মুখ্য-পৃষ্ঠা

হাতত ‘তৰোৱাল’ লৈ মঞ্চত স্মৃতি ইৰাণীৰ মুখত ৰাহুল গান্ধীৰ নাম! VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বস্ত্ৰশিল্প, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে শুকুৰবাৰে ভাগ লয় তৰোৱাল ৰাসত। গুজৰাটৰ ভাবনগৰত আয়োজিত পৰম্পৰাগত নাচত ভাগ লয় মন্ত্ৰীগৰাকীয়ে। মঞ্চৰ কাষত বহি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠান উপভোগ কৰি আছিল। সেই সময়তে নাচত অংশ লোৱা যুৱতীসকলৰ কাষলৈ আহি ৰ'ব নোৱাৰি তেওঁ নিজেও নাচে।

হাতত তৰোৱাল তুলি লৈ মন্ত্ৰীগৰাকীয়েও এই নাচত ভাগ লোৱাৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। অনুষ্ঠানটোত উপস্থিত আছিল গুজৰাটৰ বিজেপি সভাপতি জিতু ভাঘানী আৰু লোকসভাৰ সাংসদ ভাৰতীবেন সিয়াল।

স্বামী নাৰায়ণ গুৰুকুলত আয়োজিত এই অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীকো সমালোচনা কৰে। তেওঁ কেনেকৈ ৰাহুল গান্ধীক আমেঠিত পৰাজিত কৰিছিল সেই কথা কয় উপস্থিত লোকসকলক।