মুখ্য-পৃষ্ঠা

সোনভদ্ৰাৰ পীড়িতক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি উম্ভা গাঁৱত উপস্থিত হ’ল প্ৰিয়ংকা গান্ধী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত নিহত সকলৰ পৰিয়ালক সাক্ষাতৰ বাবে উম্ভা গাঁৱত উপস্থিত হয়। উল্লেখ্য যে ১৭ জুলাই, ২০১৯ত এক ভূমি বিবাদক সৃষ্টি হোৱা সংঘৰ্ষত ১০ জন আদিবাসী লোকে প্ৰাণ হেৰুৱাইছিল। এই ঘটনাৰ পিছতে প্ৰিয়ংকা গান্ধীয়ে ১৯ জুলাইত পীড়িতসকলৰ সাক্ষাতৰ বাবে যায় যদিও উত্তৰপ্ৰদেশ প্ৰশাসনে তেওঁক আধা বাটতে আটক কৰে।

ইফালে চুনাৰত কংগ্ৰেছ নেত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ অহা এটা পীড়িত পৰিয়ালক প্ৰিয়ংকা গান্ধীয়ে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ এদিন পীড়িত সকলৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ উম্মা গাঁৱলৈ যাব। সেই প্ৰতিশ্ৰুতি পূৰণ কৰিয়েই মঙলবাৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বাৰানসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত স্থল পথেৰে উম্মা গাঁৱত উপস্থিত হয়।

কংগ্ৰছ নেত্ৰীগৰাকীয়ে তেওঁ এই যাত্ৰা সন্দৰ্ভত টুইট কৰি লিখিছে- 'মই যি প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি অনুসৰি ভূমি বিবাদক কেন্দ্ৰ কৰি নিহত হোৱা ১০ গৰাকী ব্যক্তিৰ পৰিয়ালক সাক্ষাৎ কৰি মোৰ ভাতৃ-ভগ্নীসকলৰ পৰিস্থিতি নিজ চকুৰে চাবলৈ, বুজিবলৈ আৰু উপলব্ধি কৰিবলৈ গৈ আছো।'

অইনফালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ এই যাত্ৰা সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থৰে জড়িত বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশ বিজেপিয়ে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উম্ভা গাঁৱৰ পীড়িতসকলক সাক্ষাৎ কৰি সহমৰ্মিতা প্ৰদৰ্শনেৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ চেষ্টা কৰা বুলি দাবী কৰে বিজেপিয়ে।

উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী দিনেশ শৰ্মাই কয়, 'প্ৰিয়ংকা গান্ধীয়ে নিজ দলৰেই নেতাই এসময়ত কৰা ভুলৰ উপলব্ধি কৰিবলৈ উম্ভা গাঁৱলৈ আহিছে। সোনভদ্ৰাৰ যিখিনি ভূমিক লৈ সংঘৰ্ষৰ সৃষ্টি হৈছিল, সেই ভূমি খিনি এসময়ত কংগ্ৰেছৰে নেতা-পালিনেতাৰ দখলত আছিল।' আনহাতে সোনভদ্ৰাৰ সংঘৰ্ষৰ বাবে কংগ্ৰেছেই দায়ী বুলিও দাবী কৰে বিজেপি নেতাজনে।