মুখ্য-পৃষ্ঠা

বজাৰত উপস্থিত হৈ সামাজিক দূৰত্ব বজাই ৰখাৰ পৰামৰ্শ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত লকডাউন ঘোষণা কৰা হৈছে। দেশবাসীক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা।

ইফালে, বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী একাংশ বিষয়াৰ সৈতে উপস্থিত হয় কলকাতাৰ এখন বজাৰত। মমতা বেনাৰ্জীয়ে বজাৰখনৰ বেপাৰী আৰু বিষয়াসকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া দেখা যায়।