মুখ্য-পৃষ্ঠা

কাছাৰত অবৈধ কাঠৰ মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ,শিলচৰঃ অবৈধ কাঠৰ মিলৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ বন বিভাগে বুধবাৰে বুজণ পৰিমাণে মূল্যৱান কাঠ জব্দ কৰে ৷ ধলাই সমষ্টিৰ মনিৰখাল ৰেঞ্জৰ ৰেঞ্জাৰ চিৰঞ্জীৱ জৈনৰ নেতৃত্বত চলোৱা অভিযানত ধনীপুৰ গাৱৰ এই নিষিদ্ধ কাঠফলা কলটোৰ পৰা এই কাঠ খিনি জব্দ কৰা হয় ৷

কাঠখিনিৰ পৰিমাণ 1800 চিউ ফুট বুলি সদৰী কৰে বন বিভাগে ৷ লগতে এটি নিষিদ্ধ কাঠফলা জেনেৰেটৰ, এখন কাঠভৰ্তি মিনি ট্ৰাক জব্দ কৰা হয় ৷ ইফালে, বন বিভাগৰ লোক উপস্হিত হোৱাৰ উমান পাই কাঠৰ কলটোৰ গৰাকী আৰু কাঠৰ চোৰাং ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয় ৷