মুখ্য-পৃষ্ঠা

আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, আৰম্ভ হ’ব কেইবজাৰ পৰা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ২৬ মে'ত চন্দ্ৰগ্ৰহণৰ পাছত আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ। ১০ জুনৰ দিনা দুপৰীয়া ১ বাজি ৪২ মিনিটত পৰা সন্ধিয়া ৬ বাজি ৪১ মিনিটলৈকে চলিব সূৰ্যগ্ৰহণ। আমেৰিকাৰ উত্তৰ ভাগ, ৰাছিয়াৰ গ্ৰীণলেণ্ড, উত্তৰ কানাডা, ইউৰোপ, উত্তৰ-পশ্চিম আফ্ৰিকা আৰু এছিয়াৰ পৰা আংশিক ভাবে দেখা যাব।

ভাৰতৰ আকাশতো আংশিক ভাবে দেখা যাব গ্ৰহণ। ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু লাডাখৰ কিছু অংশৰ পৰা এই গ্ৰহণ দেখা যাব। গ্ৰহণ আৰম্ভ হ'ব ভাৰতীয় সময় মতে দিনৰ ১ বাজি ৪২ মিনিটৰ পৰা। সূৰ্যক সম্পূৰ্ণভাবে প্ৰথম দেখা যাব ৩ বাজি ১৯ মিনিটত।  সম্পূৰ্ণ গ্ৰহণ আৰম্ভ হ'ব ৪ বাজি ১১ মিনিটৰ পৰা। সূৰ্যগ্ৰহণ শেষ হ'ব ৭ বাজি ৩ মিনিটত। আংশিক সূৰ্যগ্ৰহণ শেষ হ'ব ৬ বাজি ৪১ মিনিটত।