মুখ্য-পৃষ্ঠা

দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…

asomiyapratidin

ডিজিটেল ডেস্কঃ উত্তৰ পূব দিল্লীত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ মাজতে এছএন শ্ৰীবাস্তৱক দিল্লী আৰক্ষীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ১৯৮৫ বৰ্ষৰ আইপিএছ বিষয়া শ্ৰীবাস্তৱ ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰত চিআৰপিএফত কৰ্মৰত আছিল। দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত তেওঁক দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত (আইন শৃংখলা) হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে, এছএন শ্ৰীবাস্তৱ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ দায়িত্বতো আছিল পূৰ্বে। আৰু সেই সময়ত আইপিএল মেছ ফিক্সিঙৰ কেলেংকাৰী পোহৰলৈ আনিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ দিল্লী আৰক্ষীৰ আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰা শ্ৰীবাস্তৱে শনিবাৰে তেওঁৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।

প্ৰণিধানযোগ্য যে, দিল্লী আৰক্ষীৰ বৰ্তমানৰ আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কে ২৯ ফেব্ৰুৱাৰীত পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব। দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তেওঁৰ কাৰ্যকাল এমাহ বৃদ্ধি কৰা হৈছিল। ২৯ ফেব্ৰুৱাৰীত তেওঁৰ কাৰ্যকালৰ অন্ত পৰাৰ পিছতে এছএন শ্ৰীবাস্তৱে তেওঁৰ পদত দায়িত্বভাৰ গ্ৰহণ কৰিব।