মুখ্য-পৃষ্ঠা

যিয়ে আমাৰ বিধায়কক ভাবুকি প্ৰদান কৰে, তাৰ মূৰ আৰু ভৰি ভাঙিমঃ শিৱসেনা

asomiyapratidin

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনক লৈ সৃষ্টি হোৱা ৰাজনৈতিক পৰিস্থিতিৰ মাজত বিজেপিৰ বিৰুদ্ধে বিধায়ক ক্ৰয়ৰ অভিযোগ উঠিছে। শিৱসেনাৰে মিত্ৰতা প্ৰায় অন্ত পৰাৰ পিছত বিজেপিৰ বিৰুদ্ধে বিধায়ক ক্ৰয়ৰ অভিযোগত সৰৱ হৈ পৰিছে শিৱসেনাকে ধৰি অন্য ৰাজনৈতিক দলসমূহ। আনহাতে ৰাজ্যখনৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে অন্য দলৰ বিধায়কক আক্ৰমণ কৰাৰো আংশকা ব্যক্ত কৰিছে কংগ্ৰেছ, এনচিপি আৰু শিৱসেনাই। তেনে এক পৰিস্থিতিতে শিৱসেনাৰ বিধায়ক আব্দুল চাট্টাৰে শিৱসেনাৰ বিধায়কক ভাবুকি দিয়াৰ চেষ্টা কৰা সকলৰ হাত-ভৰি ভাঙি পেলোৱা হ'ব বুলি মন্তব্য কৰে।

বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আব্দুল চাট্টাৰে কয়, 'কোনোবাই যদি শিৱসেনাৰ বিধায়কক ক্ৰয়ৰ চেষ্টা বা ভাবুকি প্ৰদান কৰে, তেন্তে আমি তাৰ মূৰ ভাঙি পেলাম। কেৱল মূৰেই নহয়, আমি তেওঁৰ ভৰি ভাঙিও ভাঙি লেঙেৰা কৰিম। কিন্তু তাৰ পিছত আমি দৰৱৰো ব্যৱস্থা কৰিম। হাত-ভৰি ভঙাৰ পিছত তেওঁক হাস্পতাললৈ নিবৰ বাবে শিৱসেনাই এম্বুলেন্স সাজু কৰিব ৰাখিব।'

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ চলা চৰ্চাৰ মাজতে বৃহস্পতিবাৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে ৰাজ্যখনৰ চৰকাৰ গঠনৰ কাম ইতিমধ্যে আৰম্ভ হোৱা বুলি মন্তব্য কৰে। শুকুৰবাৰে অনুষ্ঠিত হ'বলগা কংগ্ৰেছ-এনচিপিৰ মাজৰ বৈঠকত ৰাজ্যখনৰ ত্ৰিদলীয় মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। তাৰ পিছতে বৰ্তমান ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা মহাৰাষ্ট্ৰত শিৱসেনা-এনচিপি-কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি একপ্ৰকাৰ দাবী কৰিছে সঞ্জয় ৰাউটে।