মুখ্য-পৃষ্ঠা

সামাজিক দুৰত্ব ধোঁৱাচাঙত তুলি টংলা-পানেৰীত ৰন্ধন গেছ বিতৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ কোৰোনা ভাইৰাছ ক'ভিড-১৯ ৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা লক্‌ডাউন আৰু সামাজিক দূৰত্ব পালনৰ আহ্বানক উলংঘা কৰি ওদালগুৰি জিলাৰ টংলা, পানেৰী আদি অঞ্চলত টংলাৰ অভিনন্দন গেছ এজেন্সীয়ে ৰন্ধন গেছ বিতৰণত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে ৰন্ধন গেছৰ উপভোক্তাসকলক লক্‌ডাউন কঠোৰভাৱে পালন কৰাৰ সময়ত প্ৰতিটো এজেন্সীয়ে ঘৰে ঘৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হ'ৱ বুলি ঘোষণা কৰিছিল যদিও ওদালগুৰি জিলাৰ টংলাস্থিত অভিনন্দন গেছ এজেন্সীয়ে এই নিৰ্দেশনা অমান্য কৰি আৰু সামাজিক দূৰত্ব পালনৰ আহ্বানক ধোঁৱা চাঙত তুলি ৰাজহুৱা স্থানত উপভোক্তা ৰাইজক একগোট কৰি গেছ চিলিণ্ডাৰ বিতৰণৰ ব্যৱস্থা কৰাত সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

হৰিশিঙা ৰাজহ চক্ৰ বিষয়া আৰু টংলা আৰক্ষীক এইক্ষেত্ৰত ৰাইজে অভিনন্দন গেছ এজেন্সীটোৰ মইমতালিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ৷ এইক্ষেত্ৰত খাদ্য আৰু অসামৰিক যোগান বিভাগটোৰ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাত কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ কৰ্তব্য নিষ্ঠাৰ প্ৰতিও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ৷