মুখ্য-পৃষ্ঠা

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ প্ৰতিমুৰ্তি উন্মোচন

asomiyapratidin

ডিজিটেল ডেস্কঃ তামিলনাডুৰ আন্না আৰিবালায়মস্থিত ডি এম কেৰ মুখ্য কাৰ্যালয়ত দেওবাৰে সন্ধিয়া তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডি এম কেৰ অধ্যক্ষ এম কৰুণানিধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মুৰ্তিটো উন্মোচন কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনীয়া গান্ধীয়ে। প্ৰতিমুৰ্তিটোৰ উন্মচনী অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ লগতে পুণ্ডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামী।

ইফালে এম কৰুণানিধিৰ প্ৰতিমুৰ্তি উন্মোচনৰ অনন্ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ছোনীয়া গান্ধীয়ে কৰুণানিধিক এগৰাকী সুদক্ষ ৰাজনীতিবিদৰ উপৰিও এজন বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি আছিল বুলি মন্তব্য কৰে। আনহাতে ৰাহুল গান্ধীয়ে ডি এম কেৰ অধ্যক্ষ গৰাকীক 'তামিলনাডুৰ কন্ঠ' বুলি অভিহিত কৰে।

'বিজেপিৰ কেন্দ্ৰীয় শাসিত চৰকাৰে যেতিয়া তামিলনাডুৰ সংস্কৃতি, সম্প্ৰীতি ধ্বংস কৰিবলৈ উঠিপৰি লাগিছিল, তেতিয়া এম কৰুণানিধিয়ে ইয়াৰ বিৰুদ্ধে থিয় দি তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হৈছিল। জনতাৰ বাবে চিন্তা কৰা এইব্যক্তিগৰাকী সমগ্ৰ তামিলনাডুৰ বাবে গৌৰৱ।'- এনেদৰে মন্তব্য কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।