মুখ্য-পৃষ্ঠা

শিখৰ ধাৱানৰ অবিহনেই বিশ্বকাপত বৃহস্পতিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত, চাওক VIDEO

asomiyapratidin

ইংলেণ্ডৰ বিশ্বকাপত বৃহস্পতিবাৰ অৰ্থাৎ ১৩ জুনত নিউজিলেণ্ডৰ বিৰুদ্ধে ৰণত নামিব টীম ইণ্ডিয়া।ইতিমধ্যে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাক প্ৰথম দুখন মেচত পৰাস্ত কৰি আত্মবিশ্বাসৰ তুংগত আছে কোহলী বাহিনী। সুন্দৰ ফৰ্মত আছে ৰোহিত শৰ্মা, হাৰ্ডিক পাণ্ডিয়া, কোহলী, ধোনী।

প্ৰথম দুখন মেচতেই যশপ্ৰীত বুমৰাহ, যুজবেন্দ্ৰ চহলে বিপক্ষ দলৰ বেটছমেনক শ'লঠেকত পেলাই সুন্দৰ বলিঙেৰে বিশ্বকাপৰ সপোন অধিক সজীৱ কৰি তুলিছে। তেওঁলোকক সহযোগ কৰিছে কুলদ্বীপ যাদৱে। কিন্তু তাৰ মাজতে ভাৰতীয় শিৱিৰত ছানি ধৰিছে নিৰাশাই।

অপেনিং কৰিবলৈ অহা শিখৰ ধাৱান আৰু ৰোহিত শৰ্মাৰ যুটীয়ে প্ৰথম দুখন মেচত সুন্দৰ আৰম্ভণি দিছিল যদিও নিউজিলেণ্ডৰ বিৰুদ্ধে বৃহস্পতিবাৰে হ'বলগা মেচত ক্ৰিকেট প্ৰেমীয়ে দেখা নাপাব শিখৰ ধাৱানক। আঙুলিৰ আঘাতৰ বাবে ইতিমধ্যে খেল পথাৰৰ পৰা বাহিৰ হ'বলগা হোৱা শিখৰ ধাৱানৰ স্থানত টীম ইণ্ডিয়াৰ হৈ কোনে অপেনিং কৰিব তাক লৈও ভাৰতীয় শিৱিৰত চলিছে মন্ত্ৰণা।

তাৰ মাজতে বুধবাৰে অনুশীলনত নামে টীম ইণ্ডিয়া। অনুশীলনৰ সময়ত দেখা পোৱা গ'ল শিখৰ ধাৱানকো। অৱশ্যে তেওঁ অনুশীলনত অংশ লোৱাৰ সলনি সতীৰ্থ খেলুৱৈ সকলক খেলপথাৰত সংগ দে দিলে।

চিকিৎসকৰ মতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলোতে বেটিঙৰ সময়ত আঙুলিত আঘাত পোৱা শিখৰ ধাৱানে অতি কমেও ১০-১৫ দিন বিশ্ৰাম ল'ব লাগিব।