মুখ্য-পৃষ্ঠা

নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰপেক্ষতাক লৈ সন্দেহ ব্যক্ত ছোনীয়া গান্ধীৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত জয়লাভৰ পিছত প্ৰথম বাৰৰ বাবে ১২ জুনত নিজ সমষ্টি ৰায়বৰেলীত উপস্থিত হয় ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধী। সমষ্টিটোত তেওঁৰ জয়লাভৰ কৃতিত্ব কংগ্ৰেছ কৰ্মীসকলক প্ৰদান কৰি এই জয়ৰ বাবে ধন্যবাদ জনায়। ৰায়বৰেলীত ছোনীয়া গান্ধীয়ে এখন জনসভা সম্বোধন কৰি তেওঁক জয়যুক্ত কৰোৱা ভোটাৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰে। জনসভাত বিৰোধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেত্ৰীগৰাকী।

লোকসভা নিৰ্বাচনত কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলৰ পৰাজয় সন্দৰ্ভত মন্তব্য কৰি ছোনীয়া গান্ধীয়ে নিৰ্বাচনী প্ৰক্ৰিয়া সঠিক হোৱাৰ ক্ষেত্ৰত সন্দেহ ৰৈ যোৱা বুলি ব্যক্ত কৰে। তেওঁ বিৰোধী আৰু অন্য বিৰোধী দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে নিৰ্বাচন কালত ভোটাৰক প্ৰলুব্ধ কৰিবলৈ বিভিন্ন অবৈধ পন্থা হাতত লোৱা হৈছিল। নিৰ্বাচনৰ সময়ত যি ঘটিছিল, সেয়া কিমান নৈতিক আছিল, সেয়া সমগ্ৰ দেশবাসীয়েই বুজি পায় বুলিও মন্তব্য কৰে ছোনীয়া গান্ধীয়ে।

বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈ ছোনীয়াই কয়, 'ক্ষমতা লাভৰ লোভত বিজেপিয়ে গণতন্ত্ৰক পিঠি দিয়াটো খুবেই দুৰ্ভাগ্যজনক। নিৰ্বাচনী প্ৰক্ৰিয়া কিমান নিৰপেক্ষ আৰু সঠিক আছিল তাৰ ওপৰত সকলো সচেতন লোকেই প্ৰশ্নৰ উত্থাপন কৰিছে। কাৰণ তেওঁলোকে জানে যে ক্ষমতাপিপাসু সকলে এতিয়া নিৰ্বাচনক কিদৰে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব ধৰিছে।'

উল্লেখ্য যে, ছোনীয়া গান্ধীৰ ৰায়বৰেলী ভ্ৰমণত তেওঁক সংগ দিছিল কংগ্ৰেছ নেত্ৰী তথা কন্যা প্ৰিয়ংকা গান্ধীয়ে। জনসভাত প্ৰিয়ংকা গান্ধীয়েও ভাষণ প্ৰদান কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।