মুখ্য-পৃষ্ঠা

হঠাৎ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ সোমবাৰে আবেলি আকস্মিকভাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্হিত হয় স্বাস্হ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ SMC হাস্পতাল পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে কোভিড-১৯ হস্পিতালত চিকিৎসাধীন হৈ থকা কোৰোনাত আক্ৰান্ত ৰোগী জামাল উদ্দিন আৰু চজিবুৰ ৰহমানৰ স্বাস্হ্যৰ বুজ লোৱাৰ লগতে আইছোলেছনত থকা লোক সকলৰো স্বাস্থ্য বুজ লয়।

ইয়াৰ পূৰ্বে কাছাৰ জিলা স্বাস্হ্য বিভাগ, SMCH কতৃপক্ষ, জিলা প্ৰশাসন, মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, সাংসদ ডা০ ৰাজদীপ ৰয়সহ ৬বিধায়কৰ উপস্হিতিত SMCH ৰ প্ৰেক্ষাগৃহত আয়োজিত এক বৈঠকত কাছাৰ জিলাৰ কোৰোনা সংক্ৰান্তীয় তথ্যৰ পৰ্যালোচনা কৰে৷ কাছাৰত যদি কোৰোনা আক্ৰান্ত ৰোগী সংখ্যা দ্ৰুত বৃদ্ধি পায় তাৰ বাবে সকলোকে সষ্টম থাকিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী ড০ শৰ্মাই ৷

পৰিস্হিতি অধিক ভয়ংকৰ হলে নতুনকৈ কোৱাৰেন্টাইন চেন্টাৰ খোলাৰো নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পিচত আৱৰ্ত ভৱনলৈ গৈল মন্ত্ৰী গৰাকীয়ে বিভিন্ন সংগঠন আৰু অনুষ্ঠানে আৰোগ্য নিধিলৈ আগবঢ়োৱা কেইবা লাখ টকাৰ চেক গ্ৰহণ কৰে ৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত শিলচৰ ভ্ৰমণ সন্দৰ্ভত কোনো মন্তব্য নিদিলে মন্ত্ৰী গৰাকীয়ে৷ নিশাই পুনৰ গুৱাহাটীলৈ উভতে স্বাস্থ্যমন্ত্ৰীগৰাকী।