মুখ্য-পৃষ্ঠা

কাশ্মীৰতকৈও বেয়া পশ্চিম বংগৰ পৰিৱেশ! এন আৰ চি হ’বইঃ হুংকাৰ দিলীপ ঘোষৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পিছত এইবাৰ পশ্চিম বংগত এন আৰ চি প্ৰস্তুতক লৈ সৃষ্টি হৈছে তীব্ৰ বাক-বিবাদৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এন আৰ চিৰ বিৰোধিতাৰে সৰৱ হৈ আছে। আনকি বৃহস্পতিবাৰে এন আৰ চিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি পশ্চিম বংগত কোনোপধ্যেই এন আৰ চি প্ৰস্তুত কৰিবলৈ দিয়া নহয় বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মমতা বেনাৰ্জীয়ে কয়, 'বিজেপিয়ে কৈছে পশ্চিম বংগত এন আৰ চি প্ৰস্তুত কৰিলে ২ কোটি মানুহক বাদ দিয়া হ'ব। মই কও, যদি সাহস আছে এজন বঙালীৰ গাত হাত দি দেখাওক।'

ইফালে মমতাৰ এই হুংকাৰৰ পিছতে আক্ৰমণাত্মক হৈ পৰিছে বিজেপিও। বৃহস্পতিবাৰে মমতা বেনাৰ্জীৰ মন্তব্যৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে এক সংবাদ মেল সম্বোধন কৰে। সংবাদমেলত তেওঁ কয়, 'পশ্চিম বংগত এন আৰ চি হ'বই। বংগত অনুপ্ৰৱেশকাৰীক বিজেপিয়ে থাকিবলৈ নিদিয়ে।' নিৰ্বাচনত ভোটৰ ৰাজনীতি খেলিয়েই মমতা বেনাৰ্জীয়ে এন আৰ চিৰ বিৰোধিতা কৰি ৰাজপথত নমা বুলি মন্তব্য কৰে দিলীপ ঘোষে। এতিয়া পশ্চিমবংগৰ পৰিৱেশ কাশ্মীৰতকৈও বেয়া বুলি কয় দিলীপ ঘোষে।