মুখ্য-পৃষ্ঠা

সৰীসৃপ সংৰক্ষণত সজাগতাঃ ‘সৰ্পবন্ধু’ হিচাপে পৰিচিত শিমলুগুৰি ৰামপুৰৰ অভিজিৎ বৰা…

asomiyapratidin

সৰীসৃপ সংৰক্ষণত সজাগতাঃ 'সৰ্পবন্ধু' হিচাপে পৰিচিত শিমলুগুৰি ৰামপুৰৰ অভিজিৎ বৰা…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ সৰীসৃপ সংৰক্ষণেৰে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ শিমলুগুৰিৰ এজন যুৱকে। তেওঁ হৈছে অসম অৰুণাচল সীমান্তৱতী ২ নং ৰামপুৰৰ দিলিপ বৰাৰ পুত্ৰ অভিজিত বৰা। ২০১৪ চনতে সৰীসৃপ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ গ্ৰহণ কৰি বিগত ৫ বছৰে সহযোগী শ্ৰীমন্ত আৰু মাধুৰ্যৰ সৈতে সৰীসৃপ সংৰক্ষণ কৰাৰ লগতে ৰাইজৰ মাজত সৰীসৃপ সংৰক্ষণৰ সজাগতা সৃষ্টি কৰি আহিছে ৷ সাপৰ পৰা মানুহক আৰু মানুহৰ পৰা সাপক বচোৱাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তত অভিজিতৰ লগতে দুই বন্ধু নিয়োজিত হৈ আহিছে ৷

কাৰোবাৰ ঘৰৰ ভিতৰত যদি সাপ সোমাই অভিজিতক খবৰ দিয়াৰ লগে লগে সাপটো ধৰি আনি বন বিভাগক চমজাই বা চেঁচা পাহাৰত এৰি দিয়াৰ ব্যৱস্থা কৰে ৷ অভিজিতে জানিব দিয়া মতে বৰ্তমান সময়ত ভাৰতত ২০-২৫ বিধহে বিষাক্ত সাপ আছে ৷ বিভিন্ন সময়ত বিষাক্ত নোহোৱা সাপে খুটিলেও একাংশ ৰাইজ ভয়ৰ বশবৰ্তী হৈ মৃত্যুক আকোঁৱালি লয় ৷ সাপে খুটীলে আজিও একাংশ ৰাইজ বেজৰ ওপৰত বিশ্বাস কৰে ৷

এই সন্দৰ্ভত সৰ্পবন্ধু অভিজিতে কয় যে-এইয়া কেৱল অন্ধবিশ্বাস ৷ এনে বেজ বা বাবই বিষাক্ত সাপে কামুৰিলে বচাব নোৱাৰে সেইজন ব্যক্তিক বচাব পাৰিব যিজনক বিষ নথকা সাপে কামুৰিছে ৷গতিকে সাপে কামুৰাৰ লগে লগে অতিশীৰ্ঘে চিকিৎসালয়লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে ৷ য'ত বিষাক্ত সাপৰ এন্টি ভেনম প্ৰতিষেধক উপলব্ধ ৷ প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ স্বাৰ্থত সাপ বা সৰীসৃপ প্ৰাণী জীয়াই থকাটো অতি প্ৰয়োজন ৷

সাপে বিষাক্ত গেছ সেৱন কৰি মানৱ সমাজক বিপদৰ পৰা উদ্ধাৰ কৰি আহিছে ৷ ইয়াৰ বাবে আমি সকলোৱে এইসমূহ প্ৰাণী মাৰিব নাপায় ৷ জীয়াই ৰাখিব লাগে বুলিও অভিজিতে অৱগত কৰে ৷ উল্লেখ্য,সাপে কামোৰা অংশখিনি প্ৰত্যক্ষ কৰিলেই অভিজিতে গম পাই কি প্ৰজাতিৰ সাপে খুটীছে ৷

"সৰ্পবন্ধু" হিচাপে পৰিচিত অভিজিতে বিভিন্ন প্ৰান্তৰ এহেজাৰ বিধতকৈও অধিক সৰীসৃপক বন বিভাগৰ সহযোগত প্ৰকৃতিৰ বুকুত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। যি সময়ত এচাম লোকে প্ৰকৃতিৰ বিলুপ্তপায় প্ৰাণী সমূহ নিঃশেষ কৰাত উঠি পৰি লাগিছে তেনে সময়তে নাৰায়ণপুৰৰ এই তিনি যুৱকজনে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰা কাৰ্য সঁচাই প্ৰশংসনীয় ৷ অভিজিতৰ লগত ৬০০২০৫০৪৮০ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব ৷