুৰ নিশা সোৱণশিৰী নদীৰ ভয়াৱহ খহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰে ৷ নদীৰ ভয়াৱহ খহনীয়াত জাহ যায় ১৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত মথাউৰিটো ৷

দীৰ্ঘদিনৰ পৰা খহনীয়া অব্যাহত থকা অঞ্চলটোত খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিততে কালি নিশা মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ নদীৰ বুকুত জাহ যায় ৷ নিশা হঠাতে নদীখনৰ খহনীয়াত মথাউৰিটো জাহ যোৱাৰ ফলত আতংকিত হৈ পৰে নৈপৰীয়া ৰাইজ ৷

নিশা নদীৰ পাৰতে উজাগৰি নিশা কটোৱা ৰাইজে পুৱা অসম চৰকাৰ আৰু জলসম্পদ বিভাগৰ লগতে সাংসদ বিধায়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে, জলসম্পদ বিভাগে অঞ্চলটোত খহনীয়া ৰোধৰ নামত ব্যাপক দুৰ্নিতী অনিয়মৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰে ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা,স্থানীয় সাংসদ তথা বিধায়ক ক্ৰমে পল্লৱ লোচন দাস আৰু ড° অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ হৈ সোৱণশিৰিৰ কবলৰ পৰা ৰাইজক উদ্ধাৰ কৰিবৰ বাবে দাবী জনায় ৷ উল্লেখযোগ্য যে, নদীৰ খহনীয়াই ইতিমধ্যে সমগ্ৰ মথাউৰিটোৰ লগতে স্থানীয় অমৰা বাহঁগড়া প্ৰাথমিক বিদ্যালয়খনৰ প্ৰতিও প্ৰবল ভাবুকি কঢ়িয়াই আনিছে ৷

affected people

বিগত বৰ্ষত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই অঞ্চলতো পৰিদৰ্শন কৰি বান খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত সম্প্ৰতি সকলো ফুটুকাৰ ফেনতহে পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷ এইক্ষেত্ৰত জলসম্পদ বিভাগ তথা ঠিকাদাৰী প্ৰতিষ্ঠানে দুৰ্নীতি অনিয়মৰে চৰকাৰী ধনৰ শৰাধ কৰা বুলিহে চৰ্চা চলিছে ৷

স্থানীয় বিধায়ক গৰাকীয়ে অঞ্চলতো বিভিন্ন সময়ত পৰিদৰ্শন কৰিছে যদিও সাংসদ পল্লব লোচনৰ ছাঁ টোকে দেখিবলৈ পোৱা নাই দুৰ্ভগীয়া ৰাইজে ৷ আগন্তুক সময়ত এইসকল জনপ্ৰতিনিধিৰ বিৰুদ্ধে মিচিং জনগোষ্ঠীয় ধৰ্মীয় পৰম্পৰাৰে তেওঁলোকৰ সুমতি কামনা কৰি পূজা অৰ্চনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে স্থানীয় গাওঁবাসীয়ে ৷

উল্লেখ্য যে, বিহপুৰীয়া নগৰৰ লগতে প্ৰায় ২৫ খন গাঁৱৰ ৰক্ষা কবচ স্বৰূপ মথাউৰিটো ভালকৈ নিৰ্মাণ নকৰিলে আগন্তুক সময়ত দুৰ্ভোগ ভুগিব জনতাই ৷