মুখ্য-পৃষ্ঠা

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত উদ্ধাৰ নৱজাতকৰ মৃতদেহ…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ঠাকৰাণবাৰী গাঁৱত আজি পুৱাৰ ভাগত এটা নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ঠাকৰাণবাৰী গাঁৱৰ দলং এখনৰ তলত কাউৰীয়ে নৱজাতকৰ দেহ ভক্ষণ কৰি থকা অৱস্থাত একাংশ ৰাইজে প্ৰত্যক্ষ কৰি মানকাচৰ আৰক্ষীক খবৰ দিয়ে। নীলা ৰঙৰ পলিথিনেৰে নৱজাতকটিক মেৰিয়াই দলং খনৰ তলত কোনোবা দুষ্ট চক্ৰই পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে।

ইফালে মানকাচৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰা বুলি জনা গৈছে। কোনে কি কাৰণত মৃতদেহটি এইদৰে দলং খনৰ তলত পেলাই থৈ গৈছিল সেয়া বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

লক্ষণীয় বিষয়া এয়া যে নৱজাতকৰ মৃতদেহটি এইদৰে উদ্ধাৰ হোৱাৰ একাংশ গঞা ৰাইজে মাটিত পুথি থোৱাৰ ব্যৱস্থা কৰা মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসে জানিবলৈ দিয়ে।