মুখ্য-পৃষ্ঠা

দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন…

asomiyapratidin

ডিজিটেল ডেস্ক : দেশৰ লগতে ৰাজধানী দিল্লীত বৃদ্ধি পাইছে কোভিড সংক্ৰমন । কোভিডৰ সংক্ৰমনৰ লগতে ৰাজধানী খনত অক্সিজেনৰ নাটনিয়ে এক ভয়াবহ ইংগিত দাঙি ধৰিছে । দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ে শুকুৰবাৰে অৰবিন্দ কেজৰিৱাল চৰকাৰলৈ এছঅ'এছ প্ৰেৰণ কৰি কয় যে চিকিৎসালয় খনত ২ ঘন্টাৰ বাবে অক্সিজেন আছে আৰু ৬০ গৰাকী ৰোগীৰ জীৱন বিপদত আছে ।

আনহাতে চিকিৎসালয় খনৰ সঞ্চালকে কোৱা অনুসৰি "চিকিৎসালয়ত বিগত ২৪ ঘণ্টাত ২৫ জন ৰোগীৰ মৃত্যু হৈছে। অক্সিজেন সেৱা মাত্ৰ ২ ঘণ্টাৰ বাবে উপলব্ধ থাকিব। ইফালে ভেণ্টিলেটৰ আৰু বিপাপে সঠিক ভাবে কাম কৰা নাই। অক্সিজেন জৰুৰীভাৱে বিমানেৰে নিয়াৰ প্ৰয়োজন। অক্সিজেনৰ অভাব হ'লে ৬ জন ৰোগী জীৱন বিপদত পৰিব ।