মুখ্য-পৃষ্ঠা

শিলচৰত ৫লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ জব্দঃ ধৃত এগৰাকী মহিলা…

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শিলচৰ আৰক্ষীয়ে সোমবাৰে বুজণ পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু নিচা জাতীয় টেৱলেট জব্দ কৰে ৷ তাৰাপুৰ যোগেশ ৰোডৰ এটি বাসগৃহত স্নিফাৰ ডগৰ সহায়ত চলোৱা অভিযানত ব্ৰাউন চুগাৰ ভৰ্তি ১৫টা চাবোনৰ কেছ জব্দ কৰে আৰক্ষীয়ে ৷

শিলচৰ সদৰৰ উপ আৰক্ষী অধীক্ষক ভাৰ্গৱ গোস্বামী আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিতুমনি গোস্বামী আৰু তাৰাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যাদব ডেকাৰ নেতৃত্বত চলা এই অভিযানত 30 টা নিচা জাতীয় কেপচুল আৰু ১৮৫ টা খালী কন্টেনাৰো জব্দ কৰা হয় ৷

নিষিদ্ধ এই ব্ৰাউন চুগাৰ মজুত ৰখাৰ অভিযোগত মীলা চক্ৰৱৰ্তী নামৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয় ৷ মুলত মনিপুৰৰ বাসিন্দা মীলা চক্ৰৱৰ্তীয়ে দীৰ্ঘ দিন ধৰি তাৰাপুৰ গিৰীশ ৰোডৰ এই ঘৰটোত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ বাজেয়াপ্ত কৰা ব্ৰাউন চুগাৰ খিনিৰ মুল্য প্ৰায় পাচ লক্ষাধিক টকা হব বুলি সদৰ কৰে উপ আৰক্ষী অধীক্ষক ভাৰ্গৱ গোস্বামীয়ে ৷