মুখ্য-পৃষ্ঠা

ধূপধৰাৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ধূপধৰাৰ শংকৰদেৱ শিশু নিকেতনৰ পঁচিশ বৰ্ষ পুৰ্তি উপলক্ষে অহা ২৮ আৰু ২৯ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰা হ'ব। ৰূপালী জয়ন্তী উৎসৱৰ বাবে প্ৰস্তুতি চলি থকাৰ উপৰি ৰূপালী জয়ন্তী কাৰ্যসূচী ৰূপায়নৰ বাবে ইতিমধ্যে এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হৈছে ৷

প্ৰচাৰ উপ সমিতিয়ে জানিবলৈ দিয়ামতে বিশিষ্ট সমাজকৰ্মী যোগনাৰায়ণ পাঠকক সভাপতি, ড° বিভূতি কলিতাক কাৰ্যকৰী সভাপতি, সুবোধ কলিতা আৰু তাজমহল হুছেইনক উপ সভাপতি, অজিত হাজোৱাৰীক সম্পাদক আৰু চিবেন বড়ো আৰু ইনামুল আহমেদক সহকাৰী সম্পাদক হিচাপে লৈ এঘাৰখন উপ সমিতিৰে আদৰণি সমিতিখন গঠন কৰা হৈছে ৷

ইফালে এই ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ যো-জা চলোৱা হৈছে ৷ উক্ত স্মৃতিগ্ৰন্থত প্ৰকাশৰ বাবে শিক্ষা বিষয়ক আৰু নিকেতনৰ বিভিন্ন দিশ সামৰি লেখা আহ্বান জনোৱা হৈছে ৷ ইচ্ছুক ব্যক্তিসকলক অহা ত্ৰিশ ছেপ্টেম্বৰৰ ভিতৰত এই বিষয়ৰ লেখা হোৱাটচ্এপ নম্বৰ ৯১০১৬৮৫৫১২ বা ই-মেইল kalitajayantakumar1@gmail ঠিকনাত প্ৰেৰণ কৰিবলৈ ৰূপালী জয়ন্তী উৎসৱৰ স্মৃতিগ্ৰন্থ উপ সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ কলিতাই আহ্বান জনাইছে ৷