- বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আদৰিবলৈ সাজু বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী।
- কলকতাৰ সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত গাংগুলী।
- ক্ষন্তেক সময় পিছতে বিমান বন্দৰত উপস্থিত হ'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।
- বাংলাদেশ-ভাৰতৰ মাজত অনুষ্ঠিত হ'বলগা প্ৰথম দ্বিবা-নৈশ টেষ্ট খেলখন উদ্বোধনী কৰিব শ্বেখ হাছিনাই।
- ইডেন গাৰ্ডেনত শুকুৰবাৰে অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশৰ মাজৰ এই খেলখন।