মুখ্য-পৃষ্ঠা

অৱসৰ সন্দৰ্ভত এম এছ ধোনীক উদ্দেশ্যি টুইট জনপ্ৰিয় গায়িকা লতা মংগেশকাৰৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃবৰ্তমান ব্যাপক চৰ্চাত আছে ভাৰতীয় ক্ৰিকেট খেলুৱৈ এম এছ ধোনীৰ অৱসৰ বিষয়টো। ছ'চিয়েল মিডিয়াত প্ৰায়ে চৰ্চা হৈছে যে, ক্ৰিকেট বিশ্বকাপ-২০১৯ৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত পৰাস্ত হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় মেচৰ পৰা খেলুৱৈগৰাকীয়ে ল'ব অৱসৰ।

বহুজনে #ThankYouMSD লিখাৰ লগতে ক্ৰিকেট প্ৰেমীসকলে নিজৰ প্ৰিয় খেলুৱৈগৰাকীক লৈ বহু টুইট কৰিছে। তাৰমাজতে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী জ্যেষ্ঠ গায়িকা লতা মংগেশকাৰৰ এটা টুইটে। কিয়নো টুইটটোত জ্যেষ্ঠ গায়িকাগৰাকীয়ে এম এছ ধোনীক আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ নল'বলৈ অনুৰোধ জনাইছে।

লতা মংগেশকাৰে মহেন্দ্ৰ সিং ধোনীক ক্ৰিকেটৰ পৰা সন্যাস ল'বলৈ লোৱা চৰ্চিত বিষয়টো সন্দৰ্ভত টুইটাৰত লিখে- 'নমস্কাৰ এম এছ ধোনী। আজি-কালি প্ৰায়ে শুনিবলৈ পাইছো যে আপুনি হেনো অৱসৰ ল'ব বিচাৰিছে। অনুগ্ৰহ কৰি আপুনি এইবোৰ নাভাবিব। দেশক আপোনাৰ খেলৰ প্ৰয়োজন।আৰু ময়ো বিচাৰো যে আপুনি খেলৰ পৰা যেন অৱসৰ নলয়।' গায়িকাগৰাকীয়ে কৰা এই টুইটটো বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে বহুজনে ইয়াত প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে।

উল্লেখ্য যে, বিশ্বকাপ-২০১৯ৰ ছেমিফাইনেলত পৰাজয় হোৱাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে কয় যে- 'বাহিৰৰ পৰা চাই থকাটো অতি সহজ। আমি প্ৰায়ে কওঁ যে এইটো কৰিব পাৰিলেহেঁতেন, সেইটো কৰিব পাৰিলেহেঁতেন। কিন্তু মেচখনত জাদেজাই ভাল খেল খেলিছিল। এজন খেলুৱৈয়ে এফালে বেছি ৰান কৰিব লাগে, আৰু আনজনে লাহে লাহে ৰান সংগ্ৰহ কৰিব লাগে। তেতিয়া বেছি ৰান সংগ্ৰহ কৰিব পাৰি।'