মুখ্য-পৃষ্ঠা

হায়দৰাবাদৰ দৰেই উন্নাও কাণ্ডৰ দোষীকো কৰিব লাগে এনকাউন্টাৰঃ নিৰ্যাতিতাৰ পিতৃৰ দাবী…

asomiyapratidin

ডিজিটেল ডেস্কঃ উন্নাৱত দেহৰ ৯০ শতাংশ দগ্ধ হৈ হাস্পতালত চিকিৎসাধীন অৱস্থাত যুৱতীৰ মৃত্যুৰ পিছতে উত্তাল হৈ পৰিছে সমগ্ৰ উত্তৰ প্ৰদেশ। দোষীক শীঘ্ৰে মৃত্যুদণ্ড বিহাৰ দাবীত জনতাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে বিজেপি চৰকাৰৰ বিফলতাৰ বাবেই এই কাণ্ড সংঘটিত হোৱা বুলি দাবী কৰিছে বিৰোধীয়ে। উন্নাৱৰ গণ ধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ চিকিৎসালয়ত মৃত্যুৰ পাছত মুখ্যমন্ত্ৰী আদিত্যনাথে শোক ব্যক্ত কৰি ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ আশ্বাস দিছে।

কিন্তু মুখ্যমন্ত্ৰীৰ এই আশ্বাসতে আস্বস্ত হোৱা নাই জনতা। অপৰাধীক মৃত্যুদণ্ড বিহি নিৰ্যাতিতাৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত শনিবাৰে উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী মিছিল বাহিৰ কৰা হয়। ইফালে দিল্লীত উন্নাৱৰ ঘটনাৰ প্ৰতিবাদত মমবাতি জ্বলাই বাহিৰ কৰা সমদলৰ সময়ত আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হয় একাংশ প্ৰতিবাদকাৰী। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামৰ সমীপত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ আৰক্ষীয়ে লাঠিচালনা কৰাৰ পিছতে একাংশ প্ৰতিবাদকাৰী জপিয়াই পৰে আৰক্ষীৰ ওপৰত। পিছত শীৰ্ষ আৰক্ষী বিষয়াৰ হস্তক্ষেপত পৰিস্থিতি শাম কাটে।

আনফালে দেওবাৰে নিৰ্যাতিতাৰ ভগ্নীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী আদিত্যনাথে নিৰ্যাতিতাৰ পৰিয়ালটোক সাক্ষাৎ কৰাৰ দাবী জনায়। তেওঁ কয়, 'আমি পৰিয়ালৰ সদস্য হেৰুৱাইছে। তাইক হত্যা কৰাসকলক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাটো আমি বিচাৰো। মুখ্যমন্ত্ৰীয়ে আমাক সাক্ষাৎ কৰক আৰু চৰকাৰৰ সিদ্ধান্ত জনাওক।' নিৰ্যাতিতাৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে এটা চৰকাৰী সংস্থাপনো বিচাৰে নিৰ্যাতিতাৰ ভগ্নীয়ে।

নিৰ্যাতিতাৰ পিতৃয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেলেংগানা এনকাউণ্টাৰৰ দৰেই উন্নাৱ কাণ্ডৰ দোষীকো এনকাউণ্টাৰত হত্যা কৰাৰ দাবী জনায়। তেওঁ কয়, 'আমাৰ বাবে সেয়াই ক্ষীপ্ৰ ন্যায় হ'ব, যদিহে তেলেংগানাৰ দৰে আমাৰ কন্যাৰ হত্যাকাৰীকো এনকাউণ্টাৰত মাৰি পেলোৱা হয়।'

উল্লেখ্য যে, ২০১৮ চনৰ ডিচেম্বৰত উন্নাৱত গণধৰ্ষণৰ বলি হৈছিল যুৱতীগৰাকী। সেই ধৰ্ষণ কাণ্ডৰে শুনানিৰ বাবে বৃহস্পতিবাৰে পুৱা তেওঁ ৰায়বৰেলীৰ আদালতলৈ ৰাওনা হৈছিল। কিন্তু বিহাৰ গাঁও অতিক্ৰম কৰাৰ পিছতে নিৰ্যাতিতা যুৱতীগৰাকীক ওপৰত আক্ৰমণ চলায় জামিনত মুক্তি লাভ কৰা ধৰ্ষণ কাণ্ডৰ অভিযুক্ত আৰু সংগীয়ে। অভিযুক্তই যুৱতীগৰাকীৰ গাত কেৰাচিন ঢালি জ্বলাই দিয়াত দেহৰ ৯০ শতাংশ পোৰা যায় আৰু দিল্লীৰ সফদৰজং হাস্পতালত শুকুৰবাৰে যুৱতীগৰাকীৰ মৃত্যু ঘটে। ইফালে যুৱতীগৰাকীয়ে মৃত্যুৰ পূৰ্বে আৰক্ষীক প্ৰদান কৰা ভাষ্য অনুসৰি ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।