মুখ্য-পৃষ্ঠা

নৰেন্দ্ৰ মোডীয়ে ছ’চিয়েল মিডিয়াৰ একাউন্ট কিয় অৰ্পণ কৰিলে এইগৰাকী নাৰীক…

asomiyapratidin

ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসত পুৱাই প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে যে, তেওঁৰ সকলো ব্যক্তিগত ছ'চিয়েল মিডিয়া একাউন্ট পৰিচালনা কৰিব ৭ গৰাকী বিশেষ নাৰীয়ে। এই ৭ গৰাকী নাৰীয়ে মোডীৰ ছ'চিয়েল মিডিয়া একাউন্ট নিজৰ জীৱন কাহিনী দৰ্শকক জনাব বুলিও তেওঁ এক টুইটাৰ পোষ্ট কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰেই তেওঁৰ ছ'চিয়েল মিডিয়া একাউন্টত প্ৰথমগৰাকী নাৰীয়ে বৰ্ণনা কৰিলে তেওঁৰ জীৱন কাহিনী। স্নেহা মোহন নামৰ চেন্নাইৰ এগৰাকী মহিলাই মোডীৰ ফেচবুক, ইষ্টাগ্ৰাম আৰু টুইটাৰ একাউন্টত আপলোড কৰিলে নিজৰ জীৱন কাহিনী।

প্ৰধানমন্ত্ৰী মোডীয়ে চেন্নাইৰ স্নেহাক কিয় ছ'চিয়েল মিডিয়া একাউন্ট অৰ্পণ কৰিলে তাক লৈও বিশেষ চৰ্চা হৈছে। দৰাচলতে স্নেহাই বিগত বহুকেইটা বছৰ ধৰি লক্ষাধিক লোকক যোগান ধৰি আহিছে খাদ্য। ২০১৫ চনত চেন্নাইত বানপীড়িত লোকক সহায়ৰ উদ্দেশ্যৰে আৰম্ভ হৈছিল স্নেহাৰ এই অভিযান।

স্নেহাৰ লক্ষ্য হ'ল যে, দেশৰ কোনো নাগৰিক যাতে ভোকাতুৰ হৈ থাকিব লগীয়া নহয় তাৰ বাবে সমগ্ৰ দেশতে এক জাগৰণ সৃষ্টি কৰা। মোডীৰ ছ'চিয়েল মিডিয়া একাউন্টত ভিডিঅ শ্বেয়াৰ কৰি স্নেহাই কয়, দেশৰ দৰিদ্ৰ লোকসকলক লৈ সকলোৱে একেলগে আগবাঢ়ি যোৱাৰ সময় এয়া। এই কামৰ বাবে প্ৰেৰণা মোৰ মাৰ পৰা লাভ কৰিছো।'

স্নেহাই লগতে জনায় যে, ফেচবুকৰ জৰিয়তেই স্নেহাই এই যাত্ৰা আৰম্ভ কৰিছিল। ফুড বেংক নামৰ এটা ফেচবুক পেজ তেওঁ প্ৰথমে খুলি বিভিন্ন লোকক এই যাত্ৰাৰ সৈতে জড়িত কৰিছিল। স্নেহাৰ এই পদক্ষেপ আৰু আহ্বানৰ পাছতেই সমগ্ৰ দেশত ১৮ টা স্থানত ফুড বেংক খোলা হৈছে। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাতো খোলা হৈছে এটা ফুড বেংক।