মুখ্য-পৃষ্ঠা

এনআৰচিত বিদেশীৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ, শিলচৰত এবিভিপিৰ প্ৰতীক হাজেলা মুৰ্দাবাদ ধ্বনি

asomiyapratidin

ডিজিটেল সংবাদ, শিলচৰঃ এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্তি হোৱাৰ অভিযোগ কৰি এ বি ভি পিয়ে বুধবাৰে শিলচৰত বিক্ষোভ প্ৰদৰ্শন কৰে৷ এন আৰ চিৰ পৰা বিদেশীৰ নাম কৰ্তনৰ দাবীত ছাত্ৰ সংগঠনটোৱে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে৷ এন আৰ চিত বিদেশীৰ নাম অন্তৰ্ভুক্তি হোৱা বুলি অভিযোগ কৰি এ বি ভি পিয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাকে দায়ী কৰে।

প্ৰতীক হাজেলাৰ বিৰুদ্ধে অভিযোগ তুলি সংগঠনটোৱে "প্ৰতীক হাজেলা মুৰ্দাবাদ", "প্ৰতীক হাজেলা হায় হায়" আদি ধ্বনি দি পৰিস্হিতি উত্তাল কৰে৷ এখন বিদেশী মুক্ত এন আৰ চি প্ৰকাশ কৰাৰ বাবে হাজেলাৰ ওচৰত দাবী জনায় সংগঠনটোৱে৷

৩১ আগষ্টত প্ৰকাশ পাব লগা এন আৰ চিত এজনো বিদেশীৰ নাম প্ৰকাশ পালে সংগঠনটোৱে বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ দিয়ে। ইয়াৰ পূৰ্বে ৰাংগিৰ খাৰীৰ পৰা এক সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্হিত হয় সংগঠনটো৷ বিক্ষোভৰ পিছত সংগঠনটোৱে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ একোখন ষ্মাৰক প্ৰেৰণ কৰে৷