মুখ্য-পৃষ্ঠা

ছিপাঝাৰ ঢলপুৰৰ উচ্ছেদ সম্পৰ্কে সংবাদ মেল…

asomiyapratidin

ডিজিটেল সংবাদ,ছিপাঝাৰঃ সোমবাৰে ছিপাঝাৰ ঢলপুৰত হোৱা উচ্ছেদ সম্পৰ্কে সদৌ অসম সংখ্যা লঘু ছাত্ৰ সন্থাই মঙলদৈ আবৰ্ত ভৱনত এক সংবাদ মেল সম্বোধন কৰে।  ছিপাঝাৰৰ ঢলপুৰত উচ্ছেদিত ঠাইত প্ৰশাসনে মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপিত কৰি আৰু ধৰ্মীয় অনুষ্ঠান ভঙাক লৈ এই সংবাদ মেলত চৰকাৰক তীব্ৰ ভাষাৰে কৰ্কৰ্থনা কৰে ।

সংবাদ মেলত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ছিপাঝাৰৰ ধলপুৰত সোমবাৰে হোৱা ৪৫০০ বিঘা ভূমিৰ উচ্ছেদ কৰাৰ পৰিপ্ৰেক্ষিতত মানৱ অধিকাৰ খৰ্ব হোৱা বুলি মন্তব্য কৰাৰ উপৰিও ধৰ্মীয় অনুষ্ঠান ধ্বংস কৰাত সংবাদ মেল যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

 লগতে কংগ্ৰেছৰ আৰু এই,আই, ইউ, দি, এফৰ সংখ্যা লঘু বিধায়ক আৰু সাংসদ সকলক এই ক্ষেত্ৰত গুৰুত্ব নিদিয়াত সংবাদ মেলত তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰি অনাগত দিনত যদি চৰকাৰক ধন্যবাদ হে জনাই সংখ্যা লঘু লোকৰ হকে মাত নামাতে তেনেহলে অনাগত দিনত এই সকল বিধায়ক,সাংসদ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব।