মুখ্য-পৃষ্ঠা

সোণাৰিত জমিয়ত উলেমাই হিন্দৰ বান সাহয্য বিতৰণ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, সোণাৰিঃ জমিয়ত উলেমাই হিন্দৰ তৰফৰ পৰা শনিবাৰে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত চফ্ৰাইত বান সাহাৰ্য বিতৰণ কৰা হয়। অঞ্চলটোৰ বৰপথাৰ গাঁৱত দিচাং আৰু টাওকাক নদীয়ে সৃষ্টি কৰা বানৰ কৱলত পৰা ১০০ টা পৰিয়ালক ৪কেজিকৈ চাউল আৰু ৪০ গৰাকী মহিলাক এজোৰকৈ নতুন কাপোৰ বিতৰণ কৰে।

জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ মাজত সাহাৰ্য বিতৰণ কৰা অনুষ্ঠানটোত জমিয়তৰ বিষয়ববীয়া মৌলানা চাজাদুৰ ৰহমান, ফৰিদউদ্দিন আহমেদ, বৰপথাৰ জামাতৰ সম্পাদক আনোৱাৰ হুছেইনৰ লগতে চফ্ৰাই পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ সদস্য নিলমণি ফুকন উপস্থিত থাকে। উল্লেখ্য যে সৰ্বভাৰতীয় সংগঠনটোৰ এনে কাৰ্যক সচেতন মহলে শলাগ লয়।