মুখ্য-পৃষ্ঠা

কাজিৰঙাত শিল্পী দিৱস পালন

Asomiya Pratidin

ডিজিটেল সংবাদ,কাজিৰঙাঃ কাজিৰঙাত আঞ্চলিক শিল্পী দিৱস পালন। প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাতা তথা সুন্দৰৰ পূজাৰী, অসমৰ সমাজ, সাহিত্য আৰু সংস্কৃতিক নৱৰূপ দিয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি তেওঁৰ পৱিত্ৰ মৃত্যুতিথিত শ্ৰদ্ধাৰে সুঁৱৰিছে কাজিৰঙাবাসীয়ে ৷

কাজিৰঙাৰ যুৱক-যুৱতীৰ উদ্যোগত কাজিৰঙা চেপেনাকোবোৱা নাট্য মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙা আঞ্চলিক শিল্পী দিৱস পালন কৰে ৷ অনুষ্ঠানৰ পতাকা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী লীলাধৰ গগৈয়ে ৷

ইয়াৰ পাছতে চিত্ৰাংকন,ৰচনা,কবিতা আবৃত্তি,আকস্মিক বক্তৃতা,ভেকশ্যন,জ্যোতিসংগীত প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় ।প্ৰতিযোগিতাত শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ সন্ধিয়াৰ ভাগত 'গীতে মাতে এনিশা' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব উদীয়মান কণ্ঠশিল্পী ভিতালী গগৈ আৰু ৰুবোল ভূঞাঁই ৷